নতুন দিল্লীঃ পাকিস্তানৰ ৰাৱালপিণ্ডিত পাক সেনাৰ এখন বিমান দুৰ্ঘটনাত পতিত হোৱাৰ ফলত ১৫ জন লোকৰ মৃত্যু হয়। 

গৰাৰী চহৰৰ সমীপত সংঘটিত হয় এই বিমান দুৰ্ঘটনা। জানিব পৰা মতে দুৰ্ঘটনাত মৃত্যু হোৱাসকলৰ ভিতৰত আছে ৫ জন সেনা জোৱান। 

দুৰ্ঘটনাৰ কাৰণ সন্দৰ্ভত পাক সেনাই কোনো তথ্য সদৰি কৰা নাই যদিও ৰাৱালপিণ্ডিৰ মোৰা কালু গাঁৱত নিয়মিত প্ৰশিক্ষণৰ সময়তে বিমানখন দুৰ্ঘটনাত পতিত হোৱা বুলি সদৰি কৰিছে। 

আনহাতে, বিমান দুৰ্ঘটনাত ২০ জনৰো অধিক লোক গুৰুতৰভাৱে আহত হয়। আহতসকলক বৰ্তমানে হাস্পতালত ভৰ্তি কৰোৱা হৈছে৷