ধ্রুৱজ্যোতি বড়া, শিৱসাগৰঃ যোৱা শনিবাৰে গীত, নৃত্য, বাদ্য, ভাওঁনা প্রদৰ্শনেৰে উদুলি মুদুলি হয় ঐতিহ্যনগৰী শিৱসাগৰৰ নাট্য মন্দিৰ উল্লেখ্য যে এদিনীয়া বিৰ্স্তীত কাৰ্য্যসূচীৰে সন্ধিয়া ৬ বজাৰপৰা আৰম্ভ হোৱা অনুষ্ঠানত শতাধিক লোকৰ সমাৱেশ ঘটে৷

শিৱসাগৰ নটৰাজ কলাক্ষেত্ৰ উদ‍্যোগত আৰু অভিভাৱক তথা শুভাকাংক্ষীৰ ৰাইজৰ সহযোগত পঞ্চদশ বৰ্ষপুতি অনুষ্ঠান ''নৃত‍্যমঞ্জৰী'' ২০১৯ বৰ্ষৰ আয়োজন কৰা হয়৷ সন্ধিয়া ৬ বজাৰপৰা, বিগত বৰ্ষৰ ২০০৪ চনৰ ২০ জুনত শিৱসাগৰত প্রতিষ্ঠা লাভ কৰা সত্ৰীয়া নৃত্যৰ এই প্ৰশিক্ষণ কেন্দ্ৰই হৈছে "নটৰাজ কলাক্ষেত্ৰ"।  নটৰাজ কলাক্ষেত্ৰৰ অধ‍্যক্ষ‍ দূর্গেশ্বৰ বৰুৱা আৰু তেখেতৰ সহধৰ্মীনি মৌচুমী হাতীমূৰীয়া বৰুৱা আৰু কেইজনমান শুভাকাংক্ষী আৰু দুগৰাকী প্ৰশিক্ষাৰ্থীৰে আৰম্ভ কৰা এই অনুষ্ঠানটিয়ে বিগত ১৫ টা বছৰ সুখ‍্যাতিৰে অতিক্ৰম কৰিবলৈ সক্ষম হৈছে।

বৰ্তমান এই কেন্দ্ৰটিত ২৫০ গৰাকীৰো অধিক শিক্ষাৰ্থীয়ে নিয়মীয়াকৈ শিক্ষা গ্ৰহণ কৰি আহিছে। 

উল্লেখযোগ‍্য যে, বৰ্তমান নটৰাজ কলাক্ষেত্ৰত মহাপুৰুষ গুৰু দুজনাৰ অপূৰ্ব সৃষ্টি-সত্ৰীয়া সংস্কৃতিৰ নৃত্য, বাদ্য আৰু গীত(সত্ৰীয়া নৃত্য, খোলবাদন, গায়ন-বায়ন, বৰগীত)ৰ প্ৰশিক্ষণৰ উপৰিও "কথক" আৰু সৃষ্টিশীল নৃত্যৰ প্ৰশিক্ষণ দি আহিছে। 

তাৰ ভিতৰত অসমৰ প্ৰথম মহিলা গায়ন-বায়ন প্ৰদৰ্শন কৰাৰ লগতে অন্যান্য অংকীয়া ভাওনা, সৃষ্টিশীল নৃত্য আদিৰ প্ৰদৰ্শন কৰি আহিছে। কেৱল ছাত্র-ছাত্ৰীৰ দ্বাৰা নটৰাজ কলাক্ষেত্ৰৰপৰা বৰ্তমানলৈ প্ৰায় ১১০ গৰাকী শিক্ষাৰ্থীয়ে 'বিষাৰদ ডিগ্ৰী' লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে ১১ গৰাকী শিক্ষাৰ্থীয়ে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰনালয়ে দ্বাৰা প্ৰতিভা বিকাশ জলপানী লাভ কৰিবলৈ সক্ষম হয়।  

ইয়াৰ উপৰিও এই অনুষ্ঠানটিৰ শিক্ষাৰ্থী সকলৰ দ্বাৰা বিভিন্ন সময়ত অসমৰ লগতে বিভিন্ন স্থানত অনুষ্ঠান পৰিৱেশন কৰি দৰ্শকৰ ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে।
    
শিৱসাগৰ নাট্য মন্দিৰত অনুষ্ঠিত হোৱা নটৰাজ কলাক্ষেত্ৰৰ পঞ্চদশ বৰ্ষপুতি উদযাপন সমিতিৰ- অৰূপ নাৰায়ণ শৰ্মাৰ সভাপতিত্বত আয়োজন কৰা অনুষ্ঠানটি উদ্ধোধন কৰে বিশিষ্ট সমাজকৰ্মী তথা অসম সত্ৰ মহাসভা প্ৰাক্তন সাংস্কৃতিক সম্পাদিকা ড০ নিৰুপমা মহন্তই, বন্তি প্ৰজ্বলন কৰে অসম সত্ৰ মহাসভা প্ৰাক্তন সভাপতি লীলা মহন্ত দেৱে।

নৃত‍্যমঞ্জৰী অনুষ্ঠানটিত ২০১৯ বৰ্ষৰ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ 'প্ৰতিভা বিকাশ জলপানী' (CCRT) প্ৰাপ্ত সাংকৃত কাশ‍্যপ শইকীয়া (খোল বাদন) আৰু অধ‍্যাপ্ৰীয়া দত্তক (সত্ৰীয়া নৃত্য) সম্বৰ্দ্ধনা আৰু অভিনন্দন জনোৱা হয়। উক্ত অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সমাজকৰ্মী নীলমণি মহন্ত দেৱকে আদিকৰি ভালেসংখ্যক গণ‍্যমান‍্য লোক তথা সাংস্কৃতিক প্ৰেমিক ৰাইজ, সকলো ৰাইজৰ পূৰ্ণ সহযোগিতাৰে অনুষ্ঠানটিৰ সফল সমাপ্তি ঘটে৷