গুৱাহাটীঃ দেশৰ বিভিন্ন ৰাজ্যত এতিয়াও লোকসভা নিৰ্বাচনৰ প্ৰক্ৰিয়া অন্ত পৰা নায়৷ সপ্তদশ লোকসভাৰ নিৰ্বাচনত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে ভাৰতীয় ক্ৰিকেটৰ অন্যতম তাৰকা বিৰাট কৌহলিয়ে। নতুন দিল্লীৰ ভাৰতীয় দলৰ বেটছমেন গৰকীয়ে আজি পুৱা ভাগত সাধাৰণ ৰাইজৰ লগত শাৰীপাতি সাব্যস্ত কৰে নিজৰ ভোটাধিকাৰ। নতুন দিল্লীৰ গুৰুগ্রামত ভোটাধিকাৰ সাব্যস্ত কৰি চ'চিয়েল মাধ্যম আৰু টুইটাৰত প্ৰকাশ কৰে "  voting is your right and responsibility towards nation building, go vote"।

 আনফালে, নাগৰিকত্বৰ দায়িত্ব পালন কৰে ভাৰতীয় দলৰ প্ৰাক্তন খেলুৱৈ তথা সপ্তদশ লোকসভাৰ নিৰ্বাচনৰ বিজেপি দলৰ পূব দিল্লীৰ প্ৰাৰ্থী গৌতম গম্ভীৰে। তেওঁ সাধাৰণ ভোটাৰৰ শাৰীত থিয় হৈ প্ৰাৰ্থী গৰাকীয়ে ভোটদান কৰে অলৰ্ড ৰাজিন্দ্ৰাৰ নগৰৰ ভোটকেন্দ্ৰত।