ছুইডেনৰ এগৰাকী ১৬ বছৰীয়া কিশোৰী, যাৰ ওপৰত এতিয়া নিৱদ্ধ সমগ্ৰ পৃথিৱীৰ দৃষ্টি। যাৰ সবল কণ্ঠই চুই গৈছে বিশ্বৰ চুক-কোণ। এগৰাকী পৰিৱেশ কৰ্মী হিচাপে পৰিচিত এই স্কুলীয়া ছাত্ৰী গৰাকীৰ ভাষ্যই স্তম্ভিত কৰিছে বিশ্বৰ জনতাক। যোৱা ২৩ ছেপ্তেম্বৰত ৰাষ্ট্ৰসংঘত অনুষ্ঠিত হোৱা জলবায়ু পৰিৱৰ্তন সন্মিলনত কিশোৰীগৰাকীয়ে নিজ বক্তব্য প্ৰদানত বিশ্ব নেতাসকলক ক্ষুৰধাৰ সমালোচনা কৰি থকাসৰকা কৰে।

এই সাহসী আৰু বাকপটু কিশোৰীগৰাকীৰ নাম গ্ৰেটা থানবাৰ্গ। শেহতীয়াকৈ বিশ্বৰ সংবাদ শিৰোনাম দখল কৰি আছে গ্ৰেটাই। বিশ্বৰ বৰ্তমান জলবায়ু আৰু পৰিৱেশৰ ওপৰত বক্তব্য ৰখা গ্ৰেটা থানবাৰ্গে চকুত চকুপানী আৰু বুকুত ক্ষোভ লৈ সন্মিলনত বিশ্ব নেতাসকলৰ ওপৰত গ্ৰীন হাউছ গেছৰ নিৰ্গমনৰ পৰা ৰক্ষা পোৱাত ব্যৰ্থ হোৱাৰ অভিযোগ তোলে। নেতাসকলে গ্ৰীণ হাউছ নিৰ্গমনৰ পৰা পৃথিৱীক মুক্ত কৰাত ব্যৰ্থ হৈ ভৱিষ্যত প্ৰজন্মক বিশ্বাসঘাতকতা কৰা বুলি অভিযোগ কৰে।

তেওঁ প্ৰশ্ন কৰে, আপোনালোকে এনেকুৱা কৰিবলৈ কেনেকৈ সাহস কৰিলে? জলবায়ু পৰিৱৰ্তনৰ সমস্যাৰ ক্ষেত্ৰত আপোনালোকে আমাক প্ৰৱঞ্চনা কৰিছে। আপোনালোকে যদি এই ক্ষেত্ৰত উচিত পদক্ষেপ নলয় তেন্তে যুৱ প্ৰজন্মই আপোনালোকক কেতিয়াও ক্ষমা নকৰে। আপোনালোকে আমাৰ সপোন, আমাৰ শৈশৱ আপোনালোকৰ চলাহী কথা আৰু চাতুৰিপূৰ্ণ শব্দৰে কাঢ়ি নিছে।  আপোনালোকে আমাক নিৰাশ কৰিছে, লাহে লাহে যুৱ প্ৰজন্মই আপোনালোকৰ বিশ্বাসঘাতকতা বুজিবলৈ আৰম্ভ কৰিছে। মানুহ মৰি আছে, সম্পূৰ্ণ পৰিস্থিতি তন্ত্ৰ ধ্বংস হৈ আছে। আমি এক বিশাল বিলুপ্তিৰ দিশে গতি কৰিছো আৰু আপোনালোকে এতিয়াও পইচা আৰু আৰ্থিক বিকাশৰ কাল্পনিক কথাক লৈ আলোচনাত ব্যস্ত আছে! আপোনালোকে আমাৰ লগত এনে প্ৰতাৰণা নকৰিব। আপোনালোকে আমাক ধ্বংসৰ গৰাহলৈ ঠেলি দিছে। যুৱ প্ৰজন্মৰ চকু আপোনালোকৰ ওপৰত আছে আৰু যদি আপোনালোকে আমাক ধ্বংসৰ গৰাহলৈ যোৱাৰ পৰা ৰক্ষা নকৰে তেন্তে আমি আপোনালোকক কেতিয়াও ক্ষমা নকৰিম। বিশ্ব এতিয়া জাগ্ৰত হৈছে আৰু পৰিৱৰ্তন হ’বলৈ গৈ আছে, সেয়া লাগিলে আপোনালোকৰ পছন্দ হওক বা নহওক। সময় থাকোতেই আপোনালোক সৰ্তক হওঁক। 

গ্ৰেটাৰ সবল যাত্ৰাঃ

২০০৩ চনৰ ৩ জানুৱাৰীত ছুইডেনত জন্মগ্ৰহণ কৰিছিল গ্ৰেটা থানবাৰ্গে। পিতৃৰ নাম ছাভেণ্টে থানবাৰ্গ আৰু মাতৃৰ নাম মালেনা এৰনামন। জীৱনৰ ১৫ বছৰ বয়সৰ পৰাই  সমগ্ৰ বিশ্বত জলবায়ু পৰিৱৰ্তন ৰোধৰ বাবে মাত মাতি আহিছে গ্ৰেটাই। ২০১৮ চনৰ আগষ্ট মাহত, বিশ্বত প্ৰথমবাৰলৈ ‘School Strike For Climate’ অৰ্থাৎ ‘জলবায়ুৰ বাবে বিদ্যালয় ধৰ্মঘট’ কাৰ্য্যসূচীৰ অৱতাৰণা কৰি গ্ৰেটাই ছুইডেনৰ সংসদৰ সন্মুখত অকলেই ধৰ্ণাত বহে আৰু তেতিয়াৰে পৰা তেওঁ প্ৰত্যেক শুক্ৰবাৰে স্কুলৰ শ্ৰেণী বৰ্জন কৰি জলবায়ু পৰিৱৰ্তন নিয়ন্ত্ৰণৰ বাবে কাৰ্য্যব্যৱস্থা লোৱাৰ দাবী উত্থাপন কৰি আহিছে। তেতিয়াৰে পৰা কিশোৰীগৰাকীৰ কাৰ্যই আন্তৰ্জাতিক সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিছিল৷ প্ৰতি শুকুৰবাৰে স্কুল খতি কৰি ছুইডেনৰ সংসদৰ সন্মুখত প্লে কাৰ্ড-বেনাৰ লৈ ছুইডেনৰ সংসদৰ সন্মুখত থিয় হৈ থকা গ্ৰেটাৰ নীৰৱ আন্দোলন ছ’চিয়েল মিডিয়াত অতি দ্ৰুতগতিত সমগ্ৰ বিশ্বতে বিয়পি পৰে আৰু তেওঁৰ আন্দোলনে নাম পায় ‘Fridays For Future’৷ ২০১৮ চনৰ ডিচেম্বৰ মাহত ছুইজাৰলেণ্ডৰ ডাভোচত অনুষ্ঠিত আন্তৰ্জাতিক পৰিৱেশ সন্মিলনত পৰিৱেশক লৈ বক্তব্য দাঙি ধৰাৰ সুযোগ পায় গ্ৰেটাই৷ সেই আন্তৰ্জাতিক মঞ্চত তেওঁৰ নিৰ্ভীক কণ্ঠই পৰিৱেশ সম্পৰ্কে সকলোকে ভবাই তুলিছিল৷ গ্ৰেটাৰ পথ অনুসৰণ কৰিয়েই এতিয়া বিশ্বৰ অনেক ছাত্ৰ-ছাত্ৰী অণুপ্ৰাণিত হৈ তেওঁৰ কাষত থিয় দিছেহি৷

অসুস্থ গ্ৰেটাঃ

সুস্থ মন মগজুৰে বিশ্বত খলকনি তুলিবলৈ সক্ষম হোৱা গ্ৰেটা থানবাৰ্গ কিন্তু শাৰীৰিক ভাৱে অসুস্থ৷ অটিজিমত আক্ৰান্ত কিশোৰীগৰাকী৷ ‘এছপাৰ্গাৰ চিনড্ৰোম’ নামৰ অটিজিম ৰোগত ভূগি আছে গ্ৰেটা৷ এক মানসিক বিকাশজনিত বাধাগ্ৰস্ততা, অৱছেছিভ কম্পালছিভ ডিছঅৰ্ডাৰত আক্ৰান্ত গ্ৰেটাই দীৰ্ঘদিন ধৰি অৱসাদ, বিষণ্ণতা আৰু চিন্তাৰ সৈতে যুঁজ দি আহিছে৷ এই ৰোগত আক্ৰান্ত ৰোগীয়ে ভালদৰে কথা ক’ব নোৱাৰে৷ আনৰ আচৰণ ভালদৰে বুজি নাপায় আৰু এওঁলোকৰ চিন্তাশক্তিও অতি দুৰ্বল৷ একেটা কথাই বাৰে বাৰে এওঁলোকৰ মনলৈ আহি থাকে৷ এনে ৰোগী সামাজিক সম্পৰ্ক ৰক্ষা কৰাতো অসমৰ্থ৷ উল্লেখ্য যে ‘এছপাৰ্গাৰ চিনড্ৰোম’ নিৰ্মূল কৰাৰ কোনো উপায় নাই৷ মাত্ৰ থেৰাপি আৰু উপযুক্ত চিকিৎসাৰ দ্বাৰা ইয়াক অলপ নিয়ন্ত্ৰণ কৰিব পাৰি৷ এনে ৰোগীয়ে কেতিয়াও এগৰাকী সাধাৰণ মানুহৰ দৰে জীৱন কটাব নোৱাৰে৷ সম্পূৰ্ণ ৰূপে ৰোগটো দূৰ কৰাৰ কোনো উপায় এতিয়ালৈকে আৱিষ্কাৰ হোৱা নাই৷ তাৰপাছতো গ্ৰেটা থানবাৰ্গৰ এই সাহসী আৰু সবল পদক্ষেপ নিশ্চয়কৈ আশ্চৰ্যকৰ বুলিয়েই ক’ব লাগিব৷

ন’বেল বঁটাৰ বাবে নাম মনোনীতঃ

২০১৮ চনত টাইম আলোচনীৰ দ্বাৰা বিশ্বৰ ২৫ গৰাকী সৰ্বাধিক প্ৰভাৱশালী কিশোৰ-কিশোৰীৰ তালিকাত স্থান দখল কৰা গ্ৰেটা থানবাৰ্গৰ নাম ২০১৯ চনৰ শান্তিৰ নোবেল বঁটাৰ বাবে নৰৱেৰ তিনিজন মন্ত্ৰীয়ে মনোনীত কৰিছে। বিশ্বৰ জলবায়ু পৰিৱৰ্তনৰ বাবে নিৰলস সংগ্ৰাম চলাই বিশ্বৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীক তথা যুৱ প্ৰজন্মৰ অনেকক উদ্বুদ্ধ কৰা গ্ৰেটাৰ প্ৰতি উপযুক্ত সন্মান যাঁচিবৰ বাবেই এই সিদ্ধান্ত লয় নৰৱেৰ মন্ত্ৰীয়ে৷ এইবাৰৰ ন’বেল বঁটা যদি কিশোৰীগৰাকীয়ে পাবলৈ সক্ষম হয় তেন্তে বিশ্বৰ সৰ্বকণিষ্ঠ ন’বেল বঁটা বিজয়ী হিচাপে অভিলেখ গঢ়িব গ্ৰেটা থানবাৰ্গে৷