বৰপেটাৰোডঃ ভূটানৰ কুৰিশ্বু বান্ধৰ পানী এৰি দিয়াৰ ফলত বেকী নদীত বুধবাৰৰ নিশাৰপৰা পানী ক্ৰমাগতভাৱে বৃদ্ধি পাই আহিছে৷ যদিও বৃহস্পতিবাৰে বিয়লি ৫ বজালৈকে হ্ৰাস পাইছে এই ভূটানৰপৰা এৰি দিয়া পানী৷

বৃহস্পতিবাৰে দুপৰীয়া বিজেপি ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে বৰপেটা জিলাৰ গোবৰ্ধনাৰ লগতে বাক্সা জিলাৰ মানস ৰাষ্ট্ৰীয় উদ্যান সমীপৰ নাৰায়ণ গুৰি অঞ্চল পৰিভ্ৰমণ কৰি পানীৰ বুজ লয়।

এই সম্পৰ্কে শালবাৰী মহোকুমাধিপতি এন বি ওবাৰীয়ে সংবাদ মাধ্যমৰ কয় যে পুৱাৰ ভাগৰ তুলনামূলকভাৱে বেকীৰ জলপৃষ্ঠ ৩০পৰা ১০ ছে.মি হ্ৰাস পাইছে যদিও নৈপৰীয়া ৰাইজে কোনো ধৰণৰ ভয় খোৱাৰ প্ৰয়োজন নাই। তাৰোপৰি আমাৰ প্ৰশাসনৰ ফালৰপৰা এনডিআৰএফ আৰু এছ ডি আৰএফ বাহিনীৰ এটা বৃহৎ দল ৰাইজক উদ্ধাৰ কৰিবলৈ ২৪ ঘণ্টাই সষ্টম হৈ আছে বেকী নদীত বুলি ৰাইজক সকাহ দিলে৷