প্ৰতিকাত্মক ফটো, উত্সঃ ইণ্টাৰনেট
প্ৰতিকাত্মক ফটো, উত্সঃ ইণ্টাৰনেট

ডিজিটেল ডেস্কঃ ইন্টাৰনেটত সকলোৰে প্ৰিয় অন্যতম ভিডিঅ’ শ্বেয়াৰিং ৱেবচাইট হৈছে ইউটিউব৷ লাখ লাখ লোকে ব্যৱহাৰ কৰা এই ইউটিউবে কাৰোবাক যদি দিছে উপাৰ্জনৰ সন্ধান, কাৰোবাৰ কাৰণে আকৌ হৈ পৰিছে ই মনোৰঞ্জনৰ অন্যতম উপায়। কিন্তু শেহতীয়াকৈ এই ইউটিউবতে ঘটিছে অঘটন। ইউজাৰ্চে আপল’ড কৰা ৮৩ লাখৰো অধিক ভিডিঅ’ কোনেও নজনাকৈ আঁতৰাই পেলোৱা হৈছে চাইটটোৰ পৰা৷ 

দৰাচলতে কমিউনিটি গাইডলাইন অৰ্থাৎ ইউটিউবৰ নিৰ্দেশনাৱলী উলংঘা কৰা ভিডিঅ’বোৰহে চাইটটোৰ পৰা নাইকিয়া কৰা হৈছে। জানিব পৰা মতে ২০১৭ চনৰ অক্টোবৰৰ পৰা ডিচেম্বৰৰ মাজ মানলৈকে আপল’ড কৰা ভালেমান ভিডিঅ’ ডিলিট কৰি পেলাইছে ইউটিউবে৷ 

তাৎপৰ্যপুৰ্ণ যে বিগত বৰ্ষৰ অক্টোবৰৰ পৰা ডিচেম্বৰৰ কালচোৱাত ৮০ লাখৰ ওপৰত ভিডিঅ’ আপলোড হৈছিল চাইটটোত। তাৰে অধিকাংশ ভিডিঅ’ই আছিল বিদ্বেষপুৰ্ণ আৰু অশ্লীলতাৰে ভৰা। তাৰ পৰিপ্ৰেক্ষিতত চিন্তিত হৈ পৰা গুগলৰ কৰ্তৃপক্ষই কণ্টেণ্ট নিৰীক্ষণৰ বাবে ২০১৮ বৰ্ষৰ শেষৰ ফালে ১১ হাজাৰৰো অধিক পৰ্যবেক্ষকক নিয়োজিত কৰাৰ সিদ্ধান্ত লৈছে।  

ফেচবুকৰ কণ্টেণ্টক লৈ সম্প্ৰতি বিতৰ্কৰ সূচনা হোৱাৰ পৰিপ্ৰেক্ষিততে হয়তো ইউটিউবে এনেদৰে বিদ্বেষপূৰ্ণ কণ্টেণ্ট থকা ভিডিঅ’বোৰ ৱেবচাইটটোৰ পৰা ডিলিট কৰাৰ সিদ্ধান্ত লয়। ইউটিউবত প্ৰচাৰিত হিংসা-বিদ্বেষমূলক তথ্য নতুবা উগ্ৰপন্থীৰ লগত জড়িত থকা বিতৰ্কিত তথ্যসমুহ চালি-জাৰি চোৱাৰ বাবে আহ্বান জনাই দা গাৰ্ডিয়ান নামৰ সংবাদপত্ৰখনত সবিস্তাৰে প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছতে এই পদক্ষেপ ৱেবচাইটটোৰ। ফেচবুকৰ মাৰ্ক জুকাৰবাৰ্গৰ পৰা শিকনি লৈয়ে সেয়ে ইউটিউবৰ পুনৰীক্ষকসকলে স্পাম চিনাক্তকৰণ, মেচিন লাৰ্নিং তথা ভিডিঅ’বোৰক এক সুচাৰুৰূপে চলাই নিয়াৰ সংকল্প লোৱা বুলি চৰ্চিত হৈছে৷

উল্লেখ্য যে ইউটিউব হৈছে গুগলৰ মূল প্ৰতিস্থানৰ লগতে আলফ্যাবেটৰ অধীনস্থ এক কোম্পানী৷ ইউৰোপীয় সংঘৰ অন্তৰ্গত কোম্পানীসমূহৰ মাজত ইউটিউবেও লেখত ল’বলগীয়া স্থান দখল কৰি আহিছে৷