বোকাখাতঃ শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ৮৯ সংখ্যক বাৰ্ষিক অধিৱেশনখন বোকাখাতৰ ঐতিহ্যমণ্ডিত কমাৰগাঁৱৰ দিহিঙীয়া মহুৰা পথাৰত "বিশ্ব ঐতিহ্য কাজিৰঙা সমন্বয় ক্ষেত্ৰ"ত অহা ৫,৬,৭ আৰু ৮ ফেব্ৰুৱাৰী ২০২০ তাৰিখে অনুষ্ঠিত হ'ব৷ 

ইতিমধ্যে আদৰণি সমিতিৰ জৰিয়তে অধিৱেশনৰ প্ৰস্তুতিৰ কাম-কাজ পূৰ্ণগতিত অব্যাহত আছে৷ বোকাখাতবাসী ভক্তপ্ৰাণ বাপ-বান্ধৱ, ৰাইজৰ বহু আকাংক্ষিত ৮৯ সংখ্যক বাৰ্ষিক অধিৱেশনলৈ মাজত মাত্ৰ ছয়টা মাহ বাকী আছে৷ অধিৱেশনখনৰ লগত সংগতি ৰাখি এখনি আটক ধুনীয়া গ্ৰন্থমেলা, প্ৰদৰ্শনী আৰু বহিঃ বাণিজ্য বিপনিৰো ব্যৱস্থা কৰা হৈছে৷ 

বিপনিসমূহ বন্দৱস্তী আৰু চুক্তিৱদ্ধৰ প্ৰ-পত্ৰ সমূহ গ্ৰন্থমেলা, প্ৰদৰ্শনী উপ-সমিতিৰ জৰিয়তে ইতিমধ্যে বিতৰণ কৰি থকা হৈছে৷ ইচ্ছুক গ্ৰন্থমেলা, প্ৰদৰ্শনী আৰু বহিঃ বাণিজ্যৰ প্ৰতিষ্ঠানসমূহে প্ৰ-পত্ৰসমূহ ১০০ টকাকৈ মাচুল জমা দি আদৰণি সমিতিৰ কাৰ্যালয় আৰু তলত উল্লেখ কৰা অস্থায়ী কাৰ্যালয়ৰপৰা সংগ্ৰহ কৰিব পাৰিব৷ 

দিনৰ ১১ বজাৰপৰা সন্ধিয়া ৭ বজালৈ সংঘৰ বোকাখাত জিলা শাখাৰ ৮৯ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আদৰণি সমিতিৰ কাৰ্যালয় খোলা থাকিব৷ নামনিৰপৰা অহা বিপনিৰ স্বত্বাধিকাৰসকলে বোকাখাতৰ আদৰণি সমিতিৰ কাৰ্যালয়ৰপৰা আৰু উজনিৰপৰা আহিব লগা বিপনিৰ স্বত্বাধিকাৰসকলে কমাৰগাঁৱৰ গগৈ বুক ষ্টল, ডাক-কমাৰগাঁও, জিলা-গোলাঘাট, দূৰভাষ- ৭০০২০২৭১৯৭ ত যোগাযোগ কৰিব পাৰিব৷ 

সবিশেষ তথ্যৰ বাবে গ্ৰন্থমেলা, প্ৰদৰ্শনী উপ-সমিতিৰ সম্পাদক নিৰেন বৰা, ডাক-মহুৰামুখ, জিলা-গোলাঘাট, ফ’ন ৭০০২২৭৩৫২১ত আৰু কাৰ্যালয় সম্পাদক দিব্যজ্যোতি হাজৰিকাৰ ফোন নম্বৰ ৭০০২৩২৮৫৩৯ত যোগাযোগ কৰিব পাৰিব৷ প্ৰ-পত্ৰ জমা লোৱা শেষ দিন ৩০ নৱেম্বৰ ধাৰ্য কৰা হৈছে৷ উক্ত তাৰিখৰ পাছত বিপনি বিচাৰি অহা সকলক প্ৰ-পত্ৰ যোগান ধৰিব পৰা নাযাব বুলি গ্ৰন্থমেলা, প্ৰদৰ্শনী উপ-সমিতিৰ সম্পাদক নিৰেন বৰাই জানিবলৈ দিয়ে৷