৬ ছেপ্তেম্বৰ, ২০১৯। সমগ্ৰ দেশবাসীয়ে অপেক্ষা কৰিছিল শুকুৰবাৰৰ মাজনিশাৰ সেই বিশেষ মুহূৰ্তকেইটালৈ। ব্যস্ততাৰ অন্ত নাছিল ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰ চমুকৈ ইছৰোৰ কাৰ্যালয়ত। অধিকাংশ সময়তে যুক্তিক প্ৰাধান্য দিয়া বিজ্ঞানীসকলৰো মন-মগজু ভৰি পৰিছিল অনন্য অনুভৱৰে। 

সময় তেতিয়া নিশা ২ বাজি গৈছে। বিজ্ঞানীসকলৰ অনিসন্ধিৎসু দুচকু কম্পিউটাৰ স্ক্ৰীণত। স্পেচ ছায়েন্সৰ সাংকেতিক ভাষা বুজি নোপোৱা চন্দ্ৰক দেৱতা জ্ঞান কৰি অহা দেশবাসীৰ দুচকু নিৱদ্ধ টিভি অথবা মোবাইলত লাইভ টেলিকাষ্টত। হয়তো বিজ্ঞানৰ বাবে নিশা কোটি কোটি ভাৰতীয় উজাগৰে থকা ঘটনা দেশৰ ইতিহাসত এয়াই প্ৰথম!

টিকটিককৈ সময়বোৰ আগবাঢ়িছে। তেনেতে আহিছিল সেই খবৰ। জোনবাইৰ বুকুত ছফট লেণ্ডিং কৰিবলৈ লোৱাৰ সময়তে বিক্ৰমৰ সৈতে সংযোগ বিচ্ছিন্ন ইছৰোৰ নিয়ন্ত্ৰণ কক্ষৰ। ইমানখিনি গৈ গৈ শেষ ক্ষণত অঘটন। অৱশ্যে বিজ্ঞানীসকলৰ বাবে মুঠেই অপ্ৰত্যাশিত নাছিল সেয়া। কিয়নো বিজ্ঞানীসকল ভালদৰেই জ্ঞাত যে ব্যৰ্থতাৰ শক্তিশালী ইটাৰেই গঢ়ি উঠিছে আধুনিক বিজ্ঞানৰ সফলতাৰ সুউচ্চ অট্টালিকা।

কোৱা হয় যে শেষ ভালেই সকলো। এই চন্দ্ৰ অভিযানৰো শেষ ভাল হ’ব বুলিয়েই আশাবাদী আছিল ইছৰোৰ অধ্যক্ষ কে শিৱম। সেয়ে শেষ ভাল নোহোৱাত আৱেগিক হৈ পৰিছিল বিজ্ঞানীগৰাকী। তেওঁক সান্ত্বনা দিবলৈ আগবাঢ়ি আহিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এনেদৰেই একপ্ৰকাৰ সফল হৈয়ো লক্ষ্যত উপনীত হোৱাত ব্যৰ্থ হৈ পৰে চন্দ্ৰযান-২। 

শেষ ভাল নোহোৱা চন্দ্ৰযান-২ক লৈ সৰ্বত্ৰে এতিয়া সৰৱ চৰ্চা। বিজ্ঞানৰ 'ব’টো বুজি নোপোৱাজনেও জানে চন্দ্ৰযান-২ৰ কথা। পিছে চন্দ্ৰযান-১ৰ কি হৈছিল তাৰ বিষয়ে আমি কিমান জানো? হয়তো বহুতেই নাজানে যে ইয়াৰ পূৰ্বেও ভাৰতে চন্দ্ৰলৈ যান প্ৰেৰণ কৰিছিল। 

চন্দ্ৰযান-২ৰ দৰেই প্ৰায় সদৃশ কাহিনী চন্দ্ৰযান-১ৰো। অৱশ্যে বিজ্ঞানৰ খবৰ ৰখাসকলৰ বাদে সৰ্বসাধাৰণে তাৰ ইমান ভূ পোৱা নাছিল। হয়তো তেতিয়াৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙে নৰেন্দ্ৰ মোদীৰ দৰেকৈ ইছৰোৰ কাৰ্যালয়লৈ গৈ বিজ্ঞানীসকলৰ কাষত থিয় দিয়া নাছিল বা সংবাদ মাধ্যমেও বৰ্তমানৰ দৰেকৈ বাতৰিটো প্ৰচাৰত গুৰত্ব দিয়া নাছিল। সৰ্বসাধাৰণ এই বিষয়ে অজ্ঞ হৈ থকাৰ আন এক কাৰণ হ’ব পাৰে তেতিয়া তথ্য-প্ৰযুক্তি আৰু ছ’চিয়েল মিডিয়া দেশত আজিৰ দৰে প্ৰসাৰিত নাছিল।

♦ কেতিয়া চন্দ্ৰ অভিমুখে ৰাওনা হৈছিল চন্দ্ৰযান-১?

২০০৮ চনৰ ২২ অক্টোবৰত পিএছএলভি-এক্সএল ১১ ৰকেটেৰে উৎক্ষেপণ কৰা হৈছিল চন্দ্ৰযান-১। ইয়াত ব্যয় হৈছিল ৩৮৬ কোটি টকা। ৰিম’ট ছেনছিং এই চন্দ্ৰযানখনৰ লক্ষ্য আছিল একমাত্ৰ উপগ্ৰহটোৰ কক্ষপথ। যানখনে কঢ়িয়াই নিছিল হাই ৰিজলুশ্যন ৰিম’ট ছেনছিং সৰঞ্জাম, ছফ’ট আৰু হাৰ্ড এক্স-ৰে ফ্ৰিকুৱেন্সি। চন্দ্ৰৰ পৃষ্ঠভাগৰ মানচিত্ৰ প্ৰস্তুতৰ বাবে জৰীপ, ৰাসায়নিক বৈশিষ্ট্য আৰু বায়ুমণ্ডলৰ ত্ৰিমাত্ৰিক ছবি সংগ্ৰহ আছিল এই অভিযানৰ লক্ষ্য। অধিক গুৰুত্ব দিয়া হৈছিল বৰফ আবৃত হৈ থকা বুলি অনুমান কৰি অহা মেৰু অঞ্চলত। এই অভিযানত চন্দ্ৰযানে ইছৰোৰ ৫ পেলোড (বিশেষ গৱেষণামূলক যন্ত্ৰাংশ)ৰ লগতে বিনামূলীয়াকৈ কঢ়িয়াই নিছিল নাছা, ইএছএ আৰু বুলগেৰিয়ান এৰ’স্পেচ এজেন্সীৰ পেলোড।

♦ কিমান সফল আছিল চন্দ্ৰযান-১?

উৎক্ষেপণৰ প্ৰায় এপষেকৰ অন্তত ৮ নৱেম্বৰত চন্দ্ৰৰ কক্ষপথ পাইছিল চন্দ্ৰযান-১। ১৪ নৱেম্বৰত 'মুন ইম্পেক্ট প্ৰব’ চন্দ্ৰযানৰ পৰা বিচ্ছিন্ন হৈ আশা কৰা ধৰণে ইছোৰৰ নিয়ন্ত্ৰণত থাকিয়েই দক্ষিণ মেৰুত খুন্দা মাৰে। ইয়াৰ লগে লগে জোনৰ বুকুত জয়ধ্বজা স্থাপন কৰা চতুৰ্থখন দেশ হোৱাৰ গৌৰৱ অৰ্জন কৰিবলৈ সমৰ্থ হয় ভাৰত। চন্দ্ৰযান-১ৰ আন এক উল্লেখনীয় সফলতা আছিল চন্দ্ৰৰ মাটিত পানীৰ অণুৰ ব্যাপক উপস্থিতিৰ সম্ভেদ লাভ।

♦ চন্দ্ৰযান-১ৰ ইতিহাস

১৯৯৯ চনত অনুষ্ঠিত ইণ্ডিয়ান একাডেমী অব ছায়েন্সৰ এক বৈঠকত প্ৰথমবাৰৰ বাবে ভাৰতৰ বৈজ্ঞানিক চন্দ্ৰ অভিযানৰ প্ৰস্তাব গ্ৰহণ কৰা হৈছিল। ২০০০ চনত এই প্ৰস্তাৱক দ্য এষ্ট্ৰনটিকেল ছ’চাইটি অব ইণ্ডিয়াই আৰু এখোজ আগবঢ়াই নিয়ে। লগে লগে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে নেশ্যনেল লুনাৰ মিছন টাস্ক ফৰ্চ গঠন কৰে। ২০০৩ চনৰ এপ্ৰিল মাহত ১০০ৰো অধিক ভাৰতীয় বিজ্ঞানীয়ে এই বিষয়ে আলোচনাত মিলিত হয় আৰু টাস্ক ফৰ্চৰ প্ৰস্তাৱত অনুমোদন জনাই ভাৰতৰ চন্দ্ৰ অভিযানৰ পথ প্ৰশস্ত কৰে। বিজ্ঞানীমহলৰ এই সিদ্ধান্তৰ পিছত বিষয়তো চৰকাৰলৈ প্ৰেৰণ কৰা হয়। অৱশেষত ২০০৩ চনৰ ১৫ আগষ্টত তেতিয়াৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে স্বাধীনতা দিৱসৰ ভাষণত ভাৰতৰ চন্দ্ৰ অভিযানৰ সিদ্ধান্তৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰি বিজ্ঞানীসকলক কাম আৰম্ভ কৰিবলৈ আহ্বান জনায়। চৰকাৰৰ অনুমোদনৰ পিছতে বিজ্ঞানীসকলে কাম আৰম্ভ কৰে আৰু সম্পূৰ্ণ ভাৰতীয় প্ৰযুক্তিৰে ৫ বছৰৰ অন্তত সেয়া উৎক্ষেপণৰ বাবে সাজু কৰি তোলে।

 চন্দ্ৰযান-২ৰ ইতিহাস

চন্দ্ৰযান-১ উৎক্ষেপণৰ যো-জা প্ৰায় চূড়ান্ত হোৱাৰ সময়তে ২০০৭ চনৰ ১২ নৱেম্বৰত ইছৰোৱে ৰাছিয়াৰ মহাকাশ গৱেষণা সংস্থা ৰছকম’ছৰ সৈতে চন্দ্ৰযান-২ প্ৰকল্পৰ বাবে এক চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তি অনুযায়ী অৰবিটাৰ আৰু ৰভাৰৰ বাবে ইছৰো দায়ৱদ্ধ হ’ব আৰু লেণ্ডাৰৰ কাম কৰিব ৰাছিয়াই। সকলো দিশা চালি-জাৰি চাই ২০০৮ চনৰ ১৮ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী মনমোহন সিং নেতৃত্বাধীন তেতিয়াৰ কেবিনেটে চন্দ্ৰযান-২ৰ প্ৰকল্পত অনুমোদন জনায় আৰু কাম আৰম্ভ কৰে। ২০০৮ৰ ২২ অক্টোবৰত চন্দ্ৰযান-১ৰ সফল উৎক্ষেপণৰ পিছত ইছৰোৱে ৰছকম’ছৰ সহযোগত ২০০৯ চনৰ আগষ্টত দ্বিতীয়তো চন্দ্ৰ অভিযানৰ বাবে প্ৰেৰণ কৰিবলগীয়া যানখনৰ ডিজাইনিঙৰ কাম সম্পূৰ্ণ কৰি তোলে। সূচী অনুযায়ী চন্দ্ৰযান-২ উৎক্ষেপণৰ বাবে ইছৰোৱে পেলোডো সাজু কৰি তুলিছিল যদিও ৰাছিয়াই লেণ্ডাৰ সময়মতে সম্পূ্ৰ্ণ কৰি তুলিব নোৱাৰা বাবে ২০১৩ চনত অভিযান স্থগিত ৰাখিবলগীয়াত পৰে। ইয়াৰ পিছত উৎক্ষেপণৰ পৰৱৰ্তী সূচী ২০১৬ নিৰ্ধাৰণ কৰা হয় যদিও ২০১৫ পৰ্যন্ত ৰাছিয়াৰ পৰা আশানুৰূপ সহাৰি নোপোৱাত ইছৰোৱে নিজাববীয়াকৈ লেণ্ডাৰৰ কাম আৰম্ভ কৰি ২০১৯ত উৎক্ষেপণৰ সিদ্ধান্ত গ্ৰহণ কৰে।

♦ চন্দ্ৰযান-১ৰো শেষ ভাল নহ’ল

চন্দ্ৰযান-১ দুবছৰৰ বাবে চন্দ্ৰৰ কক্ষপথত থাকিব পৰাকৈ নিৰ্মাণ কৰা হৈছিল। কিন্তু ২০০৯ চনৰ ২৮ আগষ্টত নিশা ৮ বজাত ইছৰোৰ নিয়ন্ত্ৰণ কক্ষৰ সৈতে হঠাৎ যোগাযোগ বিচ্ছিন্ন হৈ পৰে চন্দ্ৰযান-১ৰ। এনেদৰে মাত্ৰ ৩১২ দিনতে অন্ত পৰে ভাৰতৰ প্ৰথম চন্দ্ৰ অভিযানৰ। বিজ্ঞানীসকলৰ মতে যানখনে আৰু ১০০০ দিন চন্দ্ৰ কক্ষপথত থাকি ২০১২ৰ শেষৰফালে চন্দ্ৰ বুকুত পতিত হ’লহেতেন। কিন্তু ২০১৬ চনত নাছাৰ অনুসন্ধানত পোহৰলৈ আহে যে যোগাযোগ বিচ্ছিন্ন যানখন তেতিয়াও চন্দ্ৰৰ কক্ষপথতে আছিল।

চন্দ্ৰযান-১ৰ সৈতে জড়িত বৈজ্ঞানিক উপদেষ্টা মণ্ডলীয়ে জনোৱা মতে কি কাৰণে যানখনৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰিলে সেয়া নিৰূপণ কৰাতো যথেষ্ট দুৰূহ কাৰ্য। সেয়া হ’লেও তেতিয়াৰ ইছৰোৰ অধ্যক্ষ মাধৱন নায়াৰে বিবিচিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কৈছিল যে হাই ৰেডিয়েশ্যনৰ বাবে কম্পিউটাৰ ছিষ্টেমলৈ শক্তি যোগান প্ৰক্ৰিয়া ব্যাহত হোৱাটোৱেই সংযোগ বিচ্ছিন্ন হৈ পৰাৰ এক কাৰণ হ’ব পাৰে। অৱশ্যে পিছলৈ তথ্য বিশ্লেষণত দেখা গ’ল যে অভাৰহিটিঙৰ বাবেহে শক্তি যোগান প্ৰক্ৰিয়া ব্যাহত হৈ পৰিছিল। কাৰণ যিয়েই নহওক কিয় নিৰ্ধাৰিত সময়ৰ পূৰ্বে সংযোগ বিচ্ছিন্ন হোৱাৰ পিছতে চন্দ্ৰযান-১ক অসম্পূৰ্ণ অভিযান আখ্যা দিবলৈ বাধ্য হৈ পৰে ইছৰো। 

♦ অসম্পূৰ্ণ হ’লেও সফল চন্দ্ৰযান-১ৰ অভিযান

নিৰ্ধাৰিত ২ বছৰৰ পূৰ্বেই সংযোগ বিচ্ছিন্ন হ’লেও ভাৰতৰ প্ৰথমটো চন্দ্ৰ অভিযানক একপ্ৰকাৰ সফল আখ্যা দিছে বিজ্ঞানীমহলে। চন্দ্ৰযান-১ৰ সৈতে যোগাযোগ বিচ্ছিন্ন হোৱাৰ পিছত কৰা পৰ্যালোচনা বিশ্লেষণত দেখা গৈছে যে যি যি উদ্দেশ্যৰে অভিযান চলোৱা হৈছিল সেই উদ্দেশ্যসমূহৰ ৯৫ শতাংশই সম্পূ্ৰ্ণ হৈছিল। অৰ্থাৎ নিৰ্ধাৰিত সময়ৰ পূৰ্বে যোগাযোগ বিচ্ছিন্ন হ’লেও এক প্ৰকাৰ সফলেই আছিল ভাৰতৰ প্ৰথমটো চন্দ্ৰ অভিযান। এই অভিযানৰ পৰা আহৰণ কৰা অভিজ্ঞতাৰেই ভাৰতীয় বিজ্ঞানীসকলে নিজকে দ্বিতীয়টো অভিযানৰ বাবে সাজু কৰি তুলিবলৈ লাভ কৰিছিল সাহস আৰু প্ৰেৰণা।

♦ চন্দ্ৰযান-১ আৰু চন্দ্ৰযান-২ৰ পাৰ্থক্য

চন্দ্ৰযান-১ আৰু চন্দ্ৰযান ২ৰ মূল পাৰ্থক্য এয়াই যে চন্দ্ৰযান-১ত লেণ্ডাৰ নাছিল। কেৱল চন্দ্ৰক কক্ষপথত প্ৰদক্ষিণ কৰি তথ্য সংগ্ৰহ কৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছিল চন্দ্ৰযান-১। আনহাতে চন্দ্ৰযান-২ত কক্ষপথত প্ৰদক্ষিণ কৰি তথ্য সংগ্ৰহ কৰাৰ লগতে বিক্ৰম নামৰ লেণ্ডাৰ উপগ্ৰহটোৰ পৃষ্ঠত অৱতৰণৰ ব্যৱস্থাও আছিল। এই বিক্ৰম লেণ্ডাৰ অৱতৰণৰ সময়তে বিচ্ছিন্ন হৈ পৰে সংযোগ। ইয়াৰ লগতে ওজন, আকাৰ, লক্ষ্য-উদ্দেশ্য তথা প্ৰযুক্তিগত দিশতো আছে যথেষ্ট পাৰ্থক্য।   

♦ ব্যৰ্থতাই বিজ্ঞানৰ সফলতাৰ ছাবিকাঠি

সফলতা একে দিনে অৰ্জন কৰাতো অসম্ভৱ। আজি আমি যিটো স্মাৰ্টফোন হাতত লৈ পলকতে দেশ-দুনীয়াৰ খবৰ ৰাখিবলৈ সমৰ্থ হৈছো, প্ৰায় সকলো কাম কৰিবলৈ সমৰ্থ হৈছো সেই স্মাৰ্টফোনটোৰ উদ্ভাৱন এদিনতে হোৱা নাই। হাজাৰ গৱেষণা আৰু বিফলতাৰ অন্তত লাভ কৰা বিশেষ বিশেষ জ্ঞানৰ জৰিয়তে বিজ্ঞান-প্ৰযুক্তিয়ে উদ্ভাৱন কৰিবলৈ সমৰ্থ হৈছে আজি আমাৰ হাতত থকা স্মাৰ্টফোনটো। এই স্মাৰ্টফোনটোতো হয়তো ৰৈ গৈছে আৰু অলেখ ক্ৰটি-বিচ্যুতি। সেই ক্ৰটি-বিচ্যুতি আতৰাই দিনে দিনে আৰু অত্যাধুনিক হৈ গৈ থাকিব আমাৰ হাতৰ স্মাৰ্টফোনটো। এনেকৈয়ে দেশে স্বাধীনতা লাভ কৰাৰ পিছতে তেতিয়াৰ বিজ্ঞানীসকলে বিশেষকৈ বিক্ৰম ছাৰাভাইয়ে এইক্ষেত্ৰত যি উদ্যোগ হাতত লৈছিল তাৰ বাবে ভাৰতে আজি দুবাৰকৈ চন্দ্ৰ অভিযান চলাবলৈ সমৰ্থ হৈছে। 

প্ৰথমটো চন্দ্ৰ অভিযানতো সংযোগ বিচ্ছিন্ন হোৱাৰ পিছত এতিয়া দ্বিতীয় অভিযানতো লেণ্ডাৰৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছে ইছৰোৰ। তাৰ অৰ্থ এয়া নহয় যে বিজ্ঞানীসকল হতাশ হৈ আৰু অভিযান চলাবলৈ বন্ধ কৰিব। দুটাকৈ অভিযানৰ পৰা অৰ্জন কৰা বিশেষ জ্ঞানেৰে আজি নহলেও কাইলৈ যে আধুনিক ভাৰতীয় বিজ্ঞানে চন্দ্ৰক সম্পূৰ্ণকৈ জয় কৰিবলৈ সমৰ্থ হ’ব সেয়া নিশ্চিত।  

♦ চন্দ্ৰ অভিযানৰ পৰা আমি কি শিকিম?

মহাকাশ বিজ্ঞানৰ সাংকেতিক আৰু তাত্বিক ভাষা আমি সৰ্বসাধাৰণে জনাতো মুঠেই সম্ভৱ নহয়। পিছে দুটাকৈ অভিযানৰ জৰিয়তে আহৰণ কৰা জ্ঞানৰ পৰা এই মুহূৰ্তত আমি ইয়াকেই শিকিব পাৰো যে চন্দ্ৰ প্ৰকৃততে ইমানদিনে ভাবি অহা জোনবাইজনী নহয়। চন্দ্ৰ কোনো দেৱতাও নহয়। চন্দ্ৰ বহুতে বিজ্ঞান বুলি দাবী কৰিব খোজা জ্যোতিষ শাস্ত্ৰই কোৱাৰ দৰে গ্ৰহও নহয়। লগতে চন্দ্ৰক গ্ৰাস কৰা মানুহৰ প্ৰতি কোপ দৃষ্টি নিক্ষেপ কৰা ৰাহু আৰু কেতু নামৰো একো নাই মহাকাশত। এই কথা নীল আমষ্ট্ৰঙে চন্দ্ৰৰ বুকুত অৱতৰণ কৰাৰ সেই দিনাই আমি সকলোৱে উপলব্ধি কৰাৰ প্ৰয়োজন আছিল যদিও নকৰিলো। কিন্তু এইবাৰৰ কথা সুকীয়া। এইবাৰো যদি চন্দ্ৰক লৈ থকা পূৰ্বৰ বিশ্বাস ভাৰতৰ সৰ্বসাধাৰণে সলনি নকৰে তেন্তে সেয়া ভাৰতীয় বিজ্ঞানীসকলে দিনক ৰাতি ৰাতিক দিন কৰি কৰা প্ৰচেষ্টাক কৰা একপ্ৰকাৰৰ অপমান বুলি ক’লেও হয়তো ভুলকৈ কোৱা নহ’ব।

বাতৰিটো পঢ়ি কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব। আপোনাৰ বন্ধু-বৰ্গয়ো যাতে পঢ়িব পাৰে তাৰ বাবে Share কৰক। স্বতন্ত্ৰ আৰু মুক্ত হৈ থাকিবলৈ আমাক প্ৰয়োজন আপোনাৰ সহায়ৰ। আমাক সহায় কৰিবলৈ Click কৰক ► Support Us