ডিজিটেল ডেস্কঃ বিমুদ্ৰাকৰণৰ পৰা আৰম্ভ কৰি বিলাসী বাহনৰ ওপৰত কৰ বৃদ্ধি কৰিও বাধা দি ৰখাব পৰা নাই ভাৰতত বিলাসী বাহনৰ প্ৰতি থকা মানুহৰ মোহ৷ বিপৰীতে, ক্ৰমাৎ উৰ্ধগামী হৈছে বিলাসী বাহন বিক্ৰীৰ গ্ৰাফ৷

চলিত বৰ্ষৰ জানুৱাৰীৰপৰা মে'লৈ ৩,৫৩৩খন বিলাসী বাহন বিক্ৰী কৰা BMW ইণ্ডিয়াই ২০১৬ বৰ্ষত ১৪ শতাংশ বিকাশেৰে ৭,৮০০ খন গাড়ী বিক্ৰী কৰি সাফল্য লাভ কৰিছিল৷ চলিত বৰ্ষৰ প্ৰথমাৰ্ধতে এনেদৰে চমকপ্ৰদ সাফল্যৰে কোম্পানীটোৱে ৮ শতাংশ বিকাশ লাভ কৰিবলৈ সক্ষম হৈছে৷

ভাৰতত বিলাসী বাহনৰ আটাইবোৰ কোম্পানীক চেৰ পেলাই BMW য়ে শীৰ্ষত স্থান লাভ কৰিছে৷ ২০১৫ আৰু ২০১৬ বৰ্ষত বিক্ৰীৰ হাৰ কমি অহাৰ পিছত তাৎপৰ্যজনকভাৱে বিমুদ্ৰাকৰণৰ বৰ্ষতে বিকাশ লাভ কৰা কোম্পানীটোৱে এতিয়া দেশৰ মাটিতে নিৰ্মাণকাৰ্য চলোৱাৰ বিষয়ে চিন্তা-চৰ্চা আৰম্ভ কৰিছে৷ 

চলিত বৰ্ষত ৫ চিৰিজ আৰম্ভ কৰাৰ পৰিকল্পনাৰে ১২৫ কোটি টকা বিনিয়োগ কৰাৰ সিদ্ধান্ত লৈছে মিউনিখৰ বিলাসী গাড়ী নিৰ্মাতা প্ৰতিষ্ঠানটোৱে৷ তাৎপৰ্যৰ কথা এয়ে যে নতুন চিৰিজৰ বাহনসমূহ স্থানীয়ভাৱে নিৰ্মিত হ’ব৷

এই চিৰিজত প্লাগড-ইন হাইব্ৰিড প্ৰযুক্তিৰ ব্যৱহাৰ হ’ব বুলি জনাইছে কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়া বিক্ৰম পাৱাহে৷ অৱশ্যে পণ্য আৰু পৰিসেৱা কৰক লৈ অসন্তুষ্টিও ব্যক্ত কৰে বিক্ৰমে৷