ছাদিকুজ জামান, মোৰাঝাৰঃ প্ৰচুৰ চাহিদা থকা অসমত আগৰ কাঠ (সাঁচি গছ)ৰ আন্ত:ৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰ স্থাপন হোৱাৰ কাৰণে বৰ্তমান বিজেপি চৰকাৰে লোৱা গুৰুত্বপূৰ্ণ পদক্ষেপক অসম ৰাজ্যিক জমিয়তৰ সভাপতি তথা আন্ত:ৰাষ্ট্ৰীয় ব্যৱসায়ী মৌলানা মস্তাক আনফৰে শলাগ লয়৷ জমিয়তৰ সভাপতি মৌলানা মস্তাক আনফৰৰ ব্যক্তিগত সচিব ফিৰুজ আহমেদ লস্কৰে আজি এক বিবৃতি যোগে জনোৱা মতে, আনফৰে অসম চৰকাৰৰ এনে সময়োচিত পদক্ষেপ অতি প্ৰশংসনীয় বুলি উল্লেখ কৰি কয় যে বিগত প্ৰায় নটা বছৰ আনফৰে কংগ্ৰেছ চৰকাৰৰ দিনত এই আগৰ ব্যৱসায়টো বৈধ কৰাৰ ক্ষেত্ৰত বহু চেষ্টা চলাইছিল যদিও তেতিয়া কাৰ্যকৰী হোৱা নাছিল৷ বৰ্তমান সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন অসম চৰকাৰে এই ব্যৱসায়ক বৈধ কৰাৰ লগতে অসমত আগৰ খেতি কৰা আৰু ব্যৱসায়ৰ ক্ষেত্ৰত থকা আইন ৰাজ্য চৰকাৰে শিথিল কৰা কাৰ্য আদৰণিয় বুলি মৌলানা আনফৰে মন্তব্য কৰে৷ 

আনফৰে লগতে কয় যে আন্ত:ৰাষ্ট্ৰীয় ব্যৱসায়ী হবিব মহাম্মদ চৌধুৰীয়ে হোজাই আগৰ এছ’চিয়েশ্বনৰ হৈ বিগত প্ৰায় তিনিটা বছৰ ধৰি সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰ আৰু বিভাগীয় মন্ত্ৰীৰ লগত মিলি ইয়াৰ বহুখনি কাম আগবঢ়াই নিছিল ফলত চৰকাৰৰ লগতে হবিব মহাম্মদ চৌধুৰীও ধন্যবাদৰ পাত্ৰ৷ জমিয়তৰ সভাপতি আনফৰে কয়, ‘‘মই বিগত দিনত ৰাজ্যৰ তদানীন্তন বনমন্ত্ৰী প্ৰমীলাৰাণী ব্ৰক্ষ্মৰ লগত এই শিথিলতাৰ ক্ষেত্ৰত কোবাবাৰো আলোচনাত মিলিত হৈছিলো আৰু দীৰ্ঘ বছৰ বছৰ ধৰি হোজাই আগৰ এচ'ছিয়েচনৰ উদ্যোগত ব্যৱসায়ী সকলে চৰকাৰ তথা বিভাগীয় মন্ত্ৰীক হেঁচা প্ৰয়োগ কৰি আহিছিল৷’’ 

কংগ্ৰেছ চৰকাৰে চালে তেতিয়াও কৰিব পাৰিলে হয় কিন্তু কৰা নাই৷ অৱশেষত সৰ্বানন্দ নেতৃত্বাধীন অসম চৰকাৰে আগৰ ব্যৱসায়ীৰ ক্ষেত্ৰত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ ভূমিকাক জমিয়তৰ ৰাজ্যিক সভাপতি তথা আন্ত:ৰাষ্ট্ৰীয় ব্যৱসায়ী মৌলানা মস্তাক আনফৰে চৰকাৰৰ কাম কাজক শলাগ লৈ কয় চৰকাৰে অসমত আগৰ গছৰ ব্যৱসায়ৰ স্বাৰ্থত আন্ত:ৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰ অসমত স্থাপন কৰা হ'ব বুলি ঘোষণা কৰাত অসমৰ পিছপৰা লাখ লাখ দৰিদ্ৰ শ্ক্ষিত নিৱনুৱাৰ মুখত এতিয়া হাঁহি বিৰিঙিব৷ লগতে অসমৰ কৃষক ৰাইজৰ সৰ্বতো প্ৰকাৰৰ উন্নতি হ'ব৷ 

দেশী-বিদেশী ক্ৰেতাৰ আগমনে সমগ্ৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ আগৰ খেতি কৰা আৰু আগৰ ব্যৱসায় কৰা লোক উপকৃত হ’ব পাৰিব বুলি তেওঁ আশাবাদী৷ আনফৰে লগতে কয় যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসমৰ সৰ্বাংগীন উন্নতিৰ কথা চিন্তা কৰি উচিত পদক্ষেপ গ্ৰহণ কৰা বুলি উল্লেখ কৰি কয় যে চৰকাৰৰ এনে পদক্ষেপৰ ফলত অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষ তথা বিশ্বৰ বিভিন্ন দেশত আগৰ ব্যৱসায়ে নিৱনুৱাক লাভাম্ভিত কৰি আহিছে আৰু অসমত স্থাপন হোৱা প্ৰথমটো আন্ত:ৰাষ্ট্ৰীয় আগৰ বাণিজ্য কেন্দ্ৰই আগন্তক দিনত নিৱনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিব ফলত বিশ্বৰ দৰবাৰত ইয়াৰ চাহিদা বৃদ্ধি পাব৷ 

উল্লেখ্য যে, চৰকাৰৰ নতুন আইন প্ৰণয়নেৰে পয়ত্ৰিছ বিঘা মাটিত আগৰ খেতি কৰা আৰু আগৰ গছ কটাৰ ক্ষেত্ৰত কোনো অনুমতিৰ প্ৰয়োজন নহ'ব আৰু নিজাববীয়াকৈ আগৰ তথা সাঁচি গছৰ তেল উৎপাদানৰ ক্ষেত্ৰত কোনো বাধা নাথাকিব৷ ফলত সৰু ডাঙৰ সকলো স্তৰৰ ব্যৱসায়ী লাভাম্বিত হব পাৰিব৷ অসম চৰকাৰৰ এনে সময়োপযোগী সিদ্ধান্তৰ বাবে মৌলানা মস্তাক আনফৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ লগতে উদ্যোগ মন্ত্ৰী আৰু অতিৰিক্ত মুখ্য সচিব ৰবি কাপুৰক ধন্যবাদ জনাই কৃতজ্ঞতা প্ৰকাশ কৰে৷