ডিজিটেল ডেস্কঃ শুকুৰবাৰৰ ৰেনচামৱেৰ ভাইৰাছৰ পিছত এইবাৰ ৰেষ্টুৰেণ্ট চাৰ্ছ আৰু ফুড ডেলিভাৰী অনলাইন কোম্পানী জমেটো (Zomato)ৰ ৱেবছাইট হেক কৰিছে হেকাৰে। জমেটোৰ কৰ্তৃপক্ষই এই কথা জানিবলৈ দিছে যে ১ কোটি ৭০ লাখ ইউজাৰৰ ইমেইল আইডি, পাছৱৰ্ড আৰু ম’বাইল নম্বৰ ডাটাবেছৰপৰা চুৰ কৰিছে হেকাৰে।

অৱশ্যে ইয়াৰপৰা পেমেণ্ট ইনফৰমেশ্যন বা ক্ৰেডিট কাৰ্ডৰ ডাটাৰ ক্ষেত্ৰত কোনোধৰণৰ হৰণ-ভগন নহয় বুলি জানিবলৈ দিছে অনলাইন কোম্পানীটোৱে। এই হেকিঙৰ দায়িত্ব স্বীকাৰ কৰিছে এনক্লে নামৰ এটা ডাৰ্ক ৱেব ভেণ্ডৰে।