দ্যা হেগঃ পাকিস্তানে বন্দী কৰি থোৱা ভাৰতৰ নৌসেনা বাহিনীৰ বিষয়া কুলভূষণ যাদৱক মুকলি কৰি অনাৰ বাবে আন্তঃৰাষ্ট্ৰীয় ন্যায়িক আদালতত ভাৰত আৰু পাকিস্তানৰ বিবাদ অব্যাহত আছে৷ 

আন্তঃৰাষ্ট্ৰীয় ন্যায়িক আদালতে যাদৱৰ গোচৰটো শুনানিৰ বাবে সোমবাৰে মুকলি কৰি একে লেঠাৰিকৈ চাৰি দিনৰ বাবে শুনানিৰ দিন ধাৰ্য কৰিছে৷ কালি আন্তঃৰাষ্ট্ৰীয় আদালতত ভাৰতে যাদৱৰ মুকলিৰ বাবে অকাট্য যুক্তি দাঙি ধৰাৰ পাছত আজি শুনানিৰ পূৰ্বেই পাকিস্তানৰ অধিবক্তাগৰাকী অসুস্থ হৈ পৰে৷ 

সেয়ে, পাকিস্তানে এই শুনানি সাময়িকভাৱে স্থগিত ৰাখিবৰলৈ আন্তঃৰাষ্ট্ৰীয় আদালতত আবেদন জনাই যদিও এই অনুৰোধ অগ্ৰাহ্য কৰে আদালতখনে৷

উল্লেখ্য যে পাকিস্তানত তদৰ্থ ন্যায়াধীশ তাছাদুক হুছেইন জিলানিয়ে আজি শুনানিৰ পূৰ্বে হৃদ ৰোগত আক্ৰান্ত হয়৷ 

পাকিস্তানে যুক্তি দৰ্শায় যে যিহতু তেওঁলোকক অধিবক্তাগৰাকীক অসুস্থ হৈ পৰিছে গতিকে নতুন এজন অধিবক্তাই এই দায়িত্ব পালন কৰাৰ আগতে গোচৰটোৰ বিষয়ে জানি ল’ব লাগিব৷

কিন্তু পাকিস্তানৰ এই অনুৰোধ আন্তঃৰাষ্ট্ৰীয় আদালতখনে অগ্ৰাহ্য কৰি তদৰ্থ ন্যায়াধীশৰ অনুপস্থিতিতে শুনানি আগবঢ়াই লৈ যোৱা হ’ব বুলি ঘোষণা কৰে৷ 

উল্লেখ্য যে, ২০১৭ চনৰ এপ্ৰিলত কুলভূষণ যাদৱক পাকিস্তানৰ এখন সেনা আদালতে মৃত্যুদণ্ডেৰে দণ্ডিত কৰিছিল৷ এই ৰায়ৰ বিৰুদ্ধে ভাৰতে পাকিস্তানক তীব্ৰ কূটনীতিত হেঁচা প্ৰয়োগ কৰি অৱশেষত গোচৰটো আন্তঃৰাষ্ট্ৰীয় আদালতত মিমাংসাৰ বাবে প্ৰদান কৰে৷