নতুন দিল্লীঃ বলিউডৰ ৰোমান্টিক কিঙ শ্বাহৰুখ খানে উপলব্ধি তথা কষ্টৰ ফলত পুনৰ লাভ কৰিলে ডক্টৰেট উপাধি৷ অশেষ কষ্টৰ ফলত উচ্চ পৰ্যায়ত পোৱা শ্বাহৰুখ খানক লণ্ডনৰ বিশ্ববিদ্যালয়ে ‘ফিলনথ্ৰ’পি’ বিষয়ত ডক্টৰেট ডিগ্ৰীৰ উপাধিৰে সন্মানিত কৰে৷ 

এই বিষয়ত খানে নিজেই টুইটাৰ একাউন্টৰপৰা প্ৰকাশ কৰি সকলোকে জনায়৷ লগতে খানে একেখন বিশ্ববিদ্যালয়ৰপৰা ডিগ্ৰী লাভ কৰা সকলো ছাত্ৰ-ছাত্ৰীক শুভেচ্ছা যাচি ভৱিষ্যতে নিস্বাৰ্থভাৱে কাম কৰিবলৈ সহায়ক হ’ব বুলি টুইটত প্ৰকাশ কৰে৷  বিশ্ববিদ্যালয়কো ধন্যবাদ জ্ঞাপন কৰাৰ লগতে টুইটৰ যোগে ‘মীৰ’ নামৰ এটা সংস্থাৰ বিষয়েও উল্লেখ কৰে৷

দৰাচলতে শ্বাহৰুখ খানে ‘মীৰ’ নামৰ এটা এনজিঅ’ চলায়৷ য’ত এছিড পীড়িতসকলৰ বাবে কাম কৰি তেওঁলোকক সহায়ৰ হাত আগবঢ়ায়৷ বৃহস্পতিবাৰে শ্বাখৰুখ খানক লণ্ডন বিশ্ববিদ্যালয়ৰ ৩৫০ জন ছাত্ৰ-ছাত্ৰীৰ মাজত এই সন্মান দিয়া হৈছিল৷ কেৱল এয়া নহয়, ২০০৯ চনত ইউনিভাৰ্চিটি অৱ বেডফৰ্ডশ্বায়ৰ আৰু ইউনিভাৰ্চিটি অৱ এডিনবৰ্গৰ উপাধি ২০১৫ চনত লাভ কৰিবলৈ সক্ষম হৈছিল৷

২০০৫ চনত পদ্মশ্ৰী উপাধিৰে সন্মান লাভ কৰা খানৰ শুভাকাংক্ষীসকলে আনন্দ প্ৰকাশ কৰিছে৷ ইয়াৰ লগতে বলিউডৰ বাদশ্বাহ শ্বাহুৰুখ খানে দিলৱালে দুলহনিয়া, চক্ দে ইণ্ডিয়া, কভি অলবিদা না কহনাৰ দৰে বহুকেইখন ব্লক ব্লাষ্টাৰ চিনেমা কৰি বিভিন্ন পুৰষ্কাৰ লাভ কৰি জনতাৰ মন জয় কৰি আহিছে৷