ইটানগৰঃ ৰবট তৈয়াৰ কৰি ভালপোৱা উত্তৰ-পূৰ্বাঞ্চলৰ এজন যুৱক। একাদশ শ্ৰেণীত পঢ়ি থকা এই যুৱকজনেই সাজি উলিয়াইছে অন্ধৰ বাবে লাখুটি সদৃশ এক অভিনৱ গেজেট। দৃষ্টিহীন লোকৰ জীৱন যাত্ৰা সূচল কৰি তোলাৰ বাবে অৰুণাচলৰ আনং তাদৰৰ এই বিশেষ চশমা।

গগ’ল ফৰ ব্লাইণ্ড চমুকৈ জি৪বি নাম দিয়া এই বিশেষ আহিলাবিধৰ জৰিয়তে দৃষ্টিহীন ব্যক্তিয়ে আশে-পাশে থকা বয়-বস্তু চিনাক্ত কৰিব পাৰিব। তাৰ বাবে কোনো শাৰীৰিক স্পৰ্শৰ প্ৰয়োজন নহ’ব। 

নিউ গেলেক্সী একাডেমীৰ ১৭ বৰ্ষীয় আনঙৰ এই উদ্ভাৱনে সকলোকে মুগ্ধ কৰিছে। বাদুলীয়ে নিজৰ মুখেৰে অতিশব্দ এৰি দি তাৰ প্ৰতিফলনৰ যোগেদি সমুখত থকা বস্তুৰ উপস্থিতি তথা তাৰ দূৰত্ব নিৰ্ধাৰণ কৰে। বাদুলীয়ে ব্যৱহাৰ কৰা এই ইক’লোকেশ্যনৰ দৰে একেই কৌশল প্ৰয়োগ কৰা গেজেটবিধে পৰিধান কৰা ব্যক্তিজনৰ আশে-পাশে থকা বস্তু ইক’লোকেশ্যনৰ আধাৰত চিনাক্ত কৰিব পাৰে। 

ইতিপূৰ্বে দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিজ্ঞান প্ৰদৰ্শনীত পুৰস্কাৰো বুটলিছে আনঙে। ইউনিচেফকে ধৰি ভালেমান ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় সংস্থা আনঙৰ এই উদ্ভাৱনক লৈ উৎসাহিত হৈ পৰিছে। নেশ্যনেল ইগনিশ্যন ফেচিলিটি আৰু ইউনিচেফে জি৪বি বজাৰত এৰি দিয়াৰ বাবে উৎসুক হৈ আছে। তাৰবাবে গেজেটবিধৰ পাঁচৰপৰা দহটা প্ৰট’টাইপ নিৰ্মাণ কৰিব লাগিব আনঙে। এনে প্ৰত্যেকটো প্ৰট’টাইপৰ বাবে আনঙক লাগিব আনুমানিক ১৫ হাজাৰ টকা। 

নিজৰ পকেট খৰচ উদ্ভাৱনৰ কামত লগোৱা আনঙৰ অভিৰুচিয়ে হৈছে ৰবট সজা। মাজে-সময়ে বন্ধুৰ পৰাও আৰ্থিক সহায় লয় আনঙে। আনঙে এই গেজেটৰ পিছতে গধুৰ বস্তু অনায়াসে দাঙিবপৰা এক্স’স্কেলেটন নামৰ গেজেট উদ্ভাৱনৰ বাবে মনোনিৱেশ কৰিব বুলি জানিবলৈ দিছে।