জয়ন্ত মুদৈ, নগাঁওঃ তিনি কুৰি তিনি বছৰ গৰকা নগাঁও জিলাৰ অতিকে পুৰণি ধিং শতদল শাখা সাহিত্য সভাৰ 'আকাশ'ৰ উদ্যোগত সোমবাৰৰপৰা সাতদিনীয়াকৈ শাখা সভাৰ মূল কাৰ্যালয় ৰত্ন ভৱনৰ বাকৰিত আৰম্ভ হৈছে এক গ্ৰীষ্মকালীন কৰ্মশালা৷ 

বৃহত্তৰ ধিং অঞ্চলৰ শতাধিক কণ কণ শিশুয়ে অংশগ্ৰহন কৰা অভিনয়, সাধুকোৱা, কুইজ আৰু কবিতা আবৃত্তি বিষয়ক উক্ত কৰ্মশালাখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে নগাঁও জিলা সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সভাপতি নিত্যানন্দ বৰাই৷ 

সেই মৰ্মে, 'আকাশ'ৰ সভাপতি ড° পূৰ্ণিমা দাস বৰাৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে 'আকাশ'ৰ সম্পাদিকা ৰিজুমনি ভূঞা বৰাই৷ ধিং শতদল শাখা সাহিত্য সভাৰ সম্পাদক মৃগাংক বৰাই আঁত ধৰা সভাখনত বিশিষ্ট অতিথি হিচাপে ধিং ৰাজহ চক্ৰ বিষয়া মৃণাল বৰা, শাখা সভাৰ সভাপতি ডাঃ বসন্ত শৰ্মা, সন্মানীয় অতিথিৰূপে শাখাৰ উপ সভাপতি গুৰুদয়াল সিংহ আৰু সমাজকৰ্মী গকুল গোস্বামীৰ লগতে ২০১৮ বৰ্ষৰ শিশু সাহিত্য বঁটা লাভ কৰা নূপুৰ মোমাইদেউ খ্যাত শিশু সাহিত্যিক ত্ৰৈলোক্য মোহন ভট্টাচাৰ্য, নাট্যকৰ্মী বিদ্যুৎ কুমাৰ নাথ, কুইজ পৰিচালক নয়নজ্যোতি বৰা আৰু আবৃত্তিকাৰ সংগীতা হাজৰিকা উপস্থিত থাকে৷ 

ইফালে, কৰ্মশালাখনত অংশগ্ৰহন কৰা কণ কণ শিশুসকলে শিশুসুলভ মনেৰে অভিনয়, কবিতা আবৃত্তি, কুইজ আৰু সাধুকোৱা বিষয়ৰ প্ৰশিক্ষণত স্ব-প্ৰতিভাৰে অনুশীলন কৰাত মুখৰিত হৈ পৰে ৰত্ন ভৱন বাকৰি৷ 

আনহাতে, ১৯৫৪ চনত প্ৰতিষ্ঠা লাভ কৰা ধিং শাখা সাহিত্য সভাৰ জন্মৰ সময়ৰ অসম সাহিত্য সভাৰ সভাপতি পদ অলংকৃত কৰা অতিন্দ্ৰিয়বাদী কবি নলিনী বালা দেৱীৰ স্মৃতিত ধিং শতদল শাখা সাহিত্য সভাৰ মহিলা গোট 'আকাশ'ৰ উদ্যোগত আয়োজিত গ্ৰীষ্মকালীন কৰ্মশালাখন উৎসৰ্গা কৰিবলৈ জিলা সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সভাপতিয়ে জনোৱা আহ্বানক সঁহাৰি জনাই প্ৰতিবছৰে অনুষ্ঠিত হ’বলগীয়া গ্ৰীষ্মকালীন কৰ্মশালা কবিজনাৰ স্মৃতিত অনুষ্ঠিত কৰিবলৈ ধিং শতদল শাখা সাহিত্য সভাই সিদ্ধান্ত গ্ৰহন কৰে৷