ডিজিটেল ডেস্কঃ ডিজিটেল ইণ্ডিয়া সম্পুৰ্ণ ৰূপে বাস্তৱায়িত কৰিবলৈ চেষ্টাৰ ক্ৰতি কৰা নাই কেন্দ্ৰীয় চৰকাৰে৷ এইবাৰ কৰ দাতাসকলৰ সুবিধাৰ্থে নতুন এপ মুকলি কৰিলে কেন্দ্ৰীয় চৰকাৰে৷

 

সোমবাৰে’আয়কৰ সেতু’ নামৰ উক্ত এপটো মুকলি কৰে বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে৷ আয়কৰ দপ্তৰৰ নতুন এপত ইউজাৰ্চে পেন আৰু আধাৰ কাৰ্ডৰ নম্বৰ সংযোজিত কৰিব পাৰিব৷

বৰ্তমান এই এপটো এনড্ৰয়েড ফোনসমুহত উপলব্ধ যদিও অতি সোনকালে ডেস্কটপসমুহতো ব্যৱহাৰ কৰিব পৰা যাব৷  গুগুল প্লেষ্টৰৰ ওপৰিও ৭৩০৬৫২৫২৫২এই নম্বৰটোত মিছ্ড ক’ল দিও গ্ৰাহকে ডাউনলোড কৰিব পাৰিব আয়কৰ সেতু৷  

উক্ত এপৰ জৰিয়তে গ্ৰাহকে আয়কৰ সম্পৰ্কীয় যিকোনো অভিযোগ তথা বিশেষজ্ঞৰ মত ল’ব পাৰিব৷ পুৱা ১০বজাৰ পৰা সন্ধিয়া ৬বজালৈ বিশেষজ্ঞৰ সৈতে লাইভত আলোচনা কৰিব পাৰিব ইউজাৰ্চে৷

যিসকল গ্ৰাহকে এছএমএছ এলাৰ্ট বিছাৰে তেওঁলোকে নিজৰ ম’বাইল নম্বৰ ৰেজিষ্টাৰ কৰিব লাগিব। তদুপৰি কৰ সম্পৰ্কীয় তাৰিখ আৰু বিভিন্ন গুৰুত্বপুৰ্ণ তথ্য গ্ৰাহকক দৈনিক অৱগত কৰিব আয়কৰ সেতুৱে৷