কাজিৰঙা, পলিমা চেতিয়া বসুমতাৰীঃ কাজিৰঙাৰ গেলেকীত মঙলবাৰে নিশা সংঘটিত হৈছে ভয়াৱহ দুৰ্ঘটনা৷ তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে এগৰাকী স্কুটী আৰোহীক৷ জানিব পৰা মতে, মঙলবাৰে নিশা ৮-৪৫ মান বজাত সংঘটিত হয় কৰুণ ঘটনাটো৷ 

কাজিৰঙাৰপৰা নিজা স্কুটীৰে বোকাখাতৰ নিজা বাসগৃহলৈ আহি থকা অৱস্থাত কাজিৰঙাৰ গেলেকীৰ এন আৰ এল পেট্ৰলপাম্পৰ ওচৰতে সংঘটিত হয় দুৰ্ঘটনাটো৷ বিপৰীত দিশৰপৰা আহি এখন ট্ৰাকে মহতিয়াই নিয়ে স্কুটী আৰোহী অজয় দাসক৷ 

কহঁৰা আৰক্ষী চকীৰ অন্তৰ্গত এলেকাত সংঘটিত হোৱা দুৰ্ঘটনাটোত ঘটনাস্থলীতে মৃত্যু হয় বোকাখাতৰ কয়লাখাত নিৱাসী অজয়ৰ৷ তীব্ৰবেগী ট্ৰাকখনে ইমান জোৰেৰে খুন্দা মাৰে যে স্কুটীখন চুচুৰ্মৈ হৈ যায়৷ দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰিব খোজা ট্ৰাকখন অৱশ্যে কহঁৰা আৰক্ষীয়ে ধৰিবলৈ সক্ষম হয়৷ 

ইপিনে, কাজিৰঙা এলেকাত ১৪৪ ধাৰা জাৰি কৰি বোকাখাত মহকুমা প্ৰশাসনেে যান-বাহনৰ গতিবেগ ঘণ্টাত ৪০ কি মি নিৰ্ধাৰণ কৰিছে যদিও প্ৰশাসনীয় ভেকোভাওনাৰ বাবেই গাড়ীৰ গতিবেগ অদ্যাপি নিয়ন্ত্ৰণ হোৱা নায়৷ যাৰ কৰুণ পৰিণতিতে মঙলবাৰে পুনৰ কাজিৰঙাৰ ৰাজপথত অকাল মৃত্যুক সাৱটিলে এজন যুৱকে৷ বোকাখাতৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত অজয়ে কালি দিনৰ ভাগতো বোকাখাতৰ বন্যাৰ্তসকলক কেনেকৈ সকাহ দিব পাৰি তাৰ পৰিকল্পনা কৰিছিল৷ অজয়ৰ অকাল মৃত্যুত বোকাখাত আৰু কাজিৰঙা এলেকাত গভীৰ শোকৰ ছাঁ পৰিছে৷