কংগ্ৰেছৰ সাংসদ শশী থাৰুৰে জৱাহাৰলাল নেহৰু আৰু ইন্দিৰা গান্ধীৰ এখন ফটো টুইট কৰা লগালগ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে৷ ফটোখনত জৱাহাৰলাল নেহৰু আৰু ইন্দিৰা গান্ধীক দেখা গৈছে জনসমুদ্ৰৰ মাজত৷ তেওঁলোকে এখন গাড়ীত উঠি জনসাধাৰণ অভিবাদন হাঁহি হাঁহি গ্ৰহণ কৰি আছে৷ থাৰুৰে ফটোখন জৱাহাৰলাল নেহৰু আৰু ইন্দিৰা গান্ধীয়ে ১৯৫৪ চনত কৰা আমেৰিকাৰ ভ্ৰমণৰ বুলি উল্লেখ কৰিছিল৷

 

থাৰুৰে টুইটটোত লিখিছিল ‘‘ফটোখনত আমেৰিকাৰ মানুহৰ ভিৰ চাওক৷ কেনেকৈ ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহাৰলাল নেহৰুক চাবলৈ আমেৰিকাত জনসমাগম হৈছে!’’ কংগ্ৰেছ সমৰ্থকৰ উপৰিও অন্যান্য লোকেও শ্বেয়াৰ কৰা ফটোখনত এক তথ্যগত ভুল আছে যিটো পাছলৈ শশী থাৰুৰেও স্বীকাৰ কৰে৷ প্ৰকৃততে জৱাহাৰলাল নেহৰু আৰু ইন্দিৰা গান্ধীৰ ফটোখন আমেৰিকা যাত্ৰাৰ নাছিল, আছিল ছোভিয়েট ইউনিয়ন যাত্ৰাৰ সময়ৰ৷ 

 

ফটোখন ১৯৫৬ চনৰ নে?

 

ছ’চিয়েল মিডিয়াত শশী থাৰুৰক অনেক লোকে ভুল প্ৰতিপন্ন কৰি লিখে যে, ফটোখনত ভুল তথ্য প্ৰদান কৰা হৈছে৷ প্ৰকৃততে এই ফটোখন ১৯৫৬ চনত ৰুচৰ মস্কো চহৰত তোলা হৈছিল৷ কিন্তু পিছত গম পোৱা গ’ল অনেক লোকে কোৱা এই তথ্যটোও ভুল৷ 

 

স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱহাৰলাল নেহৰুৱে ১৯৫৫ চনৰ জুন মাহত ছোভিয়েট ইউনিয়ন ভ্ৰমণ কৰিছিল৷ এই ভ্ৰমণত তেওঁৰ কন্যা ইন্দিৰা গান্ধীও সংগী হৈছিল৷ ছোভিয়েট ইউনিয়নৰ কমিউনিষ্ট পাৰ্টীৰ প্ৰথম সচিব আৰু সেই সময়ৰ ৰাষ্ট্ৰপতি নিকিতা খ্ৰুছছেভে জৱহাৰলাল নেহৰু আৰু ইন্দিৰা গান্ধীক কেন্দ্ৰীয় বিমানবন্দৰত আদৰণি জনাইছিল৷ প্ৰায় ১৫ দিনীয়া এই ভ্ৰমণ সূচীত নেহৰুৱে ছোভিয়েট ইউনিয়নৰ প্ৰাথমিক আৰু মাধ্যমিক স্কুল, বিশ্ববিদ্যালয় আৰু ডাঙৰ ডাঙৰ উদ্যোগসমূহ পৰিদৰ্শন কৰিছিল৷ এই সময়ছোৱাত তেওঁ ইন্দিৰা গান্ধীৰ সৈতে ৰুচৰ মস্কো চহৰত চলা মেট্ৰ’ ট্ৰেইনত উঠি মেট্ৰ’ ট্ৰেইনৰো পৰ্যালোচনা কৰিছিল৷ 

 

ছবিখন মস্কোৰ নাছিল

 

ৰুচৰ অফিচিয়েল সূত্ৰ অনুসৰি নেহৰুৱে ছোভিয়েট ইউনিয়নৰ মেগনিট’গ’ৰ্স্ক, ছেভাৰ্ডল’ৱক্স, লেনিনগাৰ্ড, তাচকেণ্ট, আচখাবাদ আৰু মস্কোকে ধৰি মুঠ ১২ খন চহৰ ভ্ৰমণ কৰিছিল৷ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা ফটোখন শশী থাৰুৰে উল্লেখ কৰাৰ দৰে ১৯৫৪ চনৰ আমেৰিকা ভ্ৰমণৰ নাছিল৷ অন্যান্য লোকে শশীক ভুল আঙুলিয়াই দি ফটোখন ১৯৫৬ চনত ৰুচৰ মস্কো চহৰত তোলা বুলি কৈছিল, কিন্তু সেয়াও এক ভুল তথ্য৷ প্ৰকৃততে ফটোখন ১৯৫৫ চনত ৰুচৰ মেগনিট’গ’ৰ্স্ক চহৰত তোলা হৈছিল৷ 

 

‘ৰাচিয়া বিয়ণ্ড’ নামৰ এক ৱেবচাইটৰ সূত্ৰ অনুসৰি ১৯৫৫ চনত যেতিয়া ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহাৰলাল নেহৰু আৰু ইন্দিৰা গান্ধীয়ে নৈপৰীয়া উদ্যোগিক চহৰ মেগনিট’গ’ৰ্স্ক ভ্ৰমণ কৰিছিল তেতিয়া তেওঁলোকক চাবলৈ কাৰখানাত কাম কৰা সকলো কৰ্মচাৰী আৰু স্থানীয় লোকসকল দৌৰি দৌৰি ওলাই আহিছিল৷ আনকি ভাৰতৰ প্ৰধান মন্ত্ৰীগৰাকীক স্বাগতম জনাবলৈ ছোভিয়েট ইউনিয়নৰ বিভিন্ন চহৰত হিন্দী ভাষাত পষ্টাৰ অঁৰা হৈছিল৷ 

 

শশী থাৰুৰৰ স্বীকাৰোক্তি

 

শশী থাৰুৰে পুনৰ এটা টুইট কৰি নিজৰ ভুল স্বীকাৰ কৰি লিখে, হয় ফটোখন আমেৰিকাৰ নাছিল, আছিল ছোভিয়েট ইউনিয়নৰ৷ যদিওবা ফটোখন ছোভিয়েট ইউনিয়নৰ মই দিব বিচৰা বাৰ্তাটো এইটোৱেই যে পূৰ্বতেও ভাৰতৰ প্ৰধানমন্ত্ৰীক বিদেশত মৰম, শ্ৰদ্ধা আৰু সন্মান জনোৱা হৈছে৷ নৰেন্দ্ৰ মোডীক আমেৰিকাত সন্মান জনোৱা মানেই হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ প্ৰতি সন্মান জনোৱা... এয়া ভাৰতৰ সন্মান৷’’

 

আমেৰিকাত ‘হাউদী মোডী’ নামৰ কাৰ্যসূচীত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক অভূতপূৰ্ব সন্মান জনোৱা দেখি শশী থাৰুৰে প্ৰকৃততে জৱাহাৰলাল নেহৰু আৰু ইন্দিৰা গান্ধীৰ ফটোখন টুইট কৰি ইয়াকে বুজাব খুজিছিল যে আমেৰিকাত ভাৰতৰ প্ৰধানমন্ত্ৰীক সন্মান জনোৱাৰ ক্ষেত্ৰত নৰেন্দ্ৰ মোডীয়েই প্ৰথম নহয় ইয়াৰ বহু দশক পূৰ্বেই জৱাহাৰলাল নেহৰুক সন্মান জনোৱা হৈছিল৷ কিন্তু শশী থাৰুৰে যি ভাবিছিল সেয়া হৈ নুঠিল কাৰণ তেওঁ কৰা টুইট ভুল প্ৰমাণিত হ’ল৷

 

ফেক নিউজৰ বিৰুদ্ধে  News Next Oneৰ যুদ্ধ

 
ফেক নিউজৰ বিৰুদ্ধে জনসাধাৰণক সচেতন কৰিবলৈ প্ৰথম প্ৰচেষ্টা হাতত লৈছিল কেইজনমান ইউটিউবাৰে৷ ফেচবুক, হোৱাটছএপৰ লগতে মুখ্যধাৰাৰ হিন্দী আৰু ইংৰাজী নিউজ চেনেলসমূহে প্ৰপাগাণ্ডামূলক ফেক নিউজ প্ৰচাৰ কৰালৈ চাই সেই সম্পৰ্কে জনসাধাৰণক সচেতন কৰিবলৈ আগবাঢ়ি আহিছিল এইসকল ইউটিউবাৰ৷ ইয়াৰ পিছতে ফেক নিউজৰ বিৰুদ্ধে পোনপটীয়াকৈ যুদ্ধত নামে বিশিষ্ট সাংবাদিক প্ৰতীক সিনহা৷  এইগৰাকী সাংবাদিকে altnews.in নামৰ বেৱছাইটটোৰ জৰিয়তে ভাৰতত ফেক নিউজৰ বিৰুদ্ধে আৰম্ভ কৰে জেহাদ৷ ইয়াৰ বাবে সাংবাদিকজনে ফেক নিউজ মেকাৰসকলৰ পৰা যথেষ্ট ভাবুকিৰো সন্মুখীন হ’বলগীয়াত পৰিছে৷ পৰৱৰ্তী সময়ত মুখ্যধাৰাৰ সংবাদ প্ৰতিষ্ঠান কেইটায়ো ভাইৰেল পড়তাল আদি নাম দি ফেক নিউজৰ বিৰুদ্ধে সজাগতামূলক অনুষ্ঠান সম্প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰে যদিও সেয়া সঠিক ৰূপত কৰা দেখা পোৱা হোৱা নাই৷ 

 
অসমতো ইতিমধ্যে ফেক নিউজে নিজৰ পৰিসৰ বৃদ্ধি কৰিবলৈ সমৰ্থ হৈছে৷ ফেক নিউজৰ পৰা যাতে অসমৰ নেটিজেনসকলক ৰক্ষা কৰিব পৰা যায় তাৰ বাবে News Next One-এ হাতত লৈছে বিশেষ পদক্ষেপ৷ আমাৰ Fact-চেকিং শিতানত পঢ়িবলৈ পাব প্ৰতিটো ফেক নিউজৰ সত্যাসত্য৷ ফেচবুক, হোৱাটছএপ, আনকি টিভি চেনেলত পোৱা বাতৰিক লৈয়ো যদি আপোনাৰ সন্দেহ ওপজে তেন্তে বাতৰিটোসহ আমালৈ মেইল (newsnextonene@gmail.com) কৰিব পাৰে৷ আমাৰ Fact-চেকিং টীমে তেনে বাতৰিৰ প্ৰকৃত সত্য অসমবাসী ৰাইজক জনাবলৈ সংকল্প গ্ৰহণ কৰিছে৷ আজিৰ এই বাতৰিটো প্ৰস্তুত কৰোতে বিবিচিৰ Fact-চেকিং শিতানৰ সহায় লোৱাৰ লগতে নিজাববীয়াকৈও ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চোৱা হৈছে।

 
শ্বেয়াৰ কৰাৰ আগত হওক সাৱধান

 
এই ঘটনা এক মাথো উদাহৰণ। এনেকৈয়ে বহুত মিছা কাহিনী সত্য বুলি এচামে প্ৰচাৰ কৰে আৰু এচামে তাকে সত্য বুলি ভাবি শ্বেয়াৰ কৰি বিষবাষ্প বিয়পোৱাত সহায় কৰে। সমাজত আছেই এনে এচাম মানুহ(!) যিয়ে সমাজখনক কেনেকৈ বিপথে পৰিচালিত কৰিব পাৰি, কেনেকৈ ভাতৃঘাতী সংঘৰ্ষ বৃদ্ধি কৰিব পাৰি, নানা উদ্বেগজনক বাতৰি বিয়পাই দি কেনেকৈ সমাজখনক অস্থিৰ কৰি ৰাখিব পাৰি তাৰ চিন্তাতে থাকে আৰু হাতে কামেও লাগে। গতিকে আপুনি তেনে অপকৰ্মত সাৰপানী যোগোৱাৰ পৰা বিৰত থাকক। ছ’চিয়েল মিডিয়াত কিবা এটা শ্বেয়াৰ কৰাৰ আগত হাজাৰবাৰ চিন্তা কৰক, প্ৰকৃত সত্য কি তাৰ তদন্ত কৰক তাৰপাছতহে সহজতে উপলব্ধ শ্বেয়াৰ অপশ্যনটো ক্লিক কৰক। আপোনাৰ এটা ক্লিকটো খাণ্ডৱ দাহ হ’ব পাৰে... গতিকে সাৱধান...।

 


বাতৰিটো পঢ়ি কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব। আপোনাৰ বন্ধু-বৰ্গয়ো যাতে পঢ়িব পাৰে তাৰ বাবে Share কৰক। স্বতন্ত্ৰ আৰু মুক্ত হৈ থাকিবলৈ আমাক প্ৰয়োজন আপোনাৰ সহায়ৰ। আমাক সহায় কৰিবলৈ Click কৰক ► Support Us