নতুন দিল্লীঃ ⁠⁠⁠এতিয়ালৈ মুঠ গ্ৰাহকৰ প্ৰায় ৭০ শতাংশই আদৰি লৈছে জিঅ’ৰ প্ৰাইম সদস্যপদ৷ আজি এই কথা সদৰী কৰে টেলিকম প্ৰতিষ্ঠানটোৰ শীৰ্ষ সূত্ৰই। কেৱল ইমানেই নহয়, বাকী থকা গ্ৰাহকসকলেও যাতে প্ৰাইম সদস্যপদ ল'ব পাৰে তাৰ বাবে আৰু ১৫ দিনৰ সময়সীমা বৃদ্ধি কৰিছে প্ৰতিষ্ঠানটোৱে।

পূৰ্বতে ৩১ মাৰ্চৰ নিশা ১২ বজাৰ লগে লগে জিঅ’ৰ বিনামুলীয়া সেৱা অন্ত পৰাৰ কথা আছিল৷ গ্ৰাহকসকলৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই সিদ্ধান্ত লোৱা বুলি সদৰী কৰিছে প্ৰতিষ্ঠানটোৱে।

'যিসকল গ্ৰাহকে ৩১ মাৰ্চৰ ভিতৰত প্ৰাইম সদস্যপদ গ্ৰহণ কৰিব নোৱাৰিলে সেইসকলে চিন্তিত হোৱাৰ কোনো কাৰণ নাই। কিয়নো এতিয়া ১৫ এপ্ৰিল পৰ্যন্ত ৯৯ টকাৰ লগতে ৩০৩ টকা বা আন প্লেন ক্ৰয় কৰিব পাৰিব।'-এক বিবৃতিত এইদৰে কয় জিঅ'ৰ এগৰাকী শীৰ্ষ বিষয়াই।

আনহাতে জিঅ' প্ৰাইম সদস্যপদ গ্ৰহণ কৰা গ্ৰাহকসকলৰ বাবে জিঅ' ছামাৰ ছাৰপ্ৰাইজ অফাৰো ঘোষণা কৰে টেলিকম প্ৰতিষ্ঠানটোৱে।

'প্ৰতিজন প্ৰাইম মেম্বাৰে ১৫ এপ্ৰিলৰ ভিতৰত ৩০৩ টকা বা তাতকৈ উচ্চ মূল্যৰ প্লেন ল'লে প্ৰথম ৩ মাহৰ বাবে অভিনন্দনমূলক সেৱা লাভ কৰিব। এই অভিনন্দনমূলক সেৱাৰ ম্যাদ উকলাৰ পিছতহে ক্ৰয় কৰা প্লেন প্ৰযোজ্য হ'ব।'- গ্ৰাহকসকলক উদ্দেশ্যি লিখা পত্ৰত এইদৰে উল্লেখ কৰে প্ৰতিষ্ঠানটোৰ অধ্যক্ষ মুকেশ আম্বানিয়ে।

উল্লেখ্য যে, বিগত বৰ্ষৰ ছেপ্তেম্বৰ মাহত বিনামূলীয়া সেৱা আৰম্ভ কৰাৰ পিছতে দেশবাসীৰ মাজত ব্যাপক জনপ্ৰিয়তা পাবলৈ সমৰ্থ হোৱা জিঅ’ৰ বৰ্তমান গ্ৰাহকৰ সংখ্যা হৈছে ১০০ মিলিয়ন৷ইয়াৰে ৭২ মিলিয়নে ইতিমধ্যে প্ৰাইম সদস্যপদ অফাৰ আদৰি লৈছে।