জয়ন্ত মুদৈ,নগাঁওঃ জনপ্ৰিয় সামাজিক মাধ্যম ফেচবুক গ্ৰুপ 'অনুভূতিৰ মধুৰ স্মৃতি'ৰ উদ্যোগত যোৱা ২২ জুলাইত মৰিগাঁও জিলাৰ পিছপৰা অঞ্চল তাপতলা গাঁৱত বান সাহাৰ্য্য বিতৰণৰ কাৰ্যসূচী সফলভাৱে সমাপন কৰা হয়। 

বলীয়াবানত আক্ৰান্ত গাঁওখনৰ প্ৰায় ২০০ টিৰো অধিক পৰিয়ালৰ মাজত অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰীৰ লগতে ফেনাইল আৰু মহিলাৰ বাবে ছেনিটেৰী নেপকিন তথা শিশুৰ বাবে গাখীৰ গ্ৰুপটোৰ সদস্য-সদস্যাসকলে বিতৰণ কৰে। 

তদুপৰি পোহনীয়া গৰু ছাগলীৰ বাবে ঘাঁহৰ যোগান ধৰা হয়। সেই বানাক্ৰান্ত অঞ্চলটোত প্ৰথম এই ফেচবুক গ্ৰুপটোৰ ফালৰ পৰাই সাহাৰ্য্য আগবঢ়োৱা হয়। বান সাহাৰ্য বিতৰন কাৰ্যসূচীত গ্ৰুপটোৰ সদস্যা নীলাক্ষী বৰা, পল্লৱী বৰ্মন, ৰশ্মিতা বৰা আৰু সদস্য জিন্টু পাতৰ, হেমন্ত গগৈ, জান্টু তামুলী, সমীৰণ বৰা, কদম ডেকা আৰু গোটৰ প্ৰশাসক ক্ৰমে ঠানু কৃষ্ণ হাজৰিকা, সমীৰণ শইকীয়া, ৰাজীৱ মেধি আৰু নৱনীতা ডেকাই অংশগ্ৰহন কৰি বান সাহাৰ্য বিতৰণ কৰাৰ লগতে বানাক্ৰান্ত অঞ্চলটো পৰিভ্ৰমণ কৰি বন্যাৰ্তৰ দুখ-দুৰ্দশাৰ বুজ লয়৷