ডিজিটেল ডেস্কঃ জীৱনৰ বাবে অনুকূল নেকি মঙল গ্ৰহ? মঙলত আছে নেকি প্ৰাণীৰ প্ৰাণস্বৰূপ পানী? নাই যদি তাতে থকা খাদবোৰ, গহ্বৰবোৰতনো কি আছিল? এইবোৰ প্ৰশ্নই বিজ্ঞানীসকলৰ লগতে সাধাৰণ অনুসন্ধিৎসু মন এটাক অধিক উত্সুক কৰি তোলাতো তেনেই স্বাভাৱিক। এই লৈয়ে বিশ্বৰ বিভিন্ন প্ৰান্তৰ গৱেষকে গৱেষণা কৰি আহিছে। 

শেহতীয়াকৈ তেনেই এক গৱেষণাৰ ফলাফল উন্মোচিত হৈছে এক বিষ্ময়কৰ তথ্য৷ নাচাৰ কিউৰোচিটি ৰ’ভাৰে ২০১৭ চনৰ শেষৰফালে পঠিওৱাৰ মঙল গ্ৰহৰ পৃষ্ঠভূমিৰ ফটোৰ ওপৰত ভিত্তি কৰি কৰা অধ্যয়নৰ অন্তত এই সিদ্ধান্তলৈ আহিছে আমেৰিকাৰ গৱেষক দলটো৷

২০১৭ চনত মঙল গ্ৰহত হ্ৰদ, গহ্বৰ থকাৰ আৱিষ্কাৰ হৈছিল৷ মঙল গ্ৰহৰ পৃষ্ঠত এসময়ত পানী থকা উমান পাইছে সেই গৱেষক বিজ্ঞানীসকলে৷ সেই পানী শুকাই যোৱাত চিৰাল ফাঁট দিছিল মঙলত৷ শুকাই যোৱা এই গহ্বৰবোৰত পানী থকাৰ চিন আজিৰ পৰা প্ৰায় ৩৫০ কোটি বছৰ আগৰ বুলি অনুমান কৰা হৈছে৷ অধ্যয়নটোৰ প্ৰকাশিত ধাৰণামতে মঙল গ্ৰহত জলবায়ু পৰিবৰ্তন হয় ঘটিছিল৷  

আমি দৃঢ়তাৰে এই দাবী কৰিছো যে মঙল গ্ৰহত সচাঁয়েই পানীৰ চিন পোৱা গৈছে৷ নেথেনিয়েল ষ্টেনে এই মন্তব্য আগবঢ়ায়৷ নেথেনিয়েন এগৰাকী ভূতত্ববিদ৷ তেওঁৰ নেতৃত্বতে কেলিফৰ্নিয়া ইনষ্টিটিয়ুট অৱ টেকন’লজি ইন পেচাডোনাত এই বিষয় অধ্যয়ন কৰা হৈছিল৷ মঙলৰ মাটিত হ্ৰদ নতুবা গহ্বৰৰ সৃষ্টি বিষয়ে ষ্টেনে অধ্যয়নটোত নিৰহ-নিপানিকৈ বুজাই দিছে৷  

পৃথিৱীত বৰষুণৰ পানীয়ে যেতিয়া মাটি স্পৰ্শ কৰে তেতিয়াই কিছুমান দ’ ঠাইত খাদ বা খালৰসদৃশ আকৃতিৰ সৃষ্টি হয়৷ জলবায়ুৰ পৰিৱৰ্তনৰ লগে লগে পানী শুকাই যোৱাৰ ফলত মাটি চিৰাল ফাট দিয়ে৷ ঠাই অনুসৰি শুকান খাল,গহ্বৰৰ চিন মাটিত থাকি যায়৷ থিক তেনেদৰে মঙল গ্ৰহতো পৃথিৱীত থকাৰ দৰে গহ্বৰ, খালৰ উদ্ধাৰ কৰিছে বৈজ্ঞানিকসকলে৷  

ষ্টেনে কিউৰ’চিটি ৰ’ভাৰৰ অভিযানৰ সাফল্যৰ কথা উনুকিয়াই কয়, মঙল গ্ৰহৰ বিশেষ এটা মুহুৰ্তহে এয়া৷ গৱেষণাৰ জৰিয়তে এটাৰ পিছত আন এটা ৰহস্য উন্মোচিত হ’ব আৰু আমি তাৰ বাবে উৎকন্ঠাৰে বাট চাইছো৷ মঙল গ্ৰহত বসতি সম্ভৱনে, এই লৈ জল্পনা-কল্পনাৰ অন্ত নাই৷ সেয়া এতিয়াও এক ৰহস্য৷