দিগন্ত বৰ্মণ, বৰনৰ্দ্দীঃ নলবাৰী সমষ্টিৰ অন্তৰ্গত ধমধমা হাইস্কুলত থকা বন‍্যাৰ্ত আশ্ৰয় শিবিৰত থকা অঞ্চলটোৰ প্ৰায় ছশতাধিক বানপীড়িত ৰাইজক বৃহস্পতিবাৰে "অশোক শৰ্মা- ফ্ৰেণ্ডছ-ক্লাবৰ উদোগত দুপৰীয়া আহাৰ যোগান ধৰে৷ 

উল্লেখ‍্য‍ যে, নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা আৰু নলবাৰী জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকাৰ নেতৃত্বত বহন কৰা তথা অশোক শৰ্মা ফ্ৰেণ্ডছ-ক্লাবৰ অৰ্ধশতাধিক সদস্যই পুৱাৰ ভাগতেই ধমধমা হাইস্কুলৰ বানপীড়িত আশ্ৰয় শিবিৰত উপস্থিত হৈ বন‍্যাৰ্ত খা-খবৰ লয় আৰু তেওঁলোকে নিজেই খাদ্য প্ৰস্তুতি কৰি বালিতাৰা, চটাইবাৰী, ধমধমা আদি অঞ্চলৰ প্ৰায় ৬০০ শতাধিক বানপীড়িতক বিধায়ক অশোক শৰ্মাই নিজ হাতে দুপৰীয়াৰ এসাজ আহাৰ খোৱায়।

নলবাৰীৰ বিধায়ক অশোক শৰ্মাই বুধবাৰেও পুৱাৰে পৰা নিশা পৰ্য্যন্ত ধমধমা, বালিতাৰা, চটাইবাৰী, নমাটি আদিৰ বন‍্যাৰ্তৰ ওচৰত থকাৰ উপৰি অশোক শৰ্মা-ফ্ৰেণ্ডছ ক্লাবে বানপীড়িত লোকক সাহাৰ্য্য বিতৰন কৰে৷