জিতুমণি নাথ, মৰিগাঁওঃ বানপানী কমিছে যদিও দুৰ্যোগে লগ এৰা নাই মৰিগাঁও জিলা বন্যাৰ্তৰ মাজত। বানপানী কমি অহাৰ লগে লগে সীমাহীন সমস্যাই গা কৰি উঠিছে জিলাখনৰ বন্যাৰ্তৰ মাজত। এই সমস্যা সমূহ জোৰা মাৰিবলৈ জিলা প্ৰশাসনৰ ফালৰপৰা যুদ্ধকালীন প্ৰচেষ্টা গ্ৰহন কৰিছে যদিও সেইয়া পৰ্যাপ্ত হৈ উঠা নাই।

কিয়নো ভয়াৱহ বানপানীয়ে আপোন ঘৰখন ঠান বান কৰি পেলোৱাৰ উপৰি মূৰৰ ঘাম মাটিতত পেলাই কঠোৰ শ্ৰম কৰি কৃষি ভূমি সমূহত উৎপাদিত হাজাৰ হাজাৰ হেক্টৰৰ মাটি ইতিমধ্যে নিঃশেষ কৰি কোঙা কৰি পেলালে কৃষক সকলক।

জিলাখনত সৃষ্টি হোৱা ভয়ংকৰ বানপৰিস্থিতিত ৪ টা ৰাজহ চক্ৰত ব্যাপক ক্ষতি সাধন হোৱাৰ লগতে এটা ৰাজহ চক্ৰ আংশিকভাৱে ক্ষতি হৈছে। তদুপৰি বানপানীয়ে  জিলাখনত সৃষ্টি কৰা এই অভাৱনীয় পৰিস্থিতিৰ মাজতেই জিলাখনৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ জীৱনলৈ নামি আহিছে ঘোৰ অমানিশা। ছাত্ৰ-ছাত্ৰী জীৱনলৈ নামি অহা এই ভয়াৱহ দুৰ্যোগৰ মূল সমস্যাটো হৈছে জিলাখনৰ বানপৰিস্থিতিত ৫ খনকৈ বিদ্যালয় বানে উটোৱাই নিয়াৰ লগতে ৪৪৩ খনকৈ বিদ্যালয় সন্মুখীন হ’ব লগাত পৰিছে ব্যাপক ক্ষয় ক্ষতিৰ।

মৰিগাঁও জিলা শিক্ষা বিভাগৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি লাহৰিঘাট শিক্ষা খণ্ডৰ অন্তৰ্গত বিদ্যালয় সমূহ ব্যাপক ক্ষতিৰ সাধন হ’বলগীয়াত পৰিছে। বিশেষকৈ বানে উটোৱাই নিয়া আটাইকেইখন বিদ্যালয় হৈছে লাহৰীঘাট শিক্ষাখণ্ডৰ। বানে উটোৱাই নিয়া লাহৰিঘাট শিক্ষা খণ্ডৰ অন্তৰ্গত বিদ্যালয় কেইখন হৈছে দক্ষিণ টেঙাগুৰি নতুন প্ৰাথমিক বিদ্যালয়, বকনি মজলীয়া বিদ্যালয়, মেৰবিল নতুন প্ৰাথমিক বিদ্যালয়, লেঙেৰি বড়ি প্ৰাথমিক বিদ্যালয় আৰু পশ্চিম জাপৰি বালিকা বিদ্যালয়। তদুপৰি ৪৪৩ খন বিদ্যালয়ত বানপানী সোমাই পৰিৱেশ প্ৰদূষিত কৰিছে। 

বহু বিদ্যালয়ত বানপানী মুধচলৈ হোৱাত এই বিদ্যালয় গৃহসমূহ বিস্তৰ ক্ষতি সাধন হোৱাৰ লগতে বহু বিদ্যালয়ত পলস তথা বালি পেলাই ডেস্ক, বেঞ্চ আদি কৰি আচবাব সমূহ নষ্ট হৈ পৰিছে। আনকি হঠাতে বানপানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাত বহু শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী শৈক্ষিক নথিপত্ৰ, পাঠ্যপুথি আদি বানপানীয়ে উটোৱাই নিয়াত বানপানীৰ পিছৰ পৰিস্থিতি অধিক দুৰ্বিষহময় হৈ পৰা সম্ভাৱনা আছে। 

বৰ্তমানে গৰম বন্ধ হৈ থকাত শিক্ষক তথা ছাত্ৰ-ছাত্ৰী সমূহে সকাহ পাই আছে যদিও বিদ্যালয় সমূহ খুলিলে প্ৰকৃত স্বৰূপ ওলাই পৰিব। উল্লেখ্য যে, জিলাখনৰ ৪৪৮ খন বিদ্যালয়ৰ ২৫ হাজাৰতকৈও অধিক ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক জীৱনলৈ ব্যাপক প্ৰভাৱ বিস্তাৰ কৰা সম্ভাৱনা আছে। কিয়নো বহু ছাত্ৰ-ছাত্ৰীৰ কিতাপ, বহী, সা সামগ্ৰী আদি বানে উটোৱাই নিয়া বা বানত নষ্ট হৈ পৰাত মূৰে কপালে হাত দিবলগীয়া হৈছে বন্যাৰ্তৰ ছাত্ৰ-ছাত্ৰী সকল।

শৈক্ষিক সামগ্ৰীৰ অবিহনে এই সকল দুৰ্ভগীয়া ছাত্ৰ-ছাত্ৰীয়ে আকৌ আৰম্ভ কৰিব তেওঁলোকৰ শৈক্ষিক জীৱন। আনহাতে, বানে উটোৱাই নিয়া বিদ্যালয়সমূহ অস্থায়ীভাৱে পুনৰ আৰম্ভ কৰিবলৈ হ’লেও ঠাই বিশেষে কিছু সমস্যাই দেখা দিয়া সম্ভাৱনা আছে। এই সকলোবোৰ সমস্যাক লৈ চিন্তিত হৈ পৰিছে অভিভাৱক তথা ছাত্ৰ ছাত্ৰী সকল। এনে প্ৰেক্ষাপতত মৰিগাঁও জিলা প্ৰাথমিক শিক্ষা বিভাগৰ কাৰ্যালয় পৰা লাভ কৰা তথ্য অনুসৰি লাহৰিঘাট শিক্ষা খণ্ডত ১৫২ খন প্ৰাথমিক,২২ খন উচ্চ প্ৰাথমিক বিদ্যালয় সহ মুঠ ১৭৪ খন বিদ্যালয়, মায়ং শিক্ষা খণ্ডত ১৭৫ খন প্ৰাথমিক, ৩৯ খন উচ্চ প্ৰাথমিক বিদ্যালয় সহ মুঠ ২১৪ খন বিদ্যালয় আৰু ভূৰবন্ধা শিক্ষা খণ্ডত ৪৬ খন প্ৰাথমিক, ৯ খন উচ্চ প্ৰাথমিক বিদ্যালয়সহ মুঠ ৫৫ খন বিদ্যালয় বানপানীৰ ফলত ব্যাপক ক্ষতি সাধন হৈছে। এই ক্ষেত্ৰত ৰাজ্যৰ শিক্ষা বিভাগে বানপানীত ক্ষতি গ্ৰস্ত শিক্ষানুষ্ঠান আৰু ছাত্ৰ-ছাত্ৰী সকলৰ ভৱিষ্যত সুৰক্ষাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অভিভাৱক তথা বৌদ্ধিক মহলে চৰকাৰৰ প্ৰতি আহ্বান জনাইছে।