ফখৰুল ইছলাম,দৰংঃ বৰ লুইতৰ বাঢ়নী পানীয়ে দলগাঁও বিধান সভা সমষ্টিৰ বিভিন্ন অঞ্চল পুনৰ পানীয়ে বুৰাই পেলাইছে৷ সমষ্টিটোৰ বানাক্ৰান্ত সকলে দিশহাৰা হৈ পৰিছে। 

ব্ৰহ্মপুত্ৰৰ লগতে ধনশিৰি নৈয়ে নিদ্ৰাহৰণ কৰিছে কেইবাখনো গাঁওবাসীক। নৈ খনৰ বাঢ়নী পানীৰ কোবাল সোঁতত খহাই নিছে ঘৰ-বাৰী। খহনীয়াৰ কবলত পৰিছে শ্যামপুৰ পঞ্চায়তৰ নদীৰপাৰ নামৰ গাঁওখনত থকা ১ নং উত্তৰ নদীৰপাৰ প্ৰাথমিক বিদ্যালয়। 

বিদ্যালয়খন যিকোনো মুহুৰ্ততে উটুৱাই লৈ যাব পাৰে বানপানীৰ কোবাল সুঁতিয়ে। উল্লেখ্য যে, দৰঙৰ পুব মংগলদৈৰ অন্তৰ্গত বিশেষকৈ দলগাঁও সমষ্টিৰ বানাক্ৰান্ত সকলে খাদ্যৰ অভাৱত তীব্ৰ সংকটত ভূগিছে। চৰকাৰৰ বৈষম্যমূলক নীতিৰ ফলত খাদ্য সামগ্ৰীৰ লগতে নিশা তিৰপালৰ অভাৱত মুক্ত আকাশৰ তলত বিনিন্দ্ৰ ৰজনী কটাবলগীয়া হৈছে।

এইক্ষেত্ৰত একাংশ স্বেচ্ছাসেৱী সংগঠন আৰু ব্যক্তিয়ে সহায় সহযোগিতা আগবঢ়োৱাত কিছু সকাহ দিছে বানপীড়িতক। এসপ্তাহ পিছতেই বিদ্যালয় খোলা হ’ব যদিও বৃহস্পতিবাৰে বিদ্যালয়খন নৈত জাহ যোৱাৰ ফলত স্থানীয় ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত শোকৰ ছাঁ বিয়পিছে৷

উক্ত বিদ্যালয়খনক চৰকাৰে মেৰামতি কৰি দিব নে? কি হ’ব কণ কণ শিশুৰ শৈক্ষিক ভৱিষ্যত? স্থানীয় ৰাইজে চৰকাৰক বিদ্যালয়খন অতি শীঘ্ৰেই স্থানান্তৰ কৰাৰ দাবী জনাইছে।