লখিমপুৰঃ বান গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত বৃহস্পতিবাৰে উত্তাল প্ৰতিবাদ লক্ষীমপুৰ জিলাৰ বগীনদীত 

মিচিং জাতীয় সংগঠন TMPK, MMK, আৰু TMMK ই বগীনদীৰ ৰাজপথেৰে প্ৰতিবাদী সমদল বাহিৰ কৰি কদম ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ সন্মুখত ৰূপায়ণ কৰে ধৰ্ণা কাৰ্য্যসূচী৷ 

তৎকালীনভাৱে সোবনশিৰী নদীয়ে ভীমপাৰা, হেকেৰাজান আদি অঞ্চলত অব্যাহত ৰখা খহনীয়া প্ৰতিৰোধৰ বিষয়ে চিন্তা নকৰিলে আৰু ভয়ংকৰ পৰিস্থিতি হ’ব বুলি হুংকাৰ প্ৰদান কৰে প্ৰতিবাদীদলটোৱে৷

নাৰ্বাডৰ ৭.৫০ কোটি টকাৰ ব্যয়েৰে ৰূপায়ন অব্যাহত ৰখা সোৱনশিৰী প্ৰতিৰোধৰ আঁচনিখনৰ তদন্ত কৰিবলৈ দাবী জনায়৷

তাৰোপৰি দাবী জনালে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ সময়ত tmpk কৰ্মীক আক্ৰমণ কৰা দোষী বিজেপি কৰ্মী জনক কৰায়ত্ব কৰিবলৈ৷ একেই বান খহনীয়া প্ৰতিৰোধৰ দাবীৰেই ভীমপৰা মণ্ডল NSUI কৰ্মী সকলেও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ সন্মুখত ৰূপায়ন কৰে ধৰ্ণা কাৰ্য্যসূচী।