দিগন্ত বৰ্মণ, বৰনৰ্দ্দীঃ নলবাৰী জিলাৰ বগুৰিহাটী অঞ্চলৰ চিত্ৰ কলাৰ আগশাৰী শিক্ষানুষ্ঠান শংকৰদেৱ কলা নিকেতনৰ উদ্যোগত আৰু নলবাৰী জিলাৰ আগশাৰীৰ সাহিত্য-সাংস্কৃতিক অনুষ্ঠান "প্ৰজন্ম" সহযোগত ২৪ আৰু ২৫ জুলাইত দুদিনীয়াকৈ বগুৰিহাটীৰ শংকৰদেৱ শিশু নিকেতন প্ৰাগংনত গ্ৰীষ্মকালীন  চাৰু-কাৰু কলাৰ কৰ্মশালা অনুষ্ঠিত হয়। 

কৰ্মশালাখন উদ্বোধন কৰে চিত্ৰ শিল্পী পদ্মনাথ দেৱ শৰ্মাই। অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে বগুৰিহাটী শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য দীনেশ তালুকদাৰ।  

নলবাৰী জিলাৰ বিশিষ্ট চিত্ৰ শিল্পী দিগন্ত বৰ্মনে মুখ্য প্ৰশিক্ষক হিচাপে কৰ্মশালাখনত শিক্ষাৰ্থী সকলক ডাঠ কাগজৰ মুখা নিৰ্মাণ, পেপাৰ ক্ৰাফ্ট আৰু অৰিগামীৰ প্ৰশিক্ষণো দিয়ে৷

প্ৰায় ৪০ গৰাকী শিক্ষাৰ্থী অংশ গ্ৰহণ কৰা কৰ্মশালাত শংকৰদেৱ কলা নিকেতনৰ অধ্যক্ষ দ্বিৰুপ তালুকদাৰে পৰিচালনা কৰা কৰ্মশালাত সহযোগী শিক্ষক হিচাপে উপস্থিত থাকে ভৃগু দাস আৰু প্ৰশিক্ষক হিচাপে উপস্থিত থাকে ছহিদুল হক চৌধুৰী।

‘প্ৰজন্ম’ৰ সভাপতি ৰাজীৱ শৰ্মা, কাৰ্যকৰী সভাপতি নিতু তালুকদাৰ, জুলু মহন্ত, সম্পাদকদ্বয় পাকিউৰ ৰহমান, দ্বিৰুপ তালুকদাৰৰ লগতে বিষয়ববীয়া সঞ্জয় শৰ্মা দিপজ্যোতি তালুকদাৰ উপস্থিত থাকে।

উক্ত অনুষ্ঠানৰ শেষত প্ৰতি গৰাকী শিক্ষাৰ্থীক অংশ গ্ৰহনৰ প্ৰমান পত্ৰ আৰু এখন প্ৰদৰ্শনীৰ ব্যাৱস্থা কৰা হয়। বৃহস্পতিবাৰে সামৰণি অনুষ্ঠানটোত অঞ্চলটোৰ কেবাগৰাকীও বিশিষ্ট ব্যক্তিৰ লগতে অভিভাৱক অভিভাৱিকা সকল উপস্থিত থাকে।