ধ্রুৱজ্যোতি বড়া, শিৱসাগৰঃ শিৱসাগৰ জিলাৰ দিখৌমুখ ৰঘুবাৰী গাঁৱৰ ৰিতুমণি বড়া আৰু দিব্যলতা বড়াৰ একমাত্র কন্যা বৰ্ণালী বড়াৰ সাফল্যই আনন্দৰ জোৱাৰ আনিছে সমগ্র ৰাজ্যলৈ৷

উল্লেখ্য যে, ৪৫ কেজি শাখাত কমনৱেলথ লিফটিং চেম্পিয়নশ্বিপত ১৩২ কেজি দাঙি সোণৰ পদক জয় কৰিবলৈ সক্ষম হৈছে দিখৌমুখ উচ্চত্বৰ মাধ্যমিক বিদ্যালয়ৰ দ্বাদশ শ্রেণীৰ ছাত্রী বৰ্ণালীয়ে৷

সীমিত সা সুবিধাৰে দিখৌমুখৰে শৰতমোহন নেওঁগ আৰু গৌৰাংগ বড়াৰ তত্বাৱধানত ভাৰোত্তলনৰ আদি পাঠ গ্ৰহণ কৰিছিল তেওঁ৷

কৃষক পৰিয়ালৰ ছাত্রী বৰ্ণালীয়ে ইতিপূৰ্বে ৰাষ্ট্রীয় চেম্পিয়নশ্বিপ খিতাপ দখল কৰাৰ লগতে খেল ইণ্ডিয়াত নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে৷ ইফালে, ২০২০ চনত অনুষ্ঠিত হ'ব লগা অলিম্পিক শিবিৰলৈ নিৰ্বাচিত হৈছে বুলি জানিব পৰা গৈছে৷

৪ জুলাইত দেশৰ ৰাজধানী চহৰ দিল্লীৰ আন্তঃৰাষ্ট্রীয় বিমান বন্দৰৰপৰা খেলত অংশগ্রহন কৰিবলৈ দ্বীপনগৰী আপিয়া অভিমুখে ৰাওনা হৈছিল বৰ্ণালী৷ ৯ জুলাইৰপৰা ১৪ জুলাইলৈ অনুষ্ঠিত চমুৱাৰ আগিয়াত অনুষ্ঠিত হৈ থকা কমনৱেলথ গেমচৰ ভৰোত্তলনত ৪৫ কেজিত সোণৰ পদক জয় কৰা বৰ্ণালীক মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালেও শুভেচ্ছা জনাইছে৷