ডিজিটেল ডেস্কঃ এতিয়া অনবৰতে ম’বাইল টিপি ফেচবুক নকৰিলেও হ’ব। মগজুৰে নিৰ্দেশ দি চলাব পাৰিব ফেচবুক৷ কীবোৰ্ড নোহোৱাকৈয়ে চলাব পৰা যাব ফেচবুক৷ অবিশ্বাস্য হ’লেও কেইদিনমানৰ ভিতৰতে সম্ভৱ হ’ব এই কথা৷

♦ আহি আছে ছাইলেণ্ট স্পীচ্ছ্ প্ৰযুক্তি

ফেচবুকৰ এক নতুন প্ৰযুক্তিৰ সহায়ত মগজুৰেই আপুনি টাইপ কৰিব তথা ফেচবুক চলাব পাৰিব। ছ’চিয়েল ছাইটটোৰ বিশেষ টিম বিল্ডিঙৰ অভিযন্তা ৰেগিনা ডগনে প্ৰকাশ কৰিছে এই আশ্চৰ্যকৰ কথা৷

ছাইলেন্ট স্পীচ্ছ্ নামৰ এই বিশেষ ছফটৱেৰটোৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে প্ৰতি মিনিটত ১০৯ টা শব্দ মগজুৰ জৰিয়তে টাইপ কৰিব পাৰিব৷

উক্ত ছফটৱেৰটোৰ জৰিয়তে বৰ্তমান শব্দ কিছুমানৰ অৰ্থ উলিওৱাৰ উপৰিও যিকোনো গতিবেগতে শব্দবোৰ বুজি পোৱাৰ কাম বৰ্তমান কৰি থকা হৈছে৷

উক্ত প্ৰযুক্তিৰ বিষয়ে জুকাৰবাৰ্গে উল্লেখ কৰি কয় যে ম’বাইলৰ টাইপিঙতকে ৫ গুণ বেছি স্পীড থাকিব এই ফেচবুক টাইপিঙৰ।

ফেচবুকৰ এই বিশেষ তথা অত্যাধুনিক প্ৰযুক্তি ৰেগিনা ডগনৰ নেতৃত্বত কৰা হৈছে আৰু ৬০ জন বিজ্ঞানী এই কামটোৰ সৈতে জড়িত হৈ আছে৷  

এই প্ৰযুক্তিৰ সহায়ত অনাগত দিনসমূহত ফেচবুক ব্যৱহাৰ কৰিবলৈ আমাৰ হাতদুখনৰ প্ৰয়োজন নহ’লেও হ’ব বুলি দৃঢ় মত পোষণ কৰিছে ফেচবুক ডেভলপাৰ টীমে।