আজিৰ পৰা কিছু বছৰৰ আগৰ কথা৷ এবাৰ এটা ল’ৰাই একাপ পানীত এবিধ বিশেষ দ্ৰব্য মিহলাই পান কৰিলে৷ সেয়া পান কৰাৰ অলপ পাছতে ল’ৰাজন বেহুচ হোৱাৰ উপক্ৰম হ’ল৷ ল’ৰাজনে লগালগ মূৰত পানী এবাল্টি ঢালি হস্পিতাললৈ দৌৰিলে৷ ল’ৰাজনে চিকিৎসক এগৰাকীক দ্ৰব্য বিধৰ নাম কৈ মোক বচাওক বুলি কৈয়ে বেহুচ হৈ পৰি গ’ল৷ প্ৰায় চাৰি ঘণ্টাৰ পাছতহে ল’ৰাজনে জ্ঞান ঘূৰাই পালে৷ হুচ অহাৰ পাছত ল’ৰাজনক এক থাপৰ মাৰি চিকিৎসকগৰাকীয়ে ক’লে ‘‘এই ভুল যাতে তই দ্বিতীয় বাৰ নকৰ৷ সাংঘাটিক ঘটনা ঘটাইছিলি আজি৷’’ ল’ৰাজনে পানীৰ লগত মিহলোৱা দ্ৰব্যবিধ আছিল শিলাজিত৷ কি এই শিলাজিত? অধিক সংখ্যক লোক অজ্ঞাত এই শিলাজিতৰ বিষয়ে৷ হয়তো আপুনিও হ’ব পাৰে তাৰে মাজৰ এজন যি এই লেখাটো পঢ়ি থাকোতে প্ৰথমবাৰৰ বাবে শুনিছে শিলাজিত শব্দটো৷ 

 

শিলাজিত কি? 

 

শিলাজিত পোৱা যায় পাহাৰৰ গুহাত৷ শিলাজিত বেছিকৈ মধ্য এচিয়াৰ পাহাৰসমূহত উপলব্ধ৷ পাহাৰৰ গুহাৰ বহু পুৰণি ধাতু আৰু উদ্ভিদৰ বিভিন্ন উপাদানৰ সংমিশ্ৰণত শিলাজিত সৃষ্টি হয়৷ ইয়াৰ ফলত পাহাৰৰ গুহাৰ শিলাখণ্ডত  সৃষ্টি হয় শেলাইৰ দৰে ডাঠ আৱৰণৰ। জাৰকালি এই শেলাইভাগ বেছিকৈ গোট মাৰি থাকে। মে’, জুন আৰু জুলাই মাহৰ গৰম অহাৰ লগে লগে এই শেলাইবিলাক গলিবলৈ আৰম্ভ কৰে। এই গলিত পদাৰ্থসমূহ একত্ৰিত হৈ ধুনা গছত ধূনা ওলমি থকাৰ দৰে ওলমি শিলাখণ্ডৰ পৰা বিচ্ছিন্ন হৈ পৰে। শিলাজিত সংগ্ৰহকাৰীয়ে ইয়াক টুকুৰা- টুকুৰা কৰি সংগ্ৰহ কৰি ৰাখে। সেই কাৰণে শিলাজিতক শৈলনিৰ্যাস, শৈলেয় বা গিৰিজ বুলিও জনা যায়। শিলাজিত নেপাল, ভূটান, তিব্বত, কাশ্মীৰ আদিৰ পাহাৰত প্ৰচুৰ পৰিমাণে পোৱা যায়।

 

শিলাজিত লাভ কৰাতো সহজ নহয়ঃ

 

শিলাজিত সংগ্ৰহ কৰিবলৈ কঠোৰ সংগ্ৰাম, কষ্টকৰ যাত্ৰা কৰিবলগীয়া হয় সংগ্ৰহকাৰীসকলে৷ শিলাজিত আনিবলৈ বেলি উদয় হোৱাৰ লগে লগেই বহু ওখ ওখ পাহাৰ বগাই, কণ্টকপূৰ্ণ ৰাস্তাৰে যাত্ৰা কৰে মানুহে৷ কেতিয়াবা ইয়াক লাভ কৰোতে গোটেই দিন গুচি যায় আৰু কেতিয়াবা ইমান কষ্ট কৰাৰ পাছতো খালী হাতেৰেও উভতিব লগা হয়৷ কাৰণ শিলাজিত লাভ কৰাতো একেবাৰেই সহজ নহয়৷ শিলাজিতযুক্ত গুহাৰ পৰা এক বিশেষ গোন্ধ নিৰ্গত হয় আৰু সেই গোন্ধ লাভ কৰিলেই সংগ্ৰহকাৰীয়ে বুজি পায় ক’ত আছে শিলাজিত৷ 

 

কিহৰ কাৰণে শিলাজিতৰ ইমান আদৰঃ

 

শিলাজিত আয়ুৰ্বেদ চিকিৎসাৰ অব্যৰ্থ মহৌষধ হিচাপে চিহ্নিত হৈ আহিছে৷ শিলাজিতত ৮৬ প্ৰকাৰৰ খনিজ দ্ৰব্য মজুত থাকে যিয়ে মানৱ শৰীৰৰ বিভিন্ন ৰোগ-ব্যাধিক নাশ কৰিবলৈ সক্ষম৷ শৰীৰৰ শৰ্কৰাৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ইয়াৰ ভূমিকা অপৰিসীম। শিলাজিতে আমাৰ শৰীৰৰ অতিৰিক্ত অদৰকাৰী মেদ বৃদ্ধি পালে তাক নিৰাময় কৰে। সেয়েহে ইয়াক জণ্ডিচ ৰোগৰ পিছত দেখা দিয়া ৰোগৰ উপসৰ্গসমূহ দূৰ কৰাত সহায় কৰে। আমাৰ দেহৰ মস্তিষ্কৰ দুৰ্বলতা, প্ৰমেহ, মধুমেহ, মৃগীৰোগ, উন্মাদ, ৰক্তপ্ৰদৰ (মন ৰেজিয়া) শ্বেতপ্ৰদৰ (লিওকবিয়া) আদিত প্ৰয়োগ কৰা হয়। মধুমেহ ৰোগত সঘনাই প্ৰস্ৰাৱ হোৱা, প্ৰস্ৰাৱৰ জ্বলন, প্ৰস্ৰাৱ নলীৰ পোৰণি আদি ৰোগত ব্যৱহাৰ কৰিলে ভাল ফল পোৱা যায়। পক্ষান্তৰ, মনৰ স্থিৰতা বঢ়ায় আৰু ব্ৰহ্মচাৰ্য ৰক্ষাত সহায় কৰে। আমাৰ শৰীৰত হোৱা মধুমেহ, প্ৰস্ৰাৱ নলীত হোৱা পাথৰ, অতি কষ্টৰে প্ৰস্ৰাৱ কৰা, অপস্মাৰ, উন্মাদ, চৰ্মৰোগ, ৰক্তহীনতা (এনিমিয়া), বাতৰক্ত (আৰটিকেৰিয়া), ক্ৰিমিৰোগ নাশ কৰে। বিশেষকৈ ই মধুমেহত ফলদায়ক। 

 

শিলাজিত কৰ্পূৰৰ লগত মিহলাই সানিলে কটা ঘা সোনকালে শুকাই যায়। শিলাজিত জীৱাণু নাশক হোৱাৰ বাবে ইনফেকচন হোৱাৰ ভয় নাথাকে। শৰীৰত আঘাত পালে পুৰণি ঘিৰ লগত শিলাজিত মিহলাই সানিলে সোনকালে আৰাম পোৱা যায়। শিলাজিতৰ দ্বাৰ প্ৰস্ৰাৱৰ লগতে অহা অতিৰিক্ত ওজস্ৰাৱ (এলবিঅ’মিন)নিয়ন্ত্ৰণ কৰে। অধিক ৰক্তচাপ আৰু লগতে মানসিক চাপৰ কাৰণে আমাৰ শৰীৰৰ ধমনীসমুহৰ দুৰ্বল স্থানবিলাকৰ কোনো অংশ সংকুচিত হৈ ধমনীৰ ভালভ বিবদ্ধ কৰি তোলে। ফলস্বৰুপে ৰক্ত চলাচলত বাধা জন্মি ৰোগী মূৰ্ছা যায়৷ ধমনীৰ এই সংকোচন প্ৰসাৰণৰ সমতা ৰক্ষা কৰিব পৰা একমাত্ৰ ঔষধ শিলাজিত। পিত্তাশয়ত (গলব্লাডাৰ) পাথৰ হ’লে যদি শিলাজিতযুক্ত ঔষধ প্ৰয়োগ কৰা হয়, তেতিয়া পাথৰৰ ওপৰৰ চামনিবিলাক ৰুকি পেলাই আৰু পাতল অৱস্থাপ্ৰাপ্ত কৰি বাহিৰ হোৱাত সহায় কৰে। সেয়েহে পিত্তাস্মৰী (কলেচিষ্টাইটিছ) ৰোগৰ পৰম ঔষধি ৰূপে শিলাজিতক গণ্য কৰিব পাৰি। ই হাড় আৰু হাড়ৰ যোৰাৰ বাবেও অতি উপকাৰী৷ সেয়েহে ইমান আদৰ শিলাজিতৰ৷ 

 

শিলাজিত ৪ প্ৰকাৰৰঃ 

১) স্বৰ্ণঃ ৰক্ত বৰণৰ 
২) ৰৌপ্যঃ বগা বৰণৰ 
৩) তাম্ৰঃ উজ্জ্বল সোণালী বৰণৰ 
৪) লৌহঃ ক’লা বৰণৰ। লৌহ ক’লা ৰঙৰ শিলাজিত সকলোতকৈ উত্তম বুলি বিবেচিত হৈ আহিছে৷

 

ফিল্টাৰ কৰা হয় শিলাজিতকঃ

 

ফিল্টাৰ কৰাৰ পিছতহে ইয়াক খাব পাৰি বা ঔষধত প্ৰয়োগ কৰা হয়। শিলাজিতক প্ৰথমে টুকুৰা টুকুৰ কৰি লোৱা হয় আৰু এই টুকুৰাবোৰ এটা ডাঙৰ বাল্টীৰ ভিতৰত ভৰাই শিলাজিতৰ পৰিমাণ অনুযায়ী বাল্টিটোত পানী ঢলা হয় আৰু ইয়াৰ পাছত এখন ডাঙৰ হেতাৰে পানীখিনি গুলি থকা হয় যেতিয়ালৈকে শিলাজিত সম্পূৰ্ণ ৰূপে পানীত মিহলি হৈ নাযায়৷ কিছু ঘণ্টাৰ পাছত পানীৰ গেদ সমূহ দূৰ কৰা হয়৷ এনেদৰে শিলাজিতৰ পানী এসপ্তাহ ৰখা হয় আৰু লাহে লাহে ইয়াৰ ৰং গাঢ় ক’লা হৈ উঠে৷ ইয়াৰ পৰা বুজিব পাৰি শিলাজিত সম্পূৰ্ণ ৰূপে পানীৰ লগত মিলি কঠিন স্তৰৰ পৰা তৰল স্তৰলৈ গতি কৰিলে৷ ইয়াৰ পাছত এটা কাঁচৰ বটলত এমাহলৈকে শিলাজিতৰ পানী ৰখা হয়৷ এই ফ্লিটাৰ প্ৰক্ৰিয়াত ৩০-৪০ দিন সময় লাগে৷ তাৰপাছতহে ইয়াক পেকিং কৰি বাহিৰলৈ পঠোৱা হয়৷ প্ৰায় ১০ গ্ৰাম শিলাজিতৰ মূল্য ৩০০-৬০০ টকালৈকে হয়৷ 

 

বহুতেই শিলাজিতক ব্যৱসায় হিচাপে লৈ অসৎ উপায়ো অৱলম্বৱ কৰে৷ বিশুদ্ধ শিলাজিত আৰু ভেজাল শিলাজিত চিনাক্তকৰণৰ উপায় এটাই৷ সেয়া হ’ল শিলাজিতৰ ঔষধত ৮৬ প্ৰকাৰৰ খনিজ দ্ৰব্য উপলব্ধ আছেনে নাই মেডিকেল টেষ্ট কৰোৱা৷ 

 

খোৱাৰ নিয়মঃ

 

ইয়াক জধেমধে খালে হিতে বিপৰীত হোৱাৰ সম্ভাৱনা থাকে৷ পৰিমাণ নাজানিলে লেখাৰ আৰম্ভণিতে উল্লেখ কৰা সেই ল’ৰাটোৰ দৰে অৱস্থা হ’ব পাৰে৷ শিলাজিতৰ মাত্ৰ এটা ড্ৰপ গৰম গাখীৰৰ লগত মিলাই খোৱাটোৱেই নিয়ম যদিও চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিহে খোৱা উচিত৷

 

শিলাজিতৰ পৰা দূৰত থাকিব লাগে কোন?

 

শিলাজিতৰ পৰা দূৰত থাকিব লাগে উচ্চ ৰক্তচাপৰ ৰোগী৷ ৮৬ প্ৰকাৰৰ বিভিন্ন খনিজ পদাৰ্থযুক্ত শিলাজিত উচ্চ ৰক্তচাপত ভূগা ৰোগীৰ পেটলৈ গ’লে ৰক্তচাপ আৰু অধিক বঢ়াই তুলিব৷ সেয়েহে যাৰ অলপ হ’লেও ৰক্তচাপ বেচি তেওঁ কেতিয়াও ইয়াক গ্ৰহণ কৰিব নালাগে৷ ইয়াৰ লগতে হৃদযন্ত্ৰৰ ৰোগীয়েও শিলাজিতৰ পৰা দূৰত থকাতো উচিত৷