ষড়াণন বৰা, চামগুৰিঃ নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত পুৰণিগুদামত মঙলবাৰে নিশা পৰ্য্যন্ত সৃষ্টি হ'ল এক উৎসৱমুখৰ পৰিৱেশৰ। নিশা পুৰণিগুদামৰ ভবেন্দ্ৰনাথ শইকীয়া ৰাজহুৱা প্ৰেক্ষাগৃহত সমবেত প্ৰায় ডেৰ সহস্ৰাধিক দৰ্শক-অভিভাৱকৰ উপস্থিতৰে সফল পৰিসমাপ্তি হয় নৃত্যাঞ্জলী নৃত্য কৰ্মশালাৰ অন্তিম তথা চূড়ান্ত অনুষ্ঠানটো। 

ছাত্ৰ-ছাত্ৰী সকলৰ চলিত গ্ৰীষ্মকালিন বন্ধৰ প্ৰতি লক্ষ্য ৰাখি পুৰণিগুদামৰ ভীমৰগাঁৱৰ স্থানীয় যুৱশিল্পী তথা নৃত্যাঞ্জলী নৃত্য কৰ্মশালাৰ পৰিচালন সঞ্চালক ইন্দ্ৰজ্যোতি দাসৰ তত্বাৱধানত যোৱা ০২ জুলাইৰপৰা ২০ জুলাই পৰ্য্যন্ত বৃহত্তৰ নগাঁও জিলাৰ শিশু সকলক অসমীয়া কলা-সংস্কৃতিৰ ক্ষেত্ৰ খনত এখোপ আগবাঢ়াই নিয়াৰ প্ৰচেষ্টাৰে অসমীয়াৰ বাপতিসাহোন বিহু নৃত্য, ঢোল বাদন, সত্ৰীয়া আৰু আধুনিক সৃষ্টিশীল নৃত্যৰ ওপৰত প্ৰদান কৰি অহা হৈছিল বিশেষ প্ৰশিক্ষণৰ। 

উল্লেখযোগ্য যে, কৰ্মশালা খনত বিহুনৃত্যৰ প্ৰশিক্ষক হিচাবে তেজপুৰৰ পৰা আমন্ত্ৰণ কৰি অনা হৈছিল সুদক্ষ বিহুৱতী তথা অভিনেত্ৰী মৌনিতা বৰা লগতে ঢোল বাদনৰ প্ৰশিক্ষক হিচাপে আছিল শিৱসাগৰৰ বাস্তৱ শইকীয়া আৰু নগাঁৱৰ শংকৰ দাস। সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষক হিচাপে আছিল নগাঁৱৰে বিনোদ ভূঞা আৰু ৰাজকুমাৰী ভূঞা। কৰ্মশালাখনত আধুনিক সৃষ্টিশিল নৃত্যৰ প্ৰশিক্ষণ প্ৰদান কৰিছিল নগাঁৱৰ ক্ৰমে মানস জ্যোতি বৰা, প্ৰাৰ্থ প্ৰতিম দাস আৰু স্মৃতিৰেখা কলিতাই। 

এই আটাইকেইটা বিভাগতে প্ৰশিক্ষণ গ্ৰহণ কৰা প্ৰায় অৰ্ধশতাধিক কণ কণ শিশু, কিশোৰ-কিশোৰীয়ে মঙ্গলবাৰে আয়োজিত কৰ্মশালাখনৰ সামৰণি অনুষ্ঠানটো গুৰু বন্দনাৰে আৰম্ভ কৰি বিভিন্ন বৰ্ণাদ্ধ্য কাৰ্যসূচীৰ মাজেৰে নিশা পৰ্য্যন্ত সদ্য প্ৰশিক্ষণপ্ৰাপ্ত নৃত্য আৰু ঢোল বাদন আদি ন-ন ৰূপত আটকধুনীয়াকৈ মঞ্চস্থ কৰি জাতীয় সংগীতৰ আধাৰত কৰা বিশেষ নৃত্যৰে ভব্য অনুষ্ঠানটোৰ অন্ত পেলোৱা দেখা যায়। 

ইয়াৰ মাজতে আটাইকেইজন প্ৰশিক্ষককে উদ্যোক্তা সকলৰ তৰফৰপৰা ৰাজহুৱাকৈ বিশেষভাৱে সম্বৰ্দ্ধনা জ্ঞাপন কৰাৰ লগতে প্ৰশিক্ষক কেইগৰাকীৰ দ্বাৰাও সামৰণি অনুষ্ঠানটিত প্ৰদৰ্শন কৰা বিশেষ নৃত্যই আপ্লুত কৰিবলৈ সক্ষম হয় উপস্থিত সকলোৰে হৃদয়। সদৌ শেষত মঙলবাৰৰ অন্তিম অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলাৰ ক্ষেত্ৰত কৰ্মশালাখনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰা স্থানীয় মন্টু, নিপা, বনশ্ৰী, পল্লৱী, পাৰ্থ, প্ৰিয়ংকাকে আদি কৰি সমূহ সদস্য-সদস্যাৰে কৃতজ্ঞতা স্বীকাৰ কৰা দেখা যায় নৃত্যাঞ্জলীৰ পৰিচালন সঞ্চালক গৰাকীয়ে। 

লক্ষণীয়ভাৱে নৃত্যাঞ্জলীৰ এই মাহজোৰা প্ৰচেষ্টাই উঠি অহা নৱপ্ৰজন্মৰ কণ কণ শিশু সকলক নিজৰ জাতি, কলা-সংস্কৃতি আৰু পৰম্পৰাৰ বিষয়ে বহুলভাৱে নহ'লেও কিঞ্চিত মাত্ৰ হ'লেও ধাৰণা দিবৰ বাবে সক্ষম হৈছে বুলি বিশ্বাসী উদ্যোক্তা সকলৰ লগতে অনুষ্ঠানটো উপস্থিত থকা পুৰণিগুদামৰ গণ্য মান্য ব্যক্তি সকলে।