ডিজিটেল ডেস্কঃ শেহতীয়াকৈ সক্ৰিয় হৈ পৰা চাইবাৰ আক্ৰমণকাৰীৰ চকু এইবাৰ ভাৰতৰ পুৰণিকলীয়া এটিএম চিষ্টেমৰ ওপৰতো পৰিব পাৰে। এনেকুৱাই এক আশংকা ব্যক্ত কৰিছে চাইবাৰ বিশেষজ্ঞসকলে। 

ভাৰতত ৬০ শতাংশ এটিএমেই আক্ৰমণৰ বলি হ’ব পাৰে। অৰ্থাৎ প্ৰায় ১.২৫ লাখ এটিএম সম্প্ৰতি হাই ৰিস্কত আছে। উল্লেখ্য যে ভাৰতত প্ৰায়ভাগ এটিএমেই উইণ্ড’জ এক্সপিত চলে। 

এনে পুৰণিকলীয়া চিষ্টেমত আক্ৰমণ কৰাটো সহজ বুলি বিশেষজ্ঞই মত প্ৰকাশ কৰিছে। শুকুৰবাৰৰ আক্ৰমণৰ পিছত মাইক্ৰছফটে এটা ব্লগত কৈছে যে যিসকলে উইণ্ড’জ ৮, উইণ্ড’জ এক্সপি আৰু উইণ্ড’জ ২০০৩ ব্যৱহাৰ কৰি আছে, তেওঁলোক সতৰ্ক হৈ থকাটো প্ৰয়োজন।