কাজিৰঙা, পলিমা চেতিয়া বসুমতাৰীঃ যি সময়ত ৰাজ্যৰ বানাক্ৰান্তই এমুঠি অন্ন আৰু বস্ত্ৰৰ বাবে হাহাকাৰ কৰিছে সেই সময়ত “মানুহে মানুহৰ বাবে” ভূপেনদাই গাই যোৱা সেই চিৰসেউজ গীতক আখৰে-আখৰে প্ৰমাণ কৰিবলৈকে সাম্প্ৰতিক সময়ত একাংশ মানৱ দৰদী লোক আগবাঢ়ি আহিছে বানাক্ৰান্ত সকলক সহায়ৰ হাত আগবঢ়াবলৈ৷ 

"প্ৰিয়বন্ধু" নামৰ বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনটোৱে বোকাখাতৰ ডিফলু পথাৰত বান সাহাৰ্য্যলৈ উপস্থিত হয়৷ স্বেচ্ছাসেৱী সংগঠন "প্ৰিয়বন্ধু"ৰ প্ৰতিষ্ঠাপক তথা সভানেত্ৰী অৰ্চনা বৰঠাকুৰৰ উদ্যোগত অহা সাহাৰ্য্যকাৰী দলটোত সতে অহা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ক্ৰমে ভৃগু কাশ্যপ, মণ্টুমণি শইকীয়া আৰু ৰাকেশ ৰিয়ানেও বানে বিধ্বস্ত কৰা বোকাখাতৰ ডিফলু পথাৰত বান সাহাৰ্য্য বিতৰণ কৰে৷ 

বানত সৰ্বস্ব হেৰুওৱা ডিফলু পথাৰৰ বানাক্ৰান্ত সকলৰ মাজত ’প্ৰিয়বন্ধু’ৰ দলটোৱে চাউল, দালি, মিঠাতেল, চয়াবিন, চাবোন, চেনিটেৰী নেপকিনকে আদি কৰি শিশুৰ খাদ্যও বিতৰণ কৰে৷ নিজ হাতে বানাক্ৰান্ত সকলৰ মাজত "প্ৰিয়বন্ধু"ৰ হৈ সাহায্য সামগ্ৰী সমূহ বিতৰণ কৰে সংগঠনটোৰ প্ৰতিষ্ঠাপক তথা সভানেত্ৰী অৰ্চনা বৰঠাকুৰ আৰু কণ্ঠশিল্পী তিনিগৰাকীয়ে৷ বানত সকলোবোৰ হেৰুওৱা বানাক্ৰান্ত সকলক অকনমান সহায়ৰ বাবে সকলোকে আগবাঢ়ি আহিবলৈ আহ্বান জনাই স্বেচ্ছাসেৱী সংগঠন "প্ৰিয়বন্ধু"ৰ লগতে অসমৰ এই তিনি জনপ্ৰিয় কণ্ঠশিল্পীয়ে৷