ফখৰুল ইছলাম, দৰংঃ দৰঙৰ খাৰুপেটীয়া জয়ন্তী নগৰৰ শিক্ষক ৰতন ধৰৰ একমাত্ৰ পুত্ৰ ৰজত ধৰ যোৱা ২২ জুলাই পৰহি খাৰুপেটীয়া ইউনিয়ন বেংকত জমা টকা উঠাবলৈ গৈ ঘৰলৈ উভতি নাহিল ছাত্ৰজন। সন্ধানহীন ছাত্ৰ ৰজত ধৰ মংগলদৈ কমাৰ্চ কলেজৰ ছাত্ৰ। 

পিতৃয়ে থানাত এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈকে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কোনো তদন্ত আৰম্ভ কৰা নাই বুলি সন্ধানহীন ছাত্ৰৰ পৰিয়ালে অভিযোগ তুলিছে।

উল্লেখ্য যে, ছাত্ৰজনৰ সৈতে সিদিনা খাৰুপেটীয়া টাউনৰ বন্ধু এজনৰ মটৰ চাইকেলেৰে ৰাজপথৰে গৈ থকা এজনে প্ৰত্যক্ষ কৰিছিল। পিতৃয়ে সাংবাদিকক জানিবলৈ দিয়া মতে ছাত্ৰ ৰজত ধৰক মটৰ চাইকলত উঠাই নিয়া বন্ধুজনে তেওঁৰ সৈতে যোৱা নাই বুলি কৈছে যদিও তেওঁৰেই চক্ৰান্ত থাকিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে। 

এই ক্ষেত্ৰত আৰক্ষীয়ে সঠিক তদন্ত আৰম্ভ কৰিলে প্ৰকৃত ৰহস্য ওলাই পৰিব বুলি পৰিয়ালে আশা প্ৰকাশ কৰে। ছাত্ৰজনৰ সন্ধানহীনৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।