মানুহৰ কেৱল ভৰিয়েই পিছল নাখায়, জিভাও পিছল খায়৷ ভৰি পিছল খালে সিমান বিপদ নহয় যিমান জিভা পিছল খালে হয়৷ সাধাৰণ মানুহৰ কথা বাৰু যেনতেন কিন্তু সমাজৰ শীৰ্ষস্থানীয় মানুহৰ যদি জিভা পিছল খায় তেন্তে তেওঁ ছ’চিয়েল মিডিয়াত ট্ৰ’ল খাবলৈ সাজু হৈ থকাই ভাল৷

 

সদ্যহতে ট্ৰ’লৰ সন্মুখীন হৈছে কেন্দ্ৰীয় ৰে’ল আৰু বাণিজ্য মন্ত্ৰী পীযুষ গোৱেল৷ কিন্তু কিয়? পীযুষ গোৱেলক এক প্ৰশ্ন কৰা হৈছিল যে বৰ্তমান দেশৰ আৰ্থিক বিকাশলৈ চাই ভাৰতে কিদৰে পাঁচ লাখ কোটি টকাৰ অৰ্থনৈতিক ব্যৱস্থাত উপনীত হ’ব পাৰিব?

 

উত্তৰত গোৱেলে কয়, ‘‘আপুনি হিচাপ-নিকাচৰ পিছত নপৰিব, টিভিত দেখুৱাই থকা হৈছে যে ভাৰতে ৫ ট্ৰিলিয়ন অৰ্থব্যৱস্থাৰ বাবে ১২ শতাংশ বিকাশৰ গতিৰে আগুৱাব লাগিব৷ আমাৰ দেশ এতিয়া আগুৱাই আছে ৬ শতাংশ বিকাশৰ গতিৰে৷ হিচাপ-নিকাচৰ পিছত বেছি লাগি থাকিব নালাগে৷ এনেদৰে অংক মিলাই থকা হ’লে এলবাৰ্ট আইনষ্টাইনে মাধ্যাকৰ্ষণ শক্তি আৱিষ্কাৰেই কৰিব নোৱাৰিলেহেঁতেন৷ আগৰ পৰাই নিৰ্মিত ফৰ্মূলা আৰু অতীতৰ জ্ঞানেৰে আগবাঢ়িলে পৃথিৱীত ইমানবোৰ আৱিস্কাৰেই নহ’লহেঁতেন বুলি মই ভাবো৷’’

 

কোনে আৱিস্কাৰ কৰিছিল মাধ্যাকৰ্ষণ শক্তি?


পীযুষ গোৱেলে কথাৰ মাজতে কোৱা সেই মাধ্যাকৰ্ষণ শক্তি প্ৰকৃততে ছাৰ আইজাক নিউটনেহে আৱিস্কাৰ কৰিছিল, এলবাৰ্ট আইনষ্টাইনে নহয়৷

 

এলবাৰ্ট আইনষ্টাইন

 

জাৰ্মানীৰ উইটেনবাৰ্গ অঞ্চলৰ উল্ম চহৰত ১৮৭৯ খৃষ্টাব্দৰ ১৪ মাৰ্চত জন্মগ্ৰহণ কৰিছিলে এলবাৰ্ট আইনষ্টাইনে৷ তেওঁ এজন তাত্ত্বিক পদাৰ্থ বিজ্ঞানী। তেওঁৰ আপেক্ষিকতাবাদ তত্ত্ব আধুনিক পদাৰ্থ বিজ্ঞানৰ ভেটিস্বৰূপ। তাত্ত্বিক পদাৰ্থবিদ্যালৈ অৱদান বিশেষকৈ আলোক বিদ্যুৎ পৰিঘটনাৰ বাবে ১৯২১ চনত তেওঁক পদাৰ্থবিজ্ঞানৰ ন'বেল বঁটা প্ৰদান কৰা হয়। এই আলোক বিদ্যুত পৰিঘটনাই পাচলৈ কোৱান্টাম তত্ত্বৰ সুচনা কৰে৷ আইনষ্টাইনে ভাবিছিল যে নিউটনীয় বলবিদ্যাই ধ্ৰুপদী পদাৰ্থবিজ্ঞান আৰু বিদ্যুত চুম্বকীয় সূত্ৰসমূহৰ মাজত যোগসূত্ৰ স্থাপন কৰিবলৈ সক্ষম হোৱা নাই। সেয়ে তেওঁ বিশেষ আপেক্ষিকতাবাদ তত্ত্ব গঢ় দিয়ে। পাছলৈ তেওঁ আপেক্ষিকতাবাদ সূত্ৰ মহাকৰ্ষণীয় ক্ষেত্ৰৰ বাবেও প্ৰয়োগ কৰে আৰু ১৯১৬ চনত সাধাৰণ আপেক্ষিকতাবাদ তত্ত্ব প্ৰকাশ কৰে। কোৱান্টাম তত্ত্ব আৰু পাৰিসাংখ্যিক বলবিদ্যালৈ আইনষ্টাইনে আগবঢ়োৱা অৱদানৰ ভিতৰত কণিকা তত্ত্ব আৰু অণুৰ গতি উল্লেখযোগ্য। ১৯৫৫ চনৰ ১৮ এপ্ৰিল তাৰিখে এই বিৰাট প্ৰতিভা সম্পন্ন ব্যক্তি, বিস্ময়কৰ বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনৰ মৃত্যু হয়৷ 

 

ছাৰ আইজাক নিউটন

 

একেধাৰে পদাৰ্থ বিজ্ঞানী, গণিতজ্ঞ, জ্যোতিবিজ্ঞানী, প্ৰাকৃতিক দাৰ্শনিক, ৰসায়ন বিজ্ঞনী, ছাৰ আইজাক নিউটনৰ জন্ম হৈছিল ১৬৪৩ চনৰ ৪ জানুৱাৰী তাৰিখে ইংলেণ্ডৰ উল‌্চথ্ৰ'পত৷ ইতিহাসৰ সবাতোকৈ প্ৰভাৱশালী ব্যক্তি সকলৰ ভিতৰত অন্যতম ছাৰ আইজাক নিউটন সমগ্ৰ বিশ্বতে জনাজাত মধ্যাকৰ্ষণ শক্তিৰ আৱিস্কাৰক ৰূপে৷ ১৬৮৭ চনত প্ৰকাশ হোৱা তেওঁৰ ফিলোছ'ফিয়া নেচাৰেলিচ প্ৰিন্সিপিয়া মেথেমেটিকা (সাধাৰণ ভাবে প্ৰিন্সিপিয়া) বিজ্ঞান ইতিহাসত এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ। এই গ্ৰন্থত বল গতি বিজ্ঞানৰ সেই বিখ্যাত নিউটনৰ তিনি সূত্ৰৰ আৰু মধ্যাকৰ্ষণ শক্তিৰ কথা বাখ্যা আছে। তেখেতৰ আৱিস্কাৰৰ বলতেই পৃথিৱী কেন্দ্ৰ কৰি ঘূৰা ব্ৰহ্মাণ্ডৰ ধাৰণাৰ ইতি পৰে। নিউটনে প্ৰথমে ব্যৱহাৰিক প্ৰতিফলন দূৰবীণ সাজি উলিয়ায়। পোহৰ বৰ্ণালীৰ ধাৰণাত তেখেতৰ বৰঙণি লেখত ল’বলগীয়া। শীতলী ভবনৰ সূত্ৰ তেখেতৰেই সৃষ্টি। শব্দৰ গতি সম্বন্ধেও তেখেতে যথেষ্ট তথ্য আগবঢ়াইছে। কলন গণিত (Calculus) ৰ ক্ষেত্ৰত তেখেতৰ বৰঙণি অনবদ্য। এইজনা মহান বিজ্ঞানীৰ মৃত্যু হৈছিল লণ্ডনৰ কেনছিংটনত ১৭২৭ চনৰ ৩১ মাৰ্চত৷ 

 

টুইটাৰত ট্ৰেণ্ডিংঃ


পীযুষ গোৱেলৰ এই মন্তব্য এতিয়া টুইটাৰৰ ট্ৰেণ্ডিঙত আছে৷ তেওঁক বিভিন্ন তীৰ্যক মন্তব্যৰে থকাসৰকা কৰা হৈছে টুইটাৰত৷ গোৱেলে এই সন্দৰ্ভত স্পষ্টীকৰণ দি কয়, ‘‘মোৰ দুখ লাগিছে এটা কথাতেই যে মই আলোচনা কৰা কথাৰ পৰিৱৰ্তে কথাৰ মাজৰ মাত্ৰ এটা লাইনকহে বেছি আলোচনাৰ বিষয় বনাই পেলোৱা হ’ল...৷’’ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এই স্পষ্টীকৰণকো মানুহে আলোচনাৰ বিষয় হিচাপে লৈছে৷ এগৰাকী ইউজাৰ্ছে লিখিছে, 'When the clarification is worse than the original statement....' ( তেওঁৰ মূল বক্তব্যতকৈও শোচনীয় এই স্পষ্টীকৰণ)। গোৱেলৰ মন্তব্যৰ বাবেই বৃহস্পতিবাৰে সন্ধিয়ালৈকে ভাৰতত দিনটোত টুইটাৰ ট্ৰেণ্ডিঙত ১ নং স্থান লাভ কৰে নিউটনে। ট্ৰেণ্ডিঙত পীযুষ গোৱেল ২ নং স্থানত থকাৰ লগতে ৩ নং স্থানত থাকে আইনষ্টাইন।