গুৱাহাটীঃ অসমৰ শক্তিশালী মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ত দুৰ্বৃত্তৰ ভয়ংকৰ আক্ৰমণ। পশ্চিমবংগত সংঘটিত হয় এই আক্ৰমণৰ ঘটনা।

পশ্চিমবংগ পশ্চিম মেদিনীপূৰত এই আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। হিমন্ত বিশ্বৰ শৰ্মাৰ সৈতে পশ্চিমবংগৰ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ ঘোষ আছিল হিমন্ত বিশ্ব শৰ্মাৰ সৈতে একেখন গাড়ীতে। 

এই আক্ৰমণৰ ফলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু দিলীপ ঘোষ নিৰাপদে আছে যদিও বহুকেইজন বিজেপি কর্মী দুৰ্বৃত্তৰ আক্ৰমণত আহত হয়। দুৰ্বৃত্তৰ আক্ৰমণ ইমানেই ভয়ংকৰ আছিল যে দুখনকৈ গাড়ী বহু পৰিমানে ক্ষতি সাধন কৰে। আনহাতে, এই আক্ৰমণত তৃণমূল কংগ্ৰেছ কর্মী জড়িত থকা বুলি সন্দেহ কৰিছে বিজেপি কর্মীসকলে।

দৰাচলতে মংগলবাৰে পশ্চিমবংগৰ কাণ্ঠী লোকসভাৰ সমষ্টিত বিজেপি দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই ঘূৰি অহাৰ মুহুৰ্তত পশ্চিম বেলোচৰাত দুৰ্বৃত্তৰ ভয়ংকৰ আক্ৰমণত পতিত হৈছিল অসমৰ প্ৰভাৱশালী মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কনভয় গাড়ী। মন্ত্ৰী হিমন্তৰ সৈতে আছিল পশ্চিমবঙ্গৰ বিজেপি ৰাজ্যিক সভাপতি দিলীপ ঘোষ আৰু ভালে সংখ্যক সমৰ্থক। 

বিজেপিৰ দলটোৰ ওপৰত দুৰ্বৃত্তই আক্ৰমণৰ কৰাৰ ঘটনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ তেওঁ কয় যে নিকৃষ্ট ৰাজনীতি কৰিছে মমতা বাহিনীয়ে। লগতে ৰাজনীতিত শত্ৰুতা থাকে কিন্তু এনে শত্ৰুতা আগতে কেতিয়াও দেখা নাছিলো।

ইফালে, ঘটনাৰ সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে এই ঘটনাৰ গণতন্ত্ৰৰ বাবে শুভ লক্ষণ নহয়। গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰাৰ ঘটনা নিন্দনীয়। লগতে পশ্চিমবঙ্গৰ চৰকাৰক দুখীক অতি সোনকালে চিনাক্ত কৰি উচিত শাস্তি প্ৰদান কৰাৰ বাবেও আহ্বান জনাই অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে।

উল্লেখ্য যে, দুৰ্বৃত্তৰ দলটোৰ আক্ৰমণত হিমন্ত বিশ্ব দুখন কনভয় বাহন ক্ষতি সাধন হোৱাৰ লগতে বিজেপি সমৰ্থক সকলৰ প্ৰায় ২০ খনকৈ মটৰ চাইকেল আক্ৰমণত ক্ষতি সাধন হয়।