internet
internet

ডিজিটেল ডেস্কঃ আপোনাৰ এণ্ড্ৰইড মেবাইলটোৰ কেতিয়াবা হঠাৎ চাৰ্জ নোহোৱা হৈ পাইছে নে? অথবা যেতিয়া আপোনাৰ প্ৰয়োজনীয় মুহূৰ্তৰ সময়ত আপোনাৰ মোবাইলটোৰ বেটাৰী খতম হয়, তেতিয়া আপোনাৰ কেনে লাগে? নিশ্চয় আপোনাৰ সেই মুহূৰ্তত যথেষ্ট খং উঠে৷ 

পিছে এতিয়া আৰু চিন্তা কৰাৰ আৱশ্যক নাই৷ কিয়নো এতিয়া আৰু আপোনাৰ মোবাইল অফ হৈ যোৱাৰ আশংকা নাথাকে৷ আপুনি আপোনাৰ আনন্দৰ যাত্ৰাত লগত চাৰ্জাৰ কঢ়িয়াই মোবাইল চাৰ্জিং বোৰ্ড বিচৰাৰ প্ৰয়োজন নাই৷ কিয়নো আমেৰিকাৰ এটা বিজ্ঞানীৰ দলে উদ্ভাৱন কৰিছে এনে এটা মোবাইল যাক চাৰ্জ কৰিবলৈ প্ৰয়োজন নহ’ব চাৰ্জাৰৰ৷

শুনিবলৈ আশ্বৰ্য্যজনক যেন লাগিলেও কিন্তু এই বাতৰি সত্য৷ আমেৰিকাৰ এই বৈজ্ঞানীৰ দলটোত ভাৰতীয় মূলৰ এজন বিজ্ঞানীও জড়িত আছে৷ তেওঁলোকে প্ৰস্তুত কৰি উলিওৱা মোবাইল ফোনটোত বেটেৰীৰ সংযোজন নাই৷ যাৰ ফলত মোবাইল চাৰ্জ কৰাৰ প্ৰয়োজন নাথাকে৷ এই অত্যাধুনিক মোবাইল ফোনটো আমাৰ আশে পাশে থকা ৰেডিঅ’ তৰংগৰ দ্বাৰা উজ্জীৱিত হৈ পৰে৷ মোবাইল ফোনটোৰ প্ৰস্তুতকাৰী দলটোৱে জানিবলৈ দিয়া মতে এই অত্যাধুনিক আৰু অদ্ভূত মোবাইল ফোনটোত এণ্ড্ৰইড প্ৰযুক্তিত থকা সকলো সুবিধা উপলব্ধ হ’ব৷ আৰু এই ফোনটোৱে খুব কম তৰংগতো শক্তি আহৰণ কৰিব পাৰে৷ 

ইতিমধ্যে প্ৰস্তুতকাৰী বৈজ্ঞানীক দলটোৱে মোবাইল ফোনটোৰ প্ৰাক পৰীক্ষা সম্পূৰ্ণ কৰিছে৷ ইউনিভাৰ্চিটি অৱ ৱাচিংটনৰ ভাৰতীয় মূলৰ সহকাৰী অধ্যাপক আৰু মোবাইল ফোন প্ৰস্তুতকাৰী দলটোৰ সহযোগী শ্যাম গোলকাট্টাই মোবাইলটোৰ সম্পৰ্কত কয় যে- আমি প্ৰথমবাৰৰ বাবে এনে এটা ফোন প্ৰস্তুত কৰি উলিয়াইছো যিয়ে পৰিৱেশৰ পৰা শক্তি আহৰণ কৰিব পাৰে৷ আমাৰ চৌপাশে থকা ৰেডিঅ’ তৰংগই ইয়াক ইয়াৰ প্ৰয়েজনায় শক্তি যোগান ধৰে৷ আমি প্ৰাক পৰীক্ষা সম্পূৰ্ণ কৰাৰ পাছত পুনৰীক্ষণ কৰাৰ প্ৰয়োজন আছে যাতে মোবাইল ফোনটোত কোনো ক্ৰুটি নাথাকে৷

প্ৰস্তুতকাৰী দলটোৰ মতে মোবাইল ফোনটোৰ যোগেদি কথা পাতোতে স্পীকাৰৰ পৰা হোৱা সৰু সৰু তৰাংগায়িত শব্দৰ পৰাও ফোনটোৱে চালিকা শক্তি লাভ কৰিব পাৰে৷