ডিজিটেল ডেস্কঃ ভালপোৱাৰ বিৰুদ্ধাচৰণ কৰিছিল পৰিয়ালে। সেয়ে ধৰ্ম পৰিৱৰ্তন কৰি পছন্দৰ মুছলিম গাভৰুৰ সৈতে সংসাৰ আৰম্ভ কৰিছিল। কিন্তু ধৰ্মান্তকৰণৰ প্ৰায় ২৪ বছৰ পিছত পুনৰ নিজৰ ধৰ্মলৈ উভতি আহে তেওঁ। 'ঘৰ ৱাপচী’ৰ এই কাহিনী কৰ্ণাটকৰ মহীশূৰৰ শেষাদ্ৰী নামৰ লোকজনৰ।

ব্ৰাহ্মণৰ ঘৰত জন্ম গ্ৰহণ কৰা শেষাদ্ৰীয়ে নিচেই সৰুতে পিতৃ-মাতৃক হেৰুৱায়। দৰিদ্ৰতাৰ মাজেৰে ডাঙৰ-দীঘল হোৱা শেষাদ্ৰীৰ বন্ধুত্ব গঢ়ি উঠে এজন ট্ৰাক চালকৰ সৈতে। বন্ধুৰ সহায়তেই তেওঁৰ পৰিচয় ঘটে ফামিদাৰ সৈতে। ধৰ্মৰ পৰিধি ভাঙি ইছলাম ধৰ্মাৱলম্বী যুৱতীগৰাকীৰ সৈতে শেষাদ্ৰীৰ গভীৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে। পিছে এই প্ৰেমত বাধা হৈ থিয় দিয়ে সমাজ আৰু ধৰ্ম।

অৱশেষত বাধা ধৰ্মক অতিক্ৰম কৰে শেষাদ্ৰীয়ে। পৰিয়ালৰ সকলোৰে বাধাক আওকাণ কৰি ১৯৯৩ চনত ধৰ্ম পৰিৱৰ্তন কৰি ফামিদাৰ সৈতে যুগ্ম জীৱন আৰম্ভ কৰে। ইছলাম ধৰ্ম গ্ৰহণ কৰি তেওঁ পৰিচিত হয় ছৈয়দ আব্বাছ নামেৰে। বিয়াৰ পিছত দুই পুত্ৰ সন্তানৰ পিতৃ হয় শেষাদ্ৰী ওৰফে আব্বাছ। দুই সন্তানৰ নাম ৰাখে আতিক আৰু ছিদ্দিক। প্ৰায় দুটা দশক এনেদৰে মুছলমান হিচাপে জীৱন নিৰ্বাহ কৰে এসময়ৰ ব্ৰাহ্মণ শেষাদ্ৰীয়ে।

CLICK♦  লালবাহাদুৰ, নীতিশৰ পিছত পদত্যাগ কৰিব ৰেলমন্ত্ৰী প্ৰভুৱে​

শেহতীয়াকৈ এটাৰ পিছত এটাকৈ সমস্যাই আৱৰি ধৰে আব্বাছৰ পৰিয়ালটোক। মছজিদ, নামাজ আদি কৰিও কোনো সুফল নোপোৱাত হতাশ হৈ পৰে তেওঁ। ইয়াৰ মাজতে এদিন সৰু পুত্ৰ ছিদ্দিকক লগত লৈ পিতৃগৃহলৈ গমন কৰে পত্নী ফামিদাই। সেইদিনাই 'ঘৰ ৱাপচি’ৰ সিদ্ধান্ত চূড়ান্ত কৰে আব্বাছে।

'বিভিন্ন কাৰণত বহুতেই হিন্দু ধৰ্ম ত্যাগ কৰি আন ধৰ্ম গ্ৰহণ কৰিছিল। কিন্তু তেওঁলোক সকলোৱে এতিয়া প্ৰত্যাৱৰ্তন কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিলে আমি আদৰণি জনাবলৈ সাজু।’- এইদৰে কয় শ্ৰীৰাম সেনাৰ প্ৰধান প্ৰমোদ মুতালিকে। তেওঁৰ তত্বাৱধানতে পুনৰ হিন্দু ধৰ্ম গ্ৰহণ কৰি আব্বাছ শেষাদ্ৰী হৈ পৰে। ডাঙৰ পুত্ৰ আতিকৰো ধৰ্ম সলনি কৰি নতুন নাম ৰাখে হৰ্শল।

অৱশ্যে পত্নী আৰু সৰু পুত্ৰ এতিয়াও মুছলিম হৈয়েই আছে। সংবাদ মাধ্যমক আব্বাছ ওৰফে শেষাদ্ৰীয়ে জনাই যে শীঘ্ৰে পত্নী আৰু সৰু পুত্ৰয়ো ধৰ্ম সলনি কৰি হিন্দু ধৰ্ম গ্ৰহণ কৰিব।