নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়াৰ ইউনাইটেড বেংক অব ইণ্ডিয়াৰ শাখাত বৃহস্পতিবাৰে নিশা চুৰিকাণ্ড সংঘটিত কৰা দুজনীয়া চোৰৰ দলটোক মাত্ৰ ২৪ ঘন্টাৰ ভিতৰতে আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ ধৃত গভাইত চোৰ দুটা বেবেজীয়া চাৰিআলিৰ সুৰেন্দ্ৰ কুমাৰ শৰ্মা আৰু ঘাঁহী উজনিকুৰিৰ পংকজ দাস বুলি জানিব পৰা গৈছে ।

উল্লেখ্য, বৃহস্পতিবাৰে নিশা বেবেজীয়া আৰক্ষী পহৰা চকীৰ নিচেই কাষতে থকা বেংকটোত দুৰ্বৃত্তই পিছফালৰ দুৱাৰ ভাঙি প্ৰবেশ কৰি চি চি টিভিৰ কেমেৰা বিকল কৰাৰ লগতে বেংকৰ কিছু গুৰুত্বপূৰ্ণ ফাইল, নথি-পত্ৰ, কম্পিউটাৰ, আচবাব আদি লণ্ড-ভণ্ড কৰিছিল ৷

পিছত বেবেজীয়া আৰক্ষীয়ে স্নিফাৰ ডগৰ সহায়ত তদন্ত চলাইছিল যদিও দুৰ্বৃত্তৰ কোনো সন্ধান বাহিৰ কৰিবলৈ সক্ষম হোৱা নাছিল ৷ কিন্তু বেবেজীয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নৃপেন চন্দ্ৰ ভূঞাৰ নেৰ্তৃত্বত আৰক্ষীয়ে তীব্ৰ অভিযান চলাই আজি পুৱা প্ৰায় চাৰে দহ বজাত চুৰিকাণ্ডৰ মাষ্টাৰ মাইন সুৰেন্দ্ৰ কুমাৰ শৰ্মাক বেবেজীয়াৰ বাসগৃহৰ পৰা আটক কৰাৰ পিছত চোৰটোৰ স্বীকাৰোক্তিৰ ভিত্তিত আনটো চোৰ পংকজ দাসক ঘাঁহী উজনিকুৰিৰ পৰা আটক কৰিবলৈ সক্ষম হয় ৷

আৰক্ষীয়ে চোৰ দুটাৰ পৰা লুট কৰি নিয়া প্ৰায় ৯ হাজাৰ খুচুৰা পইচাইও উদ্ধাৰ কৰে ৷  এনেদৰে চাঞ্চল্যকৰ চুৰিকাণ্ডৰ মাত্ৰ ২৪ ঘন্টাৰ ভিতৰতে চোৰৰ দলটোক আটক কৰিবলৈ সক্ষম হোৱা কাৰ্যৰ বাবে ভাৰপ্ৰাপ্ত বিষয়া নৃপেন চন্দ্ৰ ভূঞাৰ লগতে বেবেজীয়া আৰক্ষীৰ শলাগ লৈছে অঞ্চলবাসী ৰাইজে ৷