ডিজিটেল ডেস্কঃ ভাৰতত প্ৰি অৰ্ডাৰৰ বাবে সাজু নকিয়া ৩৩১০৷ কেইদিনমানৰ ভিতৰতে ভাৰতৰ বজাৰত প্ৰবেশ কৰিব ন’কিয়া ৩৩১০৷  

নষ্টালজিয়াক এক নতুন ৰূপত লৈ অহা নকিয়া ৩৩১০ য়ে সুদীৰ্ঘ ১৭ বছৰৰ মুৰত পুনৰ বজাৰলৈ লৈ আহিছে সাপখেলৰ সেই শিহৰণ। 

এই প্ৰী অৰ্ডাৰ ৫ মেৰ পৰা আৰম্ভ হ’ব৷ আনহাতে জাৰ্মানী আৰু অষ্ট্ৰেলিয়াত এই প্ৰি অৰ্ডাৰ আৰম্ভ হ’ব ২৮ এপ্ৰিলৰপৰা৷ কেৱল ৩৮৯৯ টকাৰ এই ফোনটোৰ বিক্ৰী ১৭ মেৰ পৰা আৰম্ভ হ’ব৷  

৩ জি আৰু ৪ জি কানেক্টিভিটি যুক্ত ফোনটোৰ ডিচপ্লে ২.৪। ২ মেগাপিক্সেল ৰিয়েৰ কেমেৰা যুক্ত উক্ত ফোনটো ৰঙা, নীলা আৰু ধুসৰ বৰণত উপলব্ধ হ’ব ফোনটো৷