নতুন দিল্লীঃ চন্দ্ৰ মিছন দ্বিতীয়বাৰ ‘চন্দ্ৰযান-২’ৰ উৎক্ষেপণ কাৰিকৰী সমস্যাৰ বাবে ISROই স্থগিত কৰিছে৷ ইছৰোৰ তৰফৰপৰা সোমবাৰে পুৱতি নিশা ২.৫১ বজাত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাস্থিত সতীশ ধবন স্পেছ চেণ্টাৰৰপৰা উৎক্ষেপণ কৰাৰ কথা আছিল যদিও স্থগিত ৰখাৰ ফলত অতি শীঘ্ৰে নতুন তাৰিখৰ ঘোষণা কৰা হ’ব৷

‘চন্দ্ৰযান-২’ দেশৰ আটাইতকৈ শক্তিশালী ৰকেট GSLV MK-IIIৰপৰা উৎক্ষেপণ কৰাৰ কথা আছিল। প্ৰথমটো চন্দ্ৰ মিছনৰ সফলতাৰ ১১ বছৰৰ পিছত ৯৭৮ কোটি টকাৰ ব্যয়ত প্ৰস্তুত হোৱা চন্দ্ৰযান-২ৰ উৎক্ষেপণ কৰাৰ কথা আছিল।

‘চন্দ্ৰযান-২’ মিছনৰ জৰিয়তে চন্দ্ৰৰ বিষয়ে জানিবলৈ সহায় হ’ব লগতে ইয়াৰ জৰিয়তে নতুন তথ্যৰ সন্ধান উলিয়াব পৰা যাব৷

যাৰ ফলত ভাৰত তথা মানৱ সমাজৰ বাবে লাভদায়ক হ’ব। চন্দ্ৰযান-২ৰ উদ্দেশ্য চন্দ্ৰৰ বুকুত থকা উৎপাদকৰ অধ্যয়ন কৰি সন্ধান উলিওৱা যে তাৰ পাহাৰ আৰু মাটি কি কি উৎপাদকৰে প্ৰস্তুত হৈছে।

০২:৪০ বজাত ভাৰত মহাকাশ গৱেষনা প্ৰতিষ্ঠানটোৱে কয় যে চন্দ্ৰযান-২ত কাৰিকৰী সমস্যা দেখা গৈছে। সাৱধানতাৰ আধাৰত ‘চন্দ্ৰযান-২’ৰ উৎক্ষেপণৰ বাবে সোমবাৰে স্থগিত কৰা হৈছে। আনহাতে অতি সোনকালেই নতুন তাৰিখৰ ঘোষণা কৰা হ’ব বুলি জানিব পৰা গৈছে৷