নগাঁওঃ হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা তথা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সময়ছোৱাত বিভিন্ন পৰীক্ষাকেন্দ্ৰত এচাম অসাধু ব্যক্তিয়ে সৃষ্টি কৰে অবাঞ্চিত পৰিস্থিতি৷ সেয়ে বৰ্তমান চলি থকা ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক জীৱন নিৰূপনকাৰী এই পৰীক্ষাত যাতে কোনো লোকে তেনে পৰিস্থিতিৰ উদ্ভৱ ঘটাব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি নগাঁও জিলা প্ৰশাসনে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে৷ 

জিলা দণ্ডাধীশ যাদৱ শইকীয়াই ফৌজদাৰী বিধিৰ অধীনত ১৪৪ ধাৰা জাৰি কৰি জিলাখনৰ পৰীক্ষা কেন্দ্ৰসমূহৰ ৫০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত যিকোনো লোকৰ সমাগম বা থিয় হৈ থকাত বাধা আৰোপ কৰা হৈছে৷ অৱশ্যে, পৰীক্ষাৰ্থী, শিক্ষক-শিক্ষয়িত্ৰী বা পৰীক্ষাত নিয়োজিত চৰকাৰী বিষয়া-কৰ্মচাৰী আদিৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা বলৱৎ নহ’ব৷ 

ইফালে, একেই নিৰ্দেশনা কলিয়াবৰ মহকুমাত জাৰি কৰিছে মহকুমাধিপতি বিতোপন নেওগে৷ এই নিৰ্দেশনা তৎকালীনভাৱে বলৱৎ কৰা হৈছে আৰু যিয়েই এই আইন উলংঘা কৰিব তেনে লোকৰ বিৰুদ্ধে তৎকালে প্ৰশাসনে গ্ৰহণ কৰিব বুলি নগাঁও জিলা জনসংযোগ বিভাগে জানিবলৈ দিছে৷