নতুন দিল্লীঃ কৰাচীৰ এখন ব্যক্তিগত বিদ্যালয়ৰ সাংস্কৃতিক অনুষ্ঠানত বলিউডৰ জনপ্ৰিয় গীত ‘ফীৰ ভি দিল হে’ হিন্দুস্তানী’ৰ তালে তালে এজাক শিশুৱে নৃত্য কৰিছিল৷ মঞ্চৰ পিছফালে স্ক্ৰীণত দেখুওৱা হৈছিল ভাৰতৰ জাতীয় পতাকা৷ ইয়াৰ পাছতেই খড়্গহস্ত হৈ পৰিছে চৰকাৰী কৰ্তৃপক্ষই৷

মামা বেবী কেয়াৰ স্কুল নামৰ বিদ্যালয়খনত এনেদৰে ভাৰতৰ গুণ-গান গোৱা দেখি বিদ্যালয়সমূহৰ পঞ্জীয়ন সঞ্চালকালয়ে ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনৰ পঞ্জীয়ন নাকচ কৰিছে৷

সঞ্চালকালয়ে এক পত্ৰত উল্লেখ কৰে যে এই প্ৰৰ্দশন গ্ৰহণযোগ্য হোৱা নাই আৰু ই দেশৰ একতাৰ বিপক্ষে গৈছে৷ এনেধৰণৰ কাৰ্যৰ বিৰুদ্ধে সঞ্চালকালয়ে কেতিয়াও সহ্য নকৰে বুলি উল্লেখ কৰে৷ 

উল্লেখ্য যে, পাকিস্তানৰ কৰ্তৃপক্ষই বিদ্যালয়ৰ কৰ্তৃপক্ষক ব্যক্তিগতভাৱে সঞ্চালকালয়ত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে যদিও এই নিৰ্দেশ অৱমাননা কৰাৰ বাবেই বিদ্যালয়খনৰ সকলো শাখাৰে পঞ্জীয়ন নাকচ কৰা হয়৷