নতুন দিল্লীঃ দেশত দিনক-দিনে বৃদ্ধি পাবলৈ দুৰ্ঘটনাৰ সংখ্যা৷ যাৰ বাবে মোদীৰ চৰকাৰে এই বিষয়ক লৈ এক পৰিকল্পনা কৰিছে৷ 

দুৰ্ঘটনা ৰোধ কৰিবলৈ গাড়ীৰ টায়াৰ নিৰ্মাণত ৰবৰৰ লগতে ছিলিকন মিহলি কৰি টায়াৰত নাইট্ৰ’জেন গেছ ভৰোৱাটো নিশ্চিত কৰাৰ কথা প্ৰকাশ কৰিছে পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে৷

গাডকাৰীয়ে কয় যে পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে এইটো কাম কৰাৰ প্ৰয়োজন হৈ পৰিছে। কিয়নো নাইট্ৰ’জেন গেছে টায়াৰ ঠাণ্ডা কৰি ৰাখে আৰু ফাটি যোৱাত বাধা দিয়ে৷ সেয়ে গাড়ীৰ টায়াৰত নাইট্ৰ’জেন গেছ ভৰোৱাটো শীঘ্ৰে বাধ্যতামূলক কৰাৰ সম্ভাৱনা আছে। এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে এখন নীতি অনাক লৈ চিন্তা–চৰ্চা কৰিছে।

দৰাচলতে নাইট্ৰ’জেন গেছে গৰমত টায়াৰ ঠাণ্ডা কৰি ৰাখে আৰু টায়াৰৰ চাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। সেইবাবেই ফৰ্মূলা ৱান ৰেচিং কাৰৰ টায়াৰত কেৱল নাইট্ৰ’জেন গেছ ভৰোৱা হয়।

প্ৰতি বছৰে পথ দুৰ্ঘটনাত প্ৰায় ডেৰ লাখ লোকৰ মৃত্যু হয়। চৰকাৰে এই বিষয়টোক গুৰুত্ব সহকাৰে লৈছে আৰু দুৰ্ঘটনা ৰোধৰ বাবে নতুন আইন আনিব বিচাৰে। কিন্তু এই সম্বন্ধীয় বিধেয়ক এবছৰ ধৰি সদনত পৰি আছে। সেয়েহে এই বিধেয়কখন শীঘ্ৰে গৃহীত কৰাৰ বাবে অনুৰোধ জনায় গাডকাৰীয়ে। 

আনহাতে, গাড়ী চালনাৰ প্ৰশিক্ষণৰ বাবে দেশজুৰি ৮৫০ টা ড্ৰাইভিং ট্ৰেইনিং চেণ্টাৰ খোলা হ’ব বুলি মন্ত্ৰী গাডকাৰীয়ে প্ৰকাশ কৰে৷