পলিমা চেতিয়া বসুমতাৰী, কাজিৰঙাঃ অন্ন-বস্ত্ৰ-বাসস্থানৰ বাবে হাহাঁকাৰ কৰা এজাক মানুহৰ মাজত বুধবাৰে আহি উপস্থিত হয়হি গুৱাহাটীস্থিত KAMAKHYA EQUIPMENTS PRIVATE LIMITED নামৰ এটা Leugong কোম্পানীৰ এটা ডিলাৰ৷

মানৱ সেৱাৰ উদ্দেশ্যেৰে এই আদৰ্শবান কোম্পানীটোৱে বানাক্ৰান্ত শ’লমৰা, ২ নং কহঁৰা, মহপৰা আদি গাঁৱৰ তিনিশটা পৰিয়ালক বিনামূলীয়াকৈ বান সাহাৰ্য্য হিচাবে খাদ্যৰ টোপোলা প্ৰদান কৰে৷ কাজিৰঙাৰ শ’লমৰা, মহপৰা, কহঁৰা আদি গাঁৱত বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছিলি৷ সেই ভয়াবহ বানৰপৰা নিজৰ জীৱনটোক বচাবলৈ বানাক্ৰান্ত ৰাইজে আশ্ৰয় লৈছিল অস্থায়ী বনশিবিৰ সমূহত৷ ক্ৰমাৎ পানী শুকাবলৈ ধৰাত এতিয়া বানাক্ৰান্ত ৰাইজ নিজৰ মৰমৰ ঘৰখনলৈ উভতি গৈছে কিন্তু  তেওঁলোকৰ হাতত এতিয়া নাই খাদ্যৰ নামত দুবেলা-দুসাজ খাবলৈ ফুটাকড়ি এটাও৷ 

যি সময়ত ৰাজ্যৰ বানাক্ৰান্তই এমুঠি অন্ন আৰু বস্ত্ৰৰ বাবে হাহাকাৰ কৰিছে সেই সময়ত “মানুহে মানুহৰ বাবে” ভূপেনদাই গাই যোৱা সেই চিৰসেউজ গীতক আখৰে-আখৰে প্ৰমাণ কৰিবলৈকে সাম্প্ৰতিক সময়ত একাংশ মানৱ দৰদী লোক আগবাঢ়ি আহিছে বানাক্ৰান্ত সকলক সহায়ৰ হাত আগবঢ়াবলৈ৷ সেই উদ্দেশ্যে গুৱাহাটীৰ KAMAKHYA EQUIPMENTS PRIVATE LIMITED নামৰ কোম্পানীটো বান সাহাৰ্য্যলৈ উপস্থিত হয়হি কাজিৰঙাত৷ 

বানত সৰ্বস্ব হেৰুওৱা লোক সকলৰ কাষত উপস্থিত হৈ কোম্পানীটোৱে প্ৰায় তিনিশ পৰিয়ালক একোটাকৈ খাদ্যৰ টোপোলা বিতৰণ কৰে। উক্ত খাদ্যৰ টোপোলাটোত চিৰা, মুড়ি, গাখীৰ, পানী বটল এটাকে ধৰি বিস্কুট আদি বিতৰণ কৰাৰ লগতে মহিলা আৰু যুৱতী সকলৰ বাবে অত্যাৱশ্যকীয় চেনিটেৰী নেপকিনৰ পেকেটো প্ৰদান কৰে৷ উক্ত বান সাহাৰ্য্য বিতৰণ অনুষ্ঠানটোত উপস্থিত থাকে KAMAKHYA EQUIPMENTS PRIVATE LIMITED কোম্পানীটোৰ পৰিচালক ৰক্তিম বড়ো, বিষয় ববীয়া ক্ৰমে অতুল নাথ, প্ৰদীপ ৰাজবংশী, সমৰজিৎ সিন্হা, লোহিতা দত্ত, ভনিতা কুমাৰী দাস উপস্থিত থাকে ৷এই সহৃদয়বান লোকসকলে বানাক্ৰান্ত লোকসকলৰ লগত মত বিনিময় কৰি তেওঁলোকৰ সামগ্ৰিক সমস্যাৰো বুজ লয়৷

সমান্তৰালভাৱে বোকাখাতৰ পানবাৰীৰ এজন আদৰ্শবান যুৱক অকু দাসে বানাক্ৰান্তৰ বাবে নিৰৱে বহু কাম কৰি যোৱাৰ নিৰ্দশন অতিকে আদৰ্শনীয়৷ অকু দাসে  ব্যক্তিগতভাৱে মেঠনিৰপৰা বাগৰি লৈকে ৰাস্তাত বসবাস কৰি থকা বানাক্ৰান্তৰ লগতে জীৱ জন্তু জীৱন ৰক্ষাৰ বাবে কাম কৰি থকা প্ৰশাসন বিষয়া সকলক যোৱা ১৬-০৭- ২০১৯ তাৰিখে নিজ পৰিয়ালৰ সৈতে তেখেতে ব্যক্তিগত ভাৱে মেঠনিৰপৰা বাগৰি লৈকে ৰাস্তাত বসবাস কৰি থকা বানাক্ৰান্তৰ লগতে জীৱ জন্তু জীৱন ৰক্ষাৰ বাবে কাম কৰি থকা প্ৰশাসন বিষয়া সকলক যোৱা ১৬-০৭-২০১৯ তাৰিখে নিজ পৰিয়ালৰ সৈতে লুচি ভাজি আৰু ১৭-০৭-২০১৯ তাৰিখে খিচিৰি খোৱায়। 

লগতে ২৩ তাৰিখে কণ কণ ল'ৰা ছোৱালীবোৰক স্কুল বেগ আৰু বহী কলম দিয়ে। ৱালৰ সৈতে লুচি ভাজি আৰু ১৭-০৭-২০১৯ তাৰিখে খিচিৰি খোৱায়। লগতে ২৩ তাৰিখে কণ কণ ল'ৰা ছোৱালী বোৰক স্কুল বেগ আৰু বহী কলম আৰু কাপোৰো প্ৰদান কৰে৷ সাম্প্ৰতিক সময়ত সঘনাই মানৱতা লুণ্ঠিত হোৱা বুলি উচ্চাৰিত বহু কণ্ঠৰ বিপৰীতে এনে মানৱ সেৱাৰ আদৰ্শই সমাজলৈ এক আশাৰ বতৰা কঢ়িয়াই আনিছে৷