Image for Representation
Image for Representation

ডিজিটেল ডেস্কঃ পূজাৰ বতৰত ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহকসকললৈ সু-খবৰ। দেশজুৰি তীব্ৰ সমালোচনাৰ সন্মুখীন হোৱাৰ পিছত পলমকৈ হ’লেও যেন বোধোদয় হ’ল দেশৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয়কৃত বেংকটোৰ। এই অনুযায়ী সোমবাৰে বেংকটোৱে নতুন একাউণ্ট খোলা আৰু মিনিমাম বেলেঞ্চৰ নিৰিখ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

নতুন সিদ্ধান্ত অনুসৰি মেট্ৰ’ চহৰত ছেভিংছ একাউণ্টৰ ন্যুনতম জমা ৰাখিবলগীয়া ধনৰ পৰিমাণ ৩০০০লৈ হ্ৰাস কৰা হৈছে। ইয়াৰ পূৰ্বে এই নিৰিখ আছিল ৫ হাজাৰ টকা।

একেদৰে আৰবান, ছেমি আৰবান আৰু গ্ৰামীণ অঞ্চলত ন্যুনতম বেলেঞ্চৰ পৰিমাণ ক্ৰমে ২ হাজাৰ আৰু ১হাজাৰ টকা কৰা হৈছে। পূৰ্বতে আৰবান অঞ্চলত এই নিৰিখ আছিল ৩০০০ টকা। বেংক কৰ্তৃপক্ষই জনোৱা মতে, নতুন নিৰিখ অহা ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব।

► পঢ়িবলৈ ফটোখনত CLICK কৰক

আনহাতে, প্ৰবীণ নাগৰিক আৰু পেঞ্চনাৰসকলে যদি মিনিমাম বেলেঞ্চ ৰাখিব নোৱাৰে তেতিয়া কোনো জৰিমণা আদায় নোলোৱাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে বেংকটোৱে। বেংকৰ তৰফৰ পৰা দিয়া এক বিবৃতিত কোৱা হৈছে যে প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ অধীনত এই সুবিধা গ্ৰাহকক প্ৰদান কৰা হৈছে। ইয়াৰ লগতে বেচিক ছেভিংছ বেংক ডেপোজিট, স্মল একাউণ্ট আদিৰ ক্ষেত্ৰতো মিনিমাম বেলেঞ্চৰ জৰিমণা উঠাই লৈছে বেংকটোৱে।

পূজাৰ বতৰত বেংকটোৱে গ্ৰহণ কৰা এই সিদ্ধান্তক আদৰণি জনাইছে গ্ৰাহকসকলে। উল্লেখ্য যে বেংকটোৰ মিনিমাম বেলেঞ্চ ছাৰ্জক লৈ ছ’চিয়েল মিডিয়াৰ জৰিয়তে লক্ষ লক্ষ গ্ৰাহকে আপত্তি প্ৰদৰ্শন কৰি আহিছিল।