ডিজিটেল ডেস্কঃ জিঅ’ক প্ৰত্যাহ্বান দিবলৈ সাজু বিএছএনএল৷ প্ৰতিষ্ঠানটোৱে গ্ৰাহকৰ বাবে মুকলি কৰিছে এক নতুন ইন্টাৰনেট পেক৷ উক্ত পেকত ৪৪৪ টকাতেই ৩৬০ জিবি ডাটাৰ সুবিধা লাভ কৰিব গ্ৰাহকে৷ 

টেলিকম প্ৰতিষ্ঠানটোৰ প্ৰিপেইড গ্ৰাহকে লাভ কৰিব এই সুবিধা৷ ৯০ দিন পৰ্যন্ত বৈধতা থকা এই পেকৰ জৰিয়তে গ্ৰাহকে প্ৰত্যেক দিনে ৪ জিবিলৈ ডাটা ব্যৱহাৰ কৰিব পাৰিব৷

অৱেশ্যে প্ৰতিষ্ঠানটোৱে ৩ জিৰ বাবেহে মুকলি কৰিছে এই নতুন পেক৷ আনহাতে জিঅ’ই বৰ্তমানলৈ কেৱল ১ জিবি দৈনিক ডাটা গ্ৰাহকলৈ আগবঢ়াই আহিছে৷