নতুন দিল্লীঃ বিশ্বৰ ৫৯ দেশৰ মুঠ ৮৪২ জন বিশিষ্ট শিল্পীৰ ভিতৰত অস্কাৰ একাডেমীৰ সদস্য পদ লাভ কৰিছে অভিনেতা অনুপম খেৰ, বিশিষ্ট চলচিত্ৰ পৰিচালক জয়া আখতাৰ, পৰিচালক অনুৰাগ কাশ্যপ সহ ছগৰাকী ভাৰতীয়ই।

ম’চন পিকচাৰ আৰ্টছ এণ্ড ছায়েন্স একাডেমী(অস্কাৰ)য়ে অন্য দেশৰ লগতে ভাৰতৰ এই শিল্পী সকললৈ এই সন্মান আগবঢ়ায়৷ অস্কাৰ অকাডেমীৰ ৱেবচাইটত প্ৰকাশ কৰা হৈছে এই তালিকা। 

অনুপম খেৰক হোটেল মুম্ৱাইত কৰা অভিনয়ৰ বাবে আগবঢ়োৱা হৈছে এই সন্মান। সেইদৰে ‘গলী বয়’ আৰু ‘জিন্দেগী না মিলেগী দুবাৰা’ৰ দৰে ছবি নিৰ্মাণৰ বাবে জয়ালৈ আগবঢ়োৱা হৈছে এই সন্মান। ইয়াৰ উপৰিও বম্ৱে টকী'জ, ‘দেৱ দি’ দৰে ছবি নিৰ্মাণৰ কাৰণে অনুৰাগ কাশ্যপলৈ এই সন্মান দিয়া হৈছে। 

ইয়াৰ আগতে শ্বাহৰুখ খান, প্ৰিয়ংকা চোপ্ৰা, অনিল কাপুৰেও এই সন্মান লাভ কৰিছিল৷