ডিজিটেল ডেস্কঃ আমি পিন্ধা ৰং-বিৰঙী চিন্থেটিক হাৱাই চেণ্ডেলেৰ আয়ুস খুব বেছি দুবছৰ। এই দুবছৰৰ পিছতে আমি এলাগী কৰা চেণ্ডেলযোৰ যায় ক’লৈ? তাৰে সৰহভাগেই পানীৰ সোঁতত বৈ গৈ সাগৰত জমা হয়গৈ।

এনেদৰেই হাৱাই চেণ্ডেলেৰে ভৰি পৰিছে সাগৰৰ বুকু। প্ৰাপ্ত তথ্য মতে, এছিয়া মহাদেশৰ ভাৰত আৰু চীনদেশৰপৰা বিশাল পৰিমাণৰ হাৱাই চেণ্ডেল আৱৰ্জনাৰ ৰূপত সাগৰৰ বুকুত জমা হৈ আহিছে।

২০৫০ বৰ্ষলৈ সাগৰত ওজন হিচাপত মাছতকৈ বেছি হাৱাই চেণ্ডেল থাকিব পাৰে বুলি পৰিৱেশ প্ৰদূষণ সংক্ৰান্ত শেহতীয়া তথ্যই বিজ্ঞানীসকলক চিন্তাত পেলাইছে। কেনিয়াৰ সংৰক্ষণ আৰু নৱীকৰণ সমাজকৰ্মী এৰিন স্মিথে দাবী কৰা মতে কেনিয়াৰ উপকূলৱৰ্তী অঞ্চললৈ ভাৰত আৰু চীনৰপৰাই মূলতঃ আবৰ্জনা আহে আৰু ইয়াৰ ভিতৰত সৰহভাগেই পেলনীয়া চেণ্ডেল।

পূৱ আফ্ৰিকাৰ উপকূলীয় অঞ্চলত জমা হোৱা এনে হাৱাই চেণ্ডেল উপজাত আৱৰ্জনাৰ পৰিমাণ বছৰি ৯০ টনৰো অধিক বুলি স্মিথে দাবী কৰে। এটা কোম্পানীয়ে এদিনত ১ লাখৰো অধিক হাৱাই চেণ্ডেল উৎপাদন কৰে। গ্ৰাহকৰপৰা গৈ অৱশেষত সেয়া কোনোপ্ৰকাৰে জলভাগত প্ৰৱেশ কৰে।

কোনোকালেই পচন নোহোৱা এই আৱৰ্জনাই পৰিৱেশ সংৰক্ষণকাৰীসকলৰ সমুখত এক বৃহৎ প্ৰত্যাহ্বান হিচাপে দেখা দিছে বুলি স্মিথে কয়।