কেলিফৰ্ণিয়াঃ আপুনি নজনাকৈ ডিলিট হ’ব ৱাটচএপৰ ষ্টেটাছ৷ ইয়াৰ কাৰণ কোনো ভাইৰাছ নহয়৷ আজি ৱাটচএপৰ ৮ম জন্মদিনত নতুন ৰূপত আহিছে ৱাটচএপ৷

মেচেজিং আৰু অডিঅ’-ভিডিঅ’ শ্বেয়াৰ কৰাৰ জনপ্ৰিয় মাধ্যম ৱাটচএপৰ নতুনকৈ কৰা আপডেটত এই সুবিধা উপলব্ধ নহ’ব৷ এতিয়া আপুনি আখৰেৰে দিব নোৱাৰিব ষ্টেটাছ৷ 

প্ৰথমতে এই সালসলনি অকল ইউৰোপত হ’ব বুলি ঘোষণা কৰা হৈছিল৷ বৃহস্পতিবাৰৰ মাজনিশাৰ পৰা ভাৰততো সলনি হয় ৱাট্‌ছএপৰ ফিছা্‌ৰচসমুহ৷ 

এইবাৰ ফটো, ভিডিঅ’ আৰু গিফ দিব পাৰিব ষ্টেটাছত৷ এইবোৰ আকৌ আপুনি মনৰ পছন্দৰে ইডিটো কৰিব পাৰিব৷ সেই ষ্টেটাছ আকৌ ২৪ ঘণ্টাৰ পিছত নিজে নিজে নোহোৱা হ’ব৷ ইয়াৰ নটিফিকেশ্যন আপোনাৰ কণ্টেক্ট লিষ্টত থকা বন্ধুসকলে পাব৷  

সংস্কৰণটোক লৈ উৎফুল্লিত হোৱা ৱাটচএপৰ মুখ্য কাৰ্যবাহী বিষয়া জেন কোৱামে এসপ্তাহ পুৰ্বেই ব্লগযোগে এইবিষয়ে সবিশেষ জনাইছিল৷ পাৰম্পৰিক মেচেজিং এপৰপৰা উন্নীত হ’বলৈ ৱাটচএপৰ এই পদক্ষেপ ফেচবুকৰপৰা অনুপ্ৰাণিত হোৱা বুলি ভাবিব পাৰি৷