খাৰুপেটীয়াঃ অসমৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও বান বিধ্বস্ত এলেকাত সমূহত মহামাৰী ৰূপ ধাৰণ কৰিছে বিভিন্ন বেমাৰে। কিন্তু চৰকাৰ কিম্বা প্ৰশাসনৰ কোনেও এই দুৰ্গত সকলক চিকিৎসা সেৱা আগবঢ়োৱাৰ কথা ভাবিবলৈকে সময় নাপালে। ফলত শিশুৰ পৰা ডেকা, গাভৰু, আবাল বৃদ্ধ আনকি গৰ্ভৱতী মহিলাই চিকিৎসা জনিত কাৰণত মূৰে কপালে হাত দিবলগীয়া হোৱা সময়ত এইবাৰ সুদুৰ কেৰেলাৰ পৰা পৰা তিনিজনকৈ চিকিৎসক, ঔষধ আৰু পেৰা মেডিকেলৰ টিম সহ উপস্থিত হল অসমৰ বান বিধ্বস্ত এলেকাত। উদ্দেশ্য, দুৰ্গত সকলক যৎকিঞ্চিত চিকিৎসা সেৱা আগবঢ়োৱা।

Integrated Professionals Forum চমুকৈ (IPF), কেৰালা মুছলিম জামাত আৰু ইছলামিক এডুকেচনেল বোৰ্ড অফ ইণ্ডিয়া চমুকৈ (IEBI) ৰ উদ্যোগত কালি দৰং জিলাৰ বিভিন্ন বানাক্ৰান্ত এলেকাত খাদ্য সামগ্ৰী বিতৰণ কৰাৰ লগতে চকু তোলা বজাৰ আৰু খেৰণি চাপৰিত থকা অস্থায়ী আশ্ৰয় শিবিৰত প্ৰায় পাঁচ শতাধিক লোকক বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়োৱাৰ লগতে প্ৰয়োজনীয় ঔষধ বিতৰণ কৰে। শিবিৰ সমূহৰ পৰা উভতি আহোতে ৰাতি হৈ যায় যদিও নৌকাৰে আহি থাকোতেও ব্ৰহ্মপুত্ৰ নৈৰ মাজতে চলে চিকিৎসা ।

চিকিৎসক সকলে মন্তব্য কৰা মতে, অধিকাংশ লোকৰে চৰ্ম ৰোগ আৰু গেলা পানীৰ পৰা সৃষ্টি হোৱা বিভিন্ন ৰোগত আক্ৰান্ত । সময়ত সঠিক চিকিৎসা কৰিব নোৱাৰিলে সংক্ৰামক ৰোগৰ দৰে ভয়াবহ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে। আনহাতে, গৰ্ভৱতী মহিলাই প্ৰয়োজনীয় চিকিৎসা লাভ নকৰাৰ ফলত মাতৃ আৰু গৰ্ভস্থ শিশুৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ আশংকা ব্যক্ত কৰে।

ইফালে, বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন সমূহৰ প্ৰতিনিপ্ৰতিনিধিত্ব কৰে ক্ৰমে কেৰেলা মুছলিম জামাতৰ ৰাজ্যিক সম্পাদক হাজী মুস্তফা, IEBI ৰ সঞ্চালক হাজী আব্দুল কৰিম আৰু ৰ অসমৰ প্ৰচাৰ সম্পাদক জয়নাল আব্দিনে। দুৰ্গত লোক সকলৰ অৱস্থা চাই তেওঁলোক মৰ্মাহত হয় আৰু চৰকাৰৰ শুভদৃষ্টিৰ কামনা কৰে। চৰাঞ্চলত তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰতো প্ৰয়োজনীয় ব্যৱস্থা লোৱাৰ আশ্বাস দিয়ে।

আনহাতে, চিকিৎসা সেৱা লাভ কৰি বানাক্ৰান্ত লোকসকলে সংগঠন কেইটাক ধন্যবাদ জ্ঞাপন কৰে। একাংশ লোকে সাংবাদিকৰ আগত কয়- স্বেচ্ছাসেৱী সংগঠনৰ বাহিৰে আমি কোনো চৰকাৰী সাহায্য নাপালো। আমাৰ দোষ কি? প্ৰশ্ন হৈছে- কত আছে চৰকাৰ বাহাদুৰ? কত আছে ৰাজ্যৰ স্বাস্থ্য বিভাগ? বানাক্ৰান্ত এলেকাত মহামাৰী ৰূপ ধাৰণ কৰিলে জাগিব নেকি চৰকাৰ প্ৰশাসন? শিবিৰ সমূহত নাই পৰ্যাপ্ত খাদ্য, নাই খোৱা পানী, নাই চিকিৎসা সেৱা ।